৩৫ লাখ টকা দৰমহাৰ চাকৰি ত্যাগ, ৩ বাৰ বিফলতাৰ পাছত UPSC ত উত্তীৰ্ণ ৰবীন

৩৫ লাখ টকা দৰমহাৰ চাকৰি ত্যাগ, ৩ বাৰ বিফলতাৰ পাছত UPSC ত উত্তীৰ্ণ ৰবীন
Published on
Updated on

ডিজিটেল ডেস্কঃ মঙলবাৰে ঘোষণা হয় ইউপিএছচি পৰীক্ষাৰ ফলাফলক। এই পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছতে একাংশ পৰীক্ষাৰ্থীৰ সফলতাৰ আঁৰত থকা কাহিনী পোহৰলৈ আহিছে।  তেওঁলোকৰ মাজতে ৰবীন বঞ্চল নামৰ যুৱকজনেও বহু ত্যাগৰ ফলত সফলতা লাভ কৰে ইউপিএছচিত ।

ৰবীনে ইউপিএছচি পৰীক্ষাত ১৩৫ৰেংক লাভ কৰে।  জানিব পৰা মতে ইয়াৰ পূৰ্বে ৰবীনে ৩৫লাখ টকা দৰমহাৰ এটা চাকৰি লাভ কৰাৰ পাছত এৰি দিছিল।পঞ্জাৱৰ লেহৰাগাগাৰ নিৱাসী যুৱকজন এতিয়া অঞ্চলটোত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

ইয়াৰ পূৰ্বে তেওঁ ৩ বাৰ ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ৩ বাৰ বিফলতা লাভ কৰাৰ পাছত চতুৰ্থবাৰ তেওঁ সফলতা লাভ কৰে।

ৰবীনে আই আই টি দিল্লীৰ পৰা বিটেক উত্তীৰণ।কলেজৰ সময়ৰ পৰাই তেওঁ ইউ পি এছ চিৰ বাবে অধ্যয়ন কৰা আৰম্ভ কৰিছিল।তেওঁৰ এই সফলতাকলৈ সুখী পৰিয়াল।

৩৫ লাখ টকা দৰমহাৰ চাকৰি ত্যাগ, ৩ বাৰ বিফলতাৰ পাছত UPSC ত উত্তীৰ্ণ ৰবীন
নগাঁৱত আয়োজিত ৰাষ্ট্ৰীয় লোক আদালতত নিষ্পত্তি ৮২৯টা গোচৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in