দিল্লীৰ বিমানবন্দৰৰ চাদ খহি আহত ৪জন

যান-বাহনৰো ক্ষয়-ক্ষতি
দিল্লীৰ বিমানবন্দৰৰ চাদ খহি আহত ৪জন
Published on
Updated on

ডিজিটেল ডেস্ক : দিল্লীৰ বিমানবন্দৰত ভয়ংকৰ অঘটন সংঘটিত হৈছে। শুকুৰবাৰে অকাস্মাতে খহি পৰে বিমানবন্দৰৰ টাৰ্মিনেলৰ চাদ।

এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৪জন লোক। আহতসকলক ইতিমধ্য ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি এই ঘটনাৰ ফলত একাধিক বাহন ক্ষতিগ্ৰস্ত হয়।

ইফালে এই ঘটনাক কেন্দ্ৰ কৰি বিমানবন্দৰত থকা যাত্ৰীসকলৰ মাজত সৃষ্টি হয় আতংকময় পৰিস্থিতিৰ। ইতিমধ্যে ঘটনাস্থলীত বিমানবন্দৰ কৰ্তৃপক্ষ উপস্থিত গৈ পৰিস্থিতৰ বুজ লৈছে।

দিল্লীৰ বিমানবন্দৰৰ চাদ খহি আহত ৪জন
হাৱাইপুৰৰ ঠাকুৰবাৰী গাঁৱৰ পৰা বহু মূল্যৱান কাঠ জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in