উৎকোচ লৈ গ্ৰেপ্তাৰ বিজেপি বিধায়কৰ আমোলা পুত্ৰঃ ঘৰৰ পৰা জব্দ কোটি কোটি টকা...

উৎকোচ লৈ গ্ৰেপ্তাৰ বিজেপি বিধায়কৰ আমোলা পুত্ৰঃ ঘৰৰ পৰা জব্দ কোটি কোটি টকা...

author-image
Asomiya Pratidin
New Update
উৎকোচ লৈ গ্ৰেপ্তাৰ বিজেপি বিধায়কৰ আমোলা পুত্ৰঃ ঘৰৰ পৰা জব্দ কোটি কোটি টকা...

উৎকোচ লৈ গ্ৰেপ্তাৰ বিজেপি বিধায়কৰ আমোলা পুত্ৰঃ ঘৰৰ পৰা জব্দ কোটি কোটি টকা...

ডিজিটেল ডেস্কঃ এইবাৰ উৎকোচ গ্ৰহণ কৰি গ্ৰেপ্তাৰ হ'ল বিজেপি বিধায়কৰ আমোলা পুত্ৰ। বিধায়কৰ ঘৰৰ পৰা জব্দ কোটি কোটি টকা। বৃহস্পতিবাৰে উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল কৰ্ণাটকৰ বিজেপি বিধায়কৰ আমোলা পুত্ৰ প্ৰশান্ত মাদল।

প্ৰশান্ত বিজেপি বিধায়ক মাদাল বীৰুপাক্ষপ্পাৰ পুত্ৰ। লোকায়ুক্তৰ দুৰ্নীতি বিৰোধী শাখাই প্ৰশান্ত মাদালৰ ঘৰত অভিযান চলাই নগদ ৬ কোটি ধন জব্দ কৰিবলৈ সক্ষম হৈছে।

মাদাল বীৰুপাক্ষপ্পা বিধায়ক হোৱাৰ উপৰিও ৰাজ্যিক মালিকানাধীন কৰ্ণাটক চাবোন এণ্ড ডিটাৰ্জেণ্টছ লিমিটেডৰ অধ্যক্ষ। আনহাতে তেওঁৰ পুত্ৰ প্ৰশান্ত মাদাল বেংগালুৰু পানী যোগান আৰু প্ৰণালী ব'ৰ্ডৰ মুখ্য একাউণ্টেণ্ট।

বৃহস্পতিবাৰে লোকায়ুক্ত দুৰ্নীতি বিৰোধী শাখাৰ বিষয়াসকলে বিজেপি বিধায়ক এম বিৰুপাক্ষপ্পাৰ পুত্ৰক ৪০ লাখ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ অৱস্থাতে গ্ৰেপ্তাৰ কৰে। সূত্ৰত প্ৰকাশিত বাতৰি অনুসৰি, প্ৰশান্ত কুমাৰক তেওঁৰ দেউতাকৰ বেংগালুৰু কাৰ্যালয়, কৰ্ণাটক চাবোন এণ্ড ডিটাৰ্জেণ্ট লিমিটেডৰ (কেএছডিএল) পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াতেই তেওঁ উৎকোচ গ্ৰহণ কৰিছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, প্ৰশান্তে উৎকোচ হিচাপে ৮০ লাখ টকা দাবী কৰিছিল। প্ৰশান্তৰ পৰা তিনি মোনা নগদ ধন উদ্ধাৰ কৰা হৈছে। তেওঁ চাবোন আৰু অন্যান্য ডিটাৰ্জেন তৈয়াৰ কৰাৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী ক্ৰয় কৰাৰ চুক্তিৰ বিনিময়ত ঠিকাদাৰৰ পৰা উৎকোট গ্ৰহণ কৰাৰ সময়ত ধৰা পৰিছে। তেওঁ ২০০৮ বৰ্ষৰ কৰ্ণাটক প্ৰশাসনিক সেৱাৰ এজন বিষয়া।

Also Read: অসুস্থ বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীঃ হাস্পতাল কৰ্তৃপক্ষই স্বাস্থ্যৰ সন্দৰ্ভত ক'লে এইদৰে...

কৰ্ণাটক বিজেপি বিধায়ক