বলপূৰ্বক জনসংখ্যা নিয়ন্ত্ৰণৰ পৰিণাম অতি বিপদজনক হ’ব পাৰে: এছ জয় শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে দেওবাৰে কয় যে শিক্ষা, সামাজিক সজাগতা আৰু সমৃদ্ধিৰ বাবে ভাৰতৰ জনসংখ্যা হ্ৰাস পাইছে। গুজৰাটত এক অনুষ্ঠানত তেওঁ তেওঁৰ কিতাপ ‘দ্য ইণ্ডিয়া ৱে: ষ্ট্ৰেটেজিছ ফৰ এ ডিচেণ্টেবল ৱৰ্ল্ড’ ৰ গুজৰাটী অনুবাদ মুকলি কৰে।

author-image
Asomiya Pratidin
New Update
দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়ালৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ...

ডিজিটেল ডেস্ক: বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে দেওবাৰে কয় যে শিক্ষা, সামাজিক সজাগতা আৰু সমৃদ্ধিৰ বাবে ভাৰতৰ জনসংখ্যা হ্ৰাস পাইছে। গুজৰাটত এক অনুষ্ঠানত তেওঁ তেওঁৰ কিতাপ ‘দ্য ইণ্ডিয়া ৱে: ষ্ট্ৰেটেজিছ ফৰ এ ডিচেণ্টেবল ৱৰ্ল্ড’ ৰ গুজৰাটী অনুবাদ মুকলি কৰে। এই অনুষ্ঠানত তেওঁ ভাৰতৰ জনসংখ্যা সন্দৰ্ভত আলোচনা কৰি কয়, “ভাৰতীয় জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হ্ৰাস পাইছে। ইয়াৰ কাৰণ হৈছে শিক্ষা, সামাজিক সজাগতা আৰু সমৃদ্ধি। সময়ৰ লগে লগে পৰিয়ালটোৰ আকাৰ সৰু হৈ পৰিছে।”

তেওঁ কয় যে “বলপূৰ্বক জনসংখ্যা নিয়ন্ত্ৰণৰ পৰিণাম অতি বিপদজনক হ’ব পাৰে, ই লিংগ ভাৰসাম্যহীনতা সৃষ্টি কৰিব পাৰে । স্বাধীনতাৰ পাছত ভাৰতবৰ্ষৰ জনসংখ্যাত বহু পৰিৱৰ্তন হৈছে।

ডব্লিউপিপি 2022-ত অনুমান কৰা হৈছে যে ভাৰতে ২০২৩ চনৰ ভিতৰত চীনক অতিক্ৰম কৰি ১৪০ কোটি জনসংখ্যাৰ সৈতে আটাইতকৈ জনবহুল দেশ হিচাপে পৰিগণিত হ’ব। ভাৰতত বৰ্তমান বিশ্বৰ জনসংখ্যাৰ ১৭.৫ শতাংশ আছে। ২০৩০ চনৰ ভিতৰত ভাৰত ১৫০ কোটি আৰু ২০৫০ চনৰ ভিতৰত ১৬৬ কোটি ত উপনীত হ’ব বুলি অনুমান কৰা হৈছে।



s jaysankar