ডিজিটেল ডেস্ক: ভাৰতীয় সভ্যতা-সংস্কৃতিক নাৰীক দেৱী জ্ঞান কৰা হয়। নাৰীৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰি আহিছে বিভিন্ন গঠনমূলক আঁচনি। কন্যা সন্তানৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ মূল মন্ত্ৰ 'বেটী বচাওঁক-বেটী পঢ়াওঁক।'
তেনে এক পৰিৱেশে বিৰাজ কৰা মূলুকতে সংঘটিত হৈছে অনৈতিক কাণ্ড। কন্যা সন্তান হোৱা হেতুকে মাতৃয়ে বিক্ৰী কৰিলে প্ৰায় ৮ মহীয়া কেচুঁৱাক।
এই ঘটনা সংঘটিত হৈছে উৰিষ্যাৰ ময়ূৰভঞ্জ জিলাত। জানিব পৰা অনুসৰি, উক্ত জনজাতীয় মহিলাগৰাকীৰ প্ৰথম সন্তানটি হৈছে কন্যা সন্তান। ইয়াৰ পিচতে দ্বিতীয় বাৰৰ বাবে গৰ্ভধাৰণ কৰা প্ৰসূতীগৰাকীয়ে ৮ মাহ পূৰ্বে এখন হাস্পতালত জন্ম দিছিল পুনৰ এটি কন্য়া সন্তান।
দুটি কন্যা সন্তান হোৱা হেতু সুখী নহয় মহিলাগৰাকী। সেয়ে দ্বিতীয় তথা ৮মহীয়া কন্যা শিশুটিক তেওঁৰ স্বামীৰ অনুপস্থিতিত আন লোকৰ ওচৰত বিক্ৰী কৰি দিয়ে। জানিব পৰা মতে ৮০০ টকাতে তেওঁ ওচৰৰে দম্পতীৰ ওচৰত শিশুটিক বিক্ৰী কৰি দিয়ে।
উল্লেখ্য যে এই অনৈতিক কাণ্ড সংঘটিত কৰা মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে থাকে তামিলনাডুত। সেয়ে মহিলাগৰাকীয়ে স্বামীৰ অনুপস্থিতিতে সংঘটিত কৰে এনে কাণ্ড।