লোকসভাত ভাষিক বৈচিত্ৰতাঃ হিন্দী, সংস্কৃত, বাংলা, অসমীয়াকে ধৰি ভিন্ন ভাষাত সাংসদে ল'লে শপত...

লোকসভাত ভাষিক বৈচিত্ৰতাঃ হিন্দী, সংস্কৃত, বাংলা, অসমীয়াকে ধৰি ভিন্ন ভাষাত সাংসদে ল'লে শপত...
লোকসভাত ভাষিক বৈচিত্ৰতাঃ হিন্দী, সংস্কৃত, বাংলা, অসমীয়াকে ধৰি ভিন্ন ভাষাত সাংসদে ল'লে শপত...
Published on
Updated on

ডিজিটেল ডেস্কঃ অষ্টাদশ লোকসভাৰ আজিৰে পৰা আৰম্ভ হৈছে প্ৰথমখন বিশেষ অধিৱেশন। অধিৱেশনৰ প্ৰথমটো দিনতে সংসদলৈ নিৰ্বাচিত হৈ অহা সাংসদসকলে শপতগ্ৰহণ কৰে। এই শপতগ্ৰহণ অনুষ্ঠানতে পৰিলক্ষিত হ'ল ভাষিক বৈচিত্ৰতা।

দেশৰ ভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা নিৰ্বাচিত হৈ অহা এই সাংসদসকলৰ প্ৰত্যকৰে ভাষা, সংস্কৃতিৰ মাজত আছে বৈচিত্ৰতা। ভাৰতৰ ৰাজ্যভেদে এই ভাষিক, সাংস্কৃতিক, ভৌগলিক বৈচিত্ৰতাই যিদৰে দেশখনক বৈচিত্ৰময় কৰি তুলিছে সেইদৰেই সংসদলৈও এই অঞ্চলসমূহৰ পৰা নিৰ্বাচিত হৈ অহা প্ৰতিনিধিসকলে শপতগ্ৰহণৰ সময়ত দাঙি ধৰিলে সেই বৈচিত্ৰময় ভাৰতৰে চানেকি।

কোনোবাই যদি হিন্দীতে শপতগ্ৰহণ কৰিলে আন কোনোবাই আকৌ সংস্কৃতত গ্ৰহণ কৰিলে শপত। আঞ্চলিক ভাষাসমূহতো শপতগ্ৰহণ কৰিলে বহুজনে। সংসদত দেখা গ'ল ডোগ্ৰী, বাংলা, অসমীয়া, উড়িয়া আদি ভাষাতো সাংসদসকলে শপতগ্ৰহণ কৰা। বাদ পৰি নৰ'ল ইংৰাজীও।

লোকসভাত সাংসদ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমে 'জয় শ্ৰী ৰাম' ধ্বনিৰ মাজতে হিন্দীত শপতগ্ৰহণ কৰে। ইয়াৰোপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, পথ পৰিবহ মন্ত্ৰী নীতিন গাডকাৰী, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অন্নপূৰ্ণা দেৱী, টেলিকম মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু চহৰ উন্নয়ন মন্ত্ৰী মনোহৰ লাল খট্টৰেও হিন্দীতেই শপতগ্ৰহণ কৰে।

তাৰ মাজতে নীট কেলেংকাৰীৰে ফলত সমালোচনাৰ সন্মুখীন হৈ থকা কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শপত ল'বলৈ আহে। উৰিষ্যাৰ সম্বলপুৰৰ পৰা নিৰ্বাচিত হৈ অহা ধৰ্মেন্দ্ৰ প্ৰধানে বিৰোধী সাংসদৰ 'নীট-নীট' শ্লোগানৰ মাজতে উড়িয়া ভাষাতেই শপতগ্ৰহণ কৰে। কেৰালাৰ পৰা একমাত্ৰ বিজেপি সাংসদ হিচাপে নিৰ্বাচিত হোৱা তথা পৰ্যটন আৰু পেট্ৰলিয়াম বিভাগৰ ৰাজ্যমন্ত্ৰী সুৰেশ গোপীয়ে মালায়ালম ভাষাত গ্ৰহণ কৰে শপত।  

সেইদৰেই ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ যোৱা সাংসদ তথা কেন্দ্ৰীয় জল পৰিবহণ আৰু বন্দৰ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমীয়া ভাষাত গ্ৰহণ কৰে শপত। বিদ্যুত আৰু নৱীকৰণযোগ্য শক্তিৰ ৰাজ্যমন্ত্ৰী শ্ৰীপদ নায়কে সংস্কৃত ভাষাত লয় শপত।

আন এগৰাকী ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰে বঙালী ভাষাত পাঠ কৰে শপতবাক্য। একেদৰেই সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মুৰলিধৰ মোহোলে মাৰাঠী ভাষাত, জম্মু-কাশ্মীৰৰ উধমপুৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে ডোগ্ৰী ভাষাত, কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডুয়ে তেলুগু ভাষাত,  কেন্দ্ৰীয় মন্ত্ৰী এইচ ডি কুমাৰস্বামী আৰু প্ৰহ্লাদ যোশীয়ে কানাড়া ভাষাত,  কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে তেলেগু ভাষাত সাংসদ হিচাপে গ্ৰহণ কৰে শপত ।

লোকসভাত ভাষিক বৈচিত্ৰতাঃ হিন্দী, সংস্কৃত, বাংলা, অসমীয়াকে ধৰি ভিন্ন ভাষাত সাংসদে ল'লে শপত...
ৰে'ল দুৰ্ঘটনা, সন্ত্ৰাসবাদী আক্ৰমণ, মূল্যবৃদ্ধিত জুৰুলা দেশত চৰকাৰ ৰক্ষাত ব্যস্ত প্ৰধানমন্ত্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in