ডিজিটেল ডেস্কঃ এনচিপিৰ অধ্যক্ষ শাৰদ পাৱাৰ আৰু মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰে শনিবাৰে পুনেত এজন ব্যৱসায়ীৰ বাসগৃহত সাক্ষাৎ কৰে। যাৰ ফলত মহাৰাষ্ট্ৰত ৰাজনৈতিক আলোড়নৰ সৃষ্টি হয়। এনচিপি নেতা অমল মিটকাৰীয়ে কয়, এয়া দুয়োজন নেতাৰ মাজত পাৰিবাৰিক বৈঠক হ'ব পাৰে।
পাৱাৰে দুপৰীয়া প্ৰায় ১ মান বজাত কোৰেগাঁও পাৰ্ক অঞ্চলত ব্যৱসায়ীজনৰ বাসগৃহত উপস্থিত হোৱা দেখা গৈছিল। সন্ধিয়া প্ৰায় ৫বজাত তেওঁ লোজনৰ ঘৰৰ পৰা গৈছিল।প্ৰায় দুঘণ্টাৰ পিছত শৰদ পাৱাৰৰ ভতিজা অজিত পাৱাৰে সেই ঘৰৰ পৰা ওলাই গৈছিল।
এনচিপিৰ মহাৰাষ্ট্ৰ গোটৰ সভাপতি (পাৱাৰ গোট) জয়ন্ত পাটিলেও বৈঠকত উপস্থিত আছিল বুলি একাংশই কৈছে। শাৰদ পাৱাৰ আৰু অজিত পাৱাৰ শনিবাৰে পুনেত পৃথক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছিল।
যোৱা মাহত মহাৰাষ্ট্ৰত অজিত পাৱাৰে শাৰদ পাৱাৰৰ সংগ এৰি শিৱসেনা-বিজেপি চৰকাৰত উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। অজিতক সমৰ্থন কৰা এনচিপিৰ ৮জন বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।
অৱশ্যে শনিবাৰৰ বৈঠকত কি আলোচনা কৰে দুয়োগৰাকী নেতাই এতিয়ালৈকে জানিব পৰা হোৱা নাই। এয়া সাধাৰণ বৈঠক নে মহাৰাষ্ট্ৰৰ ৰাজনীতি পুনৰ সলনি হোৱাৰ ইংগিত সেয়াহে চিন্তনীয়।
Also Read: ৰে’লৰ খুন্দাত নিহত এজন চাইকেল আৰোহী