পতঞ্জলিৰ বিজ্ঞাপন শীঘ্ৰেই সকলো মাধ্যমৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
পতঞ্জলিৰ বিজ্ঞাপন শীঘ্ৰেই সকলো মাধ্যমৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

পতঞ্জলিৰ বিজ্ঞাপন শীঘ্ৰেই সকলো মাধ্যমৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

মুঠ ১৪ টা বিজ্ঞাপনক লৈ মঙ্গলবাৰে এই নিৰ্দেশ দিলে ন্যায়ালয়ে
Published on

ডিজিটেল ডেস্কঃ পতঞ্জলিৰ বিভ্ৰান্তিকৰ আৰু অসত্য বিজ্ঞাপনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। মঙ্গলবাৰে দেশৰ শীৰ্ষ ন্যায়ালয়ে অনতিপলমে পতঞ্জলিৰ মুঠ ১৪ টা বিজ্ঞাপন ডিজিটেল সংবাদ মাধ্যম, সামাজিক মাধ্যমসহ সকলোধৰণৰ মাধ্যমৰ পৰা আঁতৰাই দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে।

যোৱা এপ্ৰিল মাহত উত্তৰাখণ্ডৰ চৰকাৰৰ অনুজ্ঞাপত্ৰ বিভাগক এই ১৪ টা সামগ্ৰীৰ উৎপাদন বন্ধ কৰাৰো নিৰ্দেশ প্ৰদান কৰিছিল। ন্যায়াধীশ হিমা কোহলি আৰু সন্দিপ মেহতাৰ বিচাৰপীঠে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন চমুকৈ আই এম এক এই বিষয়টোৰ চোৱাচিতা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।  

উল্লেখ্য যে, পতঞ্জলিৰ বিৰুদ্ধে প্ৰতাৰণামূলক আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বিৰুদ্ধে গোচৰ তৰিছিল আই এম এয়ে। এই গোচৰৰ শুনানিতে মঙ্গলবাৰে পতঞ্জলিৰ আইনজীৱি মুকুল ৰোহতগিয়ে জনাইছে যে, ইতিমধ্যে ডিজিটেল মাধ্যমসমূহৰ পৰা বিজ্ঞাপনসমূহ আঁতৰাই দিয়া হৈছে।

২০২৪ ৰ নৱেম্বৰ মাহত পতঞ্জলিক বিভিন্ন ৰোগৰ প্ৰতিকাৰ হিচাপে তেওঁলোকৰ ঔষধ সম্পৰ্কে চলোৱা বিভ্ৰান্তিকৰ আৰু অসত্য বিজ্ঞাপন প্ৰচাৰ কৰাক লৈ সতৰ্ক কৰি দিছিল উচ্চতম ন্যায়ালয়ে। সেই গোচৰতে চলিত মাহৰ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰকো নিন্দা কৰিছে উচ্চতম ন্যায়ালয়ে।

শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কয়, চৰকাৰে চকু বন্ধ কৰি বহি আছে। এয়া খুবেই দুৰ্ভাগ্যজনক। চৰকাৰে শীঘ্ৰেই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

মন কৰিবলগীয়া যে, কোভিড মহামাৰীৰৰ সময়তে সৰ্বসাধাৰণক কোভিডৰ পৰা ৰক্ষা কৰিব পৰাকৈ ২০২০ চনৰ ২৩ জুনত কৰোলিন নামেৰে এক ঔষধ প্ৰস্তুত কৰিছিল পতঞ্জলিয়ে। ইয়াৰোপৰি ৰামদেৱৰ এই সংস্থাটোৱে তৈয়াৰ কৰিছিল 'স্বৰী বটি' নামৰ দুই প্ৰকাৰৰ টেবলেট, ২০ মিলিলিটাৰৰ 'অনু অইল'।

এইসকলো মিলাই এটা কিটৰ মূল্য ৰখা হৈছিল ৫৪৫ টকা। অৱশ্যে কোনোৱে বিচাৰিলে টেবলেট আৰু তেল পৃথকে ক্ৰয় কৰিব পাৰে। ২০২০ ৰ ২৩ জুনৰ পৰা ১৮ অক্টোবৰলৈ পতঞ্জলিয়ে মুঠ ২৩.৫৪ লাখ কৰোনিল বিক্ৰী কৰিছে বুলি এক বিজ্ঞাপনত প্ৰকাশ কৰিছে।

এই বিজ্ঞাপনৰ বিৰুদ্ধে আই এম এয়ে আপত্তি দৰ্শাই ন্যায়ালয়ৰ কাষ চাপিছিল। আই এম এয়ে ৰামদেৱৰ প্ৰতিষ্ঠানৰ কেইবাটাও এনে বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ সন্দৰ্ভত আপত্তি দৰ্শাইছিল। তেওঁলোকৰ দাবী আছিল পতঞ্জলিৰ এই বিজ্ঞাপনে এলোপেথিক চিকিৎসা আৰু চিকিৎসকসকলক অসন্মান কৰিছে।

এনে বিজ্ঞাপনৰ জৰিয়তে সাধাৰণ ৰাইজক বিপথে পৰিচালিত কৰাৰো অভিযোগ উত্থাপিত হৈছিল। পতঞ্জলিয়ে কোভিডৰ পৰা মানুহক সুস্থ কৰাৰ নামত কৰোলিন বিক্ৰী কৰি ২৫০ কোটিৰো অধিক টকা উপাৰ্জন কৰিছিল। আই এম এৰ এই গোচৰৰ শুনানি গ্ৰহণ কৰিয়েই ন্যায়ালয়ে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

পতঞ্জলিৰ বিজ্ঞাপন শীঘ্ৰেই সকলো মাধ্যমৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
টকা থাকিলেই নহ'ব, নিৰামিষভোজী হ'লেহে ফ্লেট কিনিব পাৰিব !
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in