ডিজিটেল ডেস্কঃ যদি অভিযোগ সত্য হয় তেন্তে দেশত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। শাসকীয় বিজেপিয়ে সংবিধানৰ পৰা আঁতৰালে সমাজবাদ আৰু ধৰ্মনিৰপেক্ষ শব্দ। নতুন সংসদ ভৱনত সাংসদসকল প্ৰৱেশৰ পাছতে পোহৰলৈ আহিছে এই কথা।
কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে উত্থাপন কৰিছে এক ভয়ংকৰ অভিযোগ। শাসকীয় বিজেপিয়ে সংবিধানৰ পৰা আঁতৰালে সমাজবাদ আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা !
অধীৰ ৰঞ্জন চৌধুৰীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি নতুন সংসদ ভৱন উদ্বোধনৰ প্ৰাকমুহূৰ্তত কেন্দ্ৰই সাংসদসকলক ভাৰতীয় সংবিধানৰ যি প্ৰতিলিপি প্ৰদান কৰিছিল, সেই প্ৰতিলিপিত সমাজবাদ আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা নাই। কংগ্ৰেছ নেতাগৰাকীয়ে ১৯ ছেপ্টেম্বৰত কয়, সংবিধানৰ নতুন প্ৰতিলিপি আমাক দিয়া হৈছিল। সেই প্ৰতিলিপি হাতত লৈ আমি নতুন সংসদ ভৱনত প্ৰৱেশ কৰিছিলো। সংবিধানৰ সেই প্ৰতিলিপিৰ প্ৰস্তাৱনাত সমাজবাদ, ধৰ্মনিৰপেক্ষ শব্দ নাছিল।
তেওঁ কয়, আমি জানো এই দুই শব্দ ১৯৭৬ ত সংবিধান সংশোধনৰ জৰিয়তে প্ৰস্তাৱনাত সংযোজিত কৰা হৈছিল। কিন্তু আজি যদি কোনোবাই আমাক সংবিধানৰ প্ৰতিলিপি দিয়ে আৰু তাত এই দুই শব্দ নাথাকে তেন্তে এয়া চিন্তাৰ বিষয়।
ইয়াৰোপৰি তেওঁ কয়, এয়া অতি কৌশলগত ভাৱে কৰা হৈছে। মই এই বিষয়টো উত্থাপনৰ চেষ্টা কৰিছিলো, কিন্তু মই ক'বলৈ সুযোগ নাপালো। তেওঁ আকৌ কয়, ভাৰতীয় সংবিধান আমাৰ কাৰণে গীতা, কুৰান আৰু বাইবেলতকৈ কোনো গুণে কম নহয়।
#WATCH | Delhi: BJP MP Sushil Modi says, "...It was not said that this is the amended copy. This was the original copy when the Constitution was accepted. It did not have the words 'socialist secular' in it...Does the socialist word have any relevance now?... This is an… pic.twitter.com/34tQV4KE0T
— ANI (@ANI) September 20, 2023
ইফালে অধীৰ ৰঞ্জন চৌধুৰীৰ এই অভিযোগৰ প্ৰত্যুত্তৰ দিছে বিজেপি সাংসদ সুশীল মোডীয়ে। তেওঁ কয়, এয়া ভাৰতীয় সংবিধানৰ মূল প্ৰতিলিপি।এই প্ৰতিলিপিত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা নাই।
পুঁজিবাদৰ পৃষ্ঠপোষক বিজেপিৰ এইগৰাকী সাংসদে প্ৰশ্ন কৰি কয় আজিৰ তাৰিখত সমাজবাদৰ কিবা প্ৰাসংগিকতা আছেনেকি? এয়া অপ্ৰাসংগিক বিতৰ্ক।
Also Read: এচিয়া কাপৰ বিপৰ্যয়ৰ পাছতে সুখৰ খবৰ ! পুনৰ নিকাহত বহিল শ্বাহিন শ্বাহ আফ্ৰিদি...