ডিজিটেল ডেস্কঃ শনিবাৰৰ পৰা দিল্লীস্থিত অশোক হোটেলত অনুষ্ঠিত হৈছে সাদিন-প্ৰতিদিন গোষ্ঠীৰ কনক্লেভ-২০২৩। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে উদ্বোধন কৰা এই অনুষ্ঠানত উত্তৰ-পূৱৰ ৰাজনীতি, অৰ্থনীতি, সমাজ,সংস্কৃতিৰ উপৰিও জলবায়ু ,গোলকীয় উষ্ণতা আদিৰ ওপৰতো আলোচনা হ'ব।
প্ৰথম দিনটোৰ তৃতীয়টো আলোচনা চক্ৰত অতিথি হিচাপে উপস্থিত থাকে কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত, অভিনেত্ৰী সীমা বিশ্বাস, ছবি পৰিচালক তথা নিৰ্দেশক জাহ্নু বৰুৱা।
এই অনুষ্ঠানটোৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই। সাংবাদিক গৰাকীয়ে অভিনেত্ৰী সীমা বিশ্বাসক প্ৰশ্ন কৰে যে- আপুনি আপোনাৰ ভাষাক লৈ বা বিভিন্ন ক্ষেত্ৰত কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল নেকি?
প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, মই মনৰ পৰা নলবৰীয়া। যেতিয়াই নলবাৰীৰ মানুহ লগ পাওঁ কব নোৱাৰা হৈ যাঁও। ভাষাই মোক কিছু সমস্যা দিছে যদিও মই কামৰ জৰিয়তে উত্তৰ দিও। ধমধমাৰ এনে ঠাইত স্কুল আছিল যাঁও যত বেৰ নাছিল। ছেং নৈ পাৰত টয়লেট কৰিবলৈ যাওঁ। যেতিয়া মই অস্কাৰৰ বাবে গৈছিলো সেই ধাননি পথাৰ মনত পৰিছিল।
আমাৰ পৰিয়ালটো সংস্কৃতিৰ লগত জড়িত আছিল। মা-দেউতাই কৈছে পঢ়া শুনাও কৰিবা, নাছ-গানো কৰিবা। কিন্তু কেতিয়াও কোৱা নাই চাকৰি কৰিব লাগিব, ঘৰ চলাব লাগিব। যেতিয়া নাটক কৰিবলৈ প্ৰথম সুযোগ পাইছো। ১২ ঘন্টা প্ৰেক্টিছ কৰিছিলো।ভাষা আছিল নলবৰীয়া।
এনএছডিৰ বাবে এপ্লাই কৰোতে বহুতে কৈছিল তাই কথা ক'বই নাজানে। ইন্টাৰভিউ কেনেকৈ দিব। পাছত এনএছডিলৈ গলো। এনএছডি, দিল্লীত সকলো হিন্দীভাষী। মই অসমীয়া, বেংগলী একো নাজানো কেৱল কাম কৰিব জানো। মই এবাৰ সকলোৰে আগত 'প্ৰশ্ন' শব্দতো হিন্দীত কব চেষ্টা কৰিছিলো। ভালকে হিন্দী ক'বলৈ চেষ্ট কৰিছিলো যদিও সকলো হাঁহিছিল। পিছত গ'ম পাল মই বেছিয়েই হিন্দীত যোৰ দিছিলো। ।
এদিন সমনীয়া এজনে আহি মোক কৈছিল, এখন ছবিত মাতৃৰ চৰিত্ৰ লাভ কৰিছিলো। মোক শুভেচ্ছে দিছিল। কিন্তু কিয় দিছিল। মই বিচাৰিছিলো পত্নীৰ চৰিত্ৰ। তেতিয়াই নন ৰোমান্টিক এজনৰ লগত হিন্দী কোৱা প্ৰেক্টিচ কৰিছিলো। পুৱা ৪ বজাত উঠি হিন্দী ভাষা কোৱাৰ প্ৰয়াস কৰি গৈছিলো। পিছত বুজিলো কেৱল ভাষাৰ ওপৰচত ফাইট কৰি আছো। চৰিত্ৰৰ আত্ম ক'ত? মই বুজি পালো ভাষা বাধা হ'ব নোৱাৰে। যদি মোৰ আত্মাই ৰাইজৰ লগত সংযোগ হ'ব পাৰে তেতিয়া বুজিব ৰাইজে। আত্মা নহ'লে ভাষা শুদ্ধকৈ ক'লেও একো নহ'ব।
জাহ্নু বৰুৱাৰ ছবিত অভিনয় কৰাৰ কথা উল্লেখ কৰি কয় যে, বহুতে জাহ্নু দাৰ কথা কৈছিল। মই ফোন কৰি কথা পাতিব বিচাৰিছিলো। কিন্তু মোৰ ভয়ত অৱস্থা নোহোৱা হৈ গৈছিল।
পাছত মোৰ সপোন সাৰ্থক হ'ল। জাহ্নু দাৰ লগত কাম কৰিলো। শেহতীয়াকৈ ভঙা খিৰিকীত কাম কৰোতে শিৱসাগৰৰ মানুহৰ দৰে কথা কব লাগিছিল। মই হলো নলবৰীয়া। জাহ্নু দাই কৈছিল শিৱসাগৰৰ মানুহে 'ৰ' বেলেগকে কয়। মই গাঁৱলৈ ওলাই গৈ গৈ শিকিছিলো শিৱসাগৰৰ মানুহৰ দৰে কথা কোৱা।
Also Read: কিয় হাৰমণিয়াম ঠেলি জাহ্নু বৰুৱাক ঘৰৰ পৰা খেদি দিছিল ভূপেন হাজৰিকাই...