এফালে দুৰ্গা পূজাৰ আনন্দ মেলা আনফালে চিকিৎসকৰ আমৰণ অনশন...

১০০ ঘণ্টা অতিক্ৰম কৰিলে কনিষ্ঠ চিকিৎসকৰ আমৰণ অনশনে
এফালে দুৰ্গা পূজাৰ আনন্দ মেলা আনফালে চিকিৎসকৰ আমৰণ অনশন...
এফালে দুৰ্গা পূজাৰ আনন্দ মেলা আনফালে চিকিৎসকৰ আমৰণ অনশন...
Published on
Updated on

ডিজিটেল ডেস্কঃ দুৰ্গা পূজাৰ আনন্দক একাষৰীয়া কৰি আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত যুৱতী চিকিৎসকক যৌন নিৰ্যাতন আৰু হত্যা কৰাৰ ঘটনাৰ সুবিচাৰ, চিকিৎসকৰ নিৰাপত্তাসহ একাধিক দাবীৰে শুকুৰবাৰৰ নিশাৰে পৰা আমৰণ অনশনত বহিছে জুনিয়ৰ চিকিৎসকৰ এটা দল। সাত জনীয়া এই চিকিৎসকৰ দলটোৱে ৫ অক্টোবৰৰ নিশাৰে পৰা আৰম্ভ কৰা আমৰন অনশনে ১০০ ঘণ্টা অতিক্ৰম কৰিলে।

এই সময়ত পানীৰ বাহীৰে কোনো খাদ্য গ্ৰহণ নকৰাৰ ফলত লাহে লাহে দুৰ্বল হৈ আহিছে প্ৰতিবাদকাৰী চিকিৎক কেইজন। ইয়াৰে কেইবাজনেও ইতিমধ্যে প্ৰতিবাদস্থলীতে অসুস্থ হৈ মূৰ পেলাই শুই পৰিছে যদিও দুজনমানে এতিয়াও মূৰ তুলি বহি আছে।

অৱশ্যে কোন সময়ত তেওঁলোকো অসুস্থ হৈ পৰে তাৰ কোনো নিশ্চয়তা নাই। এই জুনিয়ৰ চিকিৎসকসকলৰ প্ৰতিবাদলৈ সমৰ্থন জনাইছে পশ্চিমবংগৰ জ্যেষ্ঠ চিকিৎসকসকলেও।

জ্যেষ্ঠ চিকিৎসকসকলেও তেওঁলোকৰ প্ৰতিবাদলৈ সমৰ্থন জনাই ৰাজহুৱাকৈ কৰ্তব্যৰ পৰা অব্যাহতি লৈ প্ৰতিবাদত চামিল হৈছে। যি সাতগৰাকী জুনিয়ৰ চিকিৎসকে প্ৰতিবাদত লিপ্ত হৈছে তেওঁলোকক সমৰ্থন জনাই দিন, নিশাই তেওঁলোকৰ কাষত সাহস থিয় দিছে অন্যান্য সতীৰ্থ তথা জ্যেষ্ঠ চিকিৎসকে।

প্ৰতিবাদকাৰী চিকিৎসকসকলে জনোৱা মতে যেতিয়ালৈকে চৰকাৰী পক্ষৰ ফালৰ পৰা সহাৰি লাভ নকৰে, চৰকাৰৰ শুভ বুদ্ধি উদয় নহয় তেতিয়ালৈকে তেতিয়ালৈকে তেওঁলোকে আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰিব। এই সময়ত তেওঁলোকে পানীৰ বাহিৰে কোনো খাদ্য সেৱন নকৰে।

তেওঁলোকৰ লগত প্ৰতীকি অনশনত বহা চিকিৎসকসকলেও দিনটো কোনো খাদ্য গ্ৰহণ নকৰাকৈ আছে। ধৰ্মতলাৰ প্ৰতিবাদস্থলীলৈ আগমণ ঘটিছে স্থানীয় ৰাইজৰো। তেওঁলোকেও আহি এই প্ৰতিবাদক সমৰ্থন দিছে। অনশনত বহা চিকিৎসক কেইগৰাকীৰ সতীৰ্থই জনোৱা মতে ইতিমধ্যে তেওঁলোকৰ দেহৰ ওজন বহু হ্ৰাস পাইছে।

প্ৰতিবাদস্থলীতে সকলো ধৰণৰ চিকিৎসা প্ৰদানৰ বাবেও তেওঁলোক সাজু হৈ আছে। আছে চি পি আৰৰ ব্যৱস্থাও। মাজে মধ্যে প্ৰতিবাদকাৰীৰ দেহৰ বিভিন্ন অংশ বিষাবলৈ আৰম্ভ কৰিছে।

সতীৰ্থই আহি তেওঁলোকক মালিচ কৰি দিছে। প্ৰয়োজন অনুসৰি ঔষধো দিয়া হৈছে। শৌচালয়লৈ তেওঁলোকক সতীৰ্থই ধৰি ধৰি লৈ গৈছে। স্নান কৰাৰ পৰা আৰম্ভ কৰি অন্যান্য কামতো সহযোগ কৰি দিছে। তাৰ মাজতেই অৱশ্যে বাৰে বাৰে পশ্চিমবংগৰ আৰক্ষী প্ৰতিবাদস্থলীত উপস্থিত হৈছেগৈ আৰু তেওঁলোকক সেই স্থান খালী কৰিবলৈ অনুৰোধ কৰিছে।

প্ৰতিবাদত অংশগ্ৰহণ কৰা এই সাত চিকিৎসক ক্ৰমে এছ এছ কে এমৰ পি ডি টি প্ৰথম বৰ্ষৰ ছাত্ৰ অৰ্ণৱ মুখোপাধ্যায়, কলকাতা মেডিকেল কলেজৰ পি ডি টিৰ প্ৰথম বৰ্ষৰ ছাত্ৰ অনুষ্টুপ মুখোপাধ্যায়, ই এন টি ছিনিয়েৰ ৰেছিডেণ্ট তনয়া পাজা, ছিনিয়ৰ ৰেছিডেণ্ট স্নিগ্ধা হাজৰা, এন আৰ এছ মেডিকেল কলেজৰ পি জি টি প্ৰথম বৰ্ষৰ ছাত্ৰ পুলস্ত্য আচাৰ্য, কে পি চি মেডিকেল কলেজৰ পি জি টি তৃীতয় বৰ্ষৰ ছাত্ৰী ছায়ান্তনী ঘোষ হাজৰা আৰু আৰ জি কৰ মেডিকেল কলেজৰ পি জি টি তৃতীয় বৰ্ষৰ ছাত্ৰ অনিকেত মাহাত্ব।  

এফালে দুৰ্গা পূজাৰ আনন্দ মেলা আনফালে চিকিৎসকৰ আমৰণ অনশন...
ৰতন টাটাৰ বিয়োগত আপ অসমৰ শোক প্ৰকাশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in