বাবা সিদ্ধনাথ মন্দিৰত পদপিষ্ট হৈ ৭ জনকৈ ভক্তৰ মৃত্যুঃ আহত ৩০ জনৰো অধিক...

বিহাৰৰ জেহানাবাদ জিলাত কৰুণ ঘটনা...

author-image
Asomiya Pratidin
New Update
বাবা সিদ্ধনাথ মন্দিৰত পদপিষ্ট হৈ ৭ জনকৈ ভক্তৰ মৃত্যুঃ আহত ৩০ জনৰো অধিক...

বাবা সিদ্ধনাথ মন্দিৰত পদপিষ্ট হৈ ৭ জনকৈ ভক্তৰ মৃত্যুঃ আহত ৩০ জনৰো অধিক...

ডিজিটেল ডেস্কঃ বিহাৰৰ বাবা সিদ্ধনাথ মন্দিৰত দেওবাৰে নিশা পদপিষ্ট হৈ অতি কমেও সাতজনকৈ লোকৰ প্ৰাণহানী হৈছে। আহত হৈছে আন বহু কেইজন শিৱ ভক্ত। শাওন মাহৰ অন্তিম দেওবাৰ উপলক্ষে নিশা মন্দিৰটোত সমাগম হৈছিল বহু সংখ্যক ভক্তৰ।

তাৰ মাজতে হঠাৎ মন্দিৰৰ ভিতৰত ভক্তসকলৰ মাজত ঠেলা হেঁচা হোৱাত বহু লোকে বাগৰি পৰে। ফলত এই কৰুণ ঘটনা সংঘটিত হয়। অৱশ্যে সোমবাৰে পুৱা মন্দিৰৰ পৰিস্থিতিত স্বাভাৱিক বুলি মন্তব্য কৰিছে স্থানীয় জিলা দণ্ডাধীশ অলংকৃতা পাণ্ডেয়ে।

বিহাৰৰ জেহানাবাদ জিলাৰ বাবা সিদ্ধনাথ মন্দিৰ ৰাজ্যখনৰ অন্যতম প্ৰসিদ্ধ আৰু ভক্তৰ মাজত জনপ্ৰিয় শিৱ মন্দিৰ। শাওন মাহত এই মন্দিৰলৈ ভক্তৰ আগমণ যথেষ্ট বৃদ্ধি পায়।

দেওবাৰৰ নিশাৰ ঘটনাৰ সন্দৰ্ভত একাংশ প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে মন্দিৰৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ কোনোধৰণৰ সুব্যৱস্থা লোৱা হোৱা নাছিল। একাংশৰ অভিযোগ অনুসৰি ভিৰৰ বাবে মন্দিৰ কৰ্তৃপক্ষই ভক্তৰ ওপৰত লাঠি চালনাও কৰিছিল। তাৰ বাবেই মন্দিৰৰ ভিতৰৰ পৰা ঠেলা হেঁচাকৈ ভক্তসকল বাহিৰলৈ ওলাই আহিছিল।

এই ঘটনাত এই পৰ্যন্ত ৭ জনৰ মৃত্যু নিশ্চিত হৈছে। আনহাতে আহত হৈ হাস্পতালত ভৰ্তি হৈ আছে আন কেইবাজনো লোক। স্থানীয় ভক্তৰ দাবী অনুসৰি আহতৰ সংখ্যা ৩০ জনৰো অধিক হ’ব।

নিহত ৭ জনক এতিয়াও চিনাক্ত কৰা হোৱা নাই। মন্দিৰৰ পৰিস্থিতি যাতে কোনো কাৰণতে অৱনতি নঘটে তাৰ বাবে জিলা প্ৰশাসনে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি সকলো নিয়ন্ত্ৰণলৈ আনিছে। আৰক্ষীয়ে এই ঘটনাৰ সঠিক তদন্তৰা আশ্বাস দিছে।

Also Read: কোকৰাঝাৰত একেখন ট্ৰাকৰ খুন্দাত দুঠাইত ৭ জন নিহত...

বিহাৰ শিৱ মন্দিৰ দুৰ্ঘটনা