'দেশত এজন ব্যক্তিৰ শাসন অন্ত পৰিল'- মোডীক উদ্দেশ্যি শাৰদ পাৱাৰৰ তীক্ষ্ণ ভাষণ...

মহাৰাষ্ট্ৰত পুনৰ এন চি পিৰ চৰকাৰ গঠনৰ দাবী
'দেশত এজন ব্যক্তিৰ শাসন অন্ত পৰিল'- মোডীক উদ্দেশ্যি শাৰদ পাৱাৰৰ তীক্ষ্ণ ভাষণ...
'দেশত এজন ব্যক্তিৰ শাসন অন্ত পৰিল'- মোডীক উদ্দেশ্যি শাৰদ পাৱাৰৰ তীক্ষ্ণ ভাষণ...
Published on
Updated on

ডিজিটেল ডেস্কঃ ‘এজন ব্যক্তিৰ শাসন অন্ত পৰিল’- মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ 'ষ্ট্ৰং মেন' হিচাপে পৰিচিত বৰ্ষীয়ান ৰাজনীতিবিদ শাৰদ পাৱাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উদ্দেশ্যি কৰিলে এই মন্তব্য। বুধবাৰে এন চি পি নেতাজনে প্ৰধানমন্ত্ৰী মোডীক উদ্দেশ্য কৰি কয়, এজন ব্যক্তিৰ ‘ৰাজ’ৰ সময় শেষ হৈছে কিয়নো ভাৰতীয় জনতা পাৰ্টিয়ে নিজা বলত কেন্দ্ৰত চৰকাৰ বনাব নোৱাৰিলে। অন্য দলৰ সহযোগিতা নোহোৱাকৈ কেন্দ্ৰত চৰকাৰ গঠন কৰাটো তেওঁলোকৰ বাবে সম্ভৱ নাছিল।'

মহাৰাষ্ট্ৰৰ এক অনুষ্ঠানত তেওঁ পুনৰ কয়, 'মোডীৰ গেৰাণ্টি এতিয়া অন্ত পৰিছে। এই পৰিৱৰ্তন ভোটাৰৰ শক্তিৰ বাবে হৈছে। লোকসভা নিৰ্বাচনৰ এনে ফলাফলে এই কথা স্পষ্ট কৰিলে যে, লোকসভা নিৰ্বাচনতো এনে ফলাফলেই আহিব।'

পাৱাৰে পুনৰ কয়, 'বিধানসভা নিৰ্বাচনত লোকসভা নিৰ্বাচনৰ দৰেই একে ফলাফল দেখুওৱাৰ পিছত মই ৰাজ্যখনৰ শাসনভাৰ জনসাধাৰণৰ হাতলৈ হস্তান্তৰ কৰিম। এই ক্ষমতা তেওঁলোকৰ সমস্যাসমাধানৰ বাবে ব্যৱহাৰ কৰা হ'ব। ইয়াৰ বাবে, মোক আপোনালোকৰ (জনসাধাৰণৰ) সহযোগিতাৰ প্ৰয়োজন হ'ব।'

মন কৰিবলগীয়া যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰৰ ৰাজনীতিত পট পৰিৱৰ্তন হৈছিল। শাৰদ পাৱাৰক এৰি অজিত পাৱাৰৰ গোটে এন চি পি ত্যাগ কৰিছিল আৰু এন ডি এত চামিল হৈছিল। কিন্তু লোকসভা নিৰ্বাচনত শাৰদ পাৱাৰ নেতৃত্বধীন এন চি পিয়ে ভাল প্ৰদৰ্শন কৰাত অজিত পাৱাৰৰ নেতৃত্বাধীন এন চি পিৰ বিধায়কসকলে এতিয়া শাৰদ পাৱাৰৰ কাষলৈ ঘূৰি অহাৰ মন মেলিছে। শীঘ্ৰেই হয়তো অজিত পাৱাৰেও মহাৰাষ্ট্ৰৰ একনাথ সিন্দে নেতৃত্বাধীন চৰকাৰ ত্যাগ কৰিব।'

উল্লেখ্য যে, এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৪০০ ৰো অধিক আসন লাভৰ লক্ষ্য লৈছিল যদিও ২৪০ খনহে আসন লাভ কৰে। ফলত দলটোৱে পূৰ্বৰ সংখ্যাগৰিষ্ঠতা হেৰুৱায়। চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হোৱা ২৭৩ ৰ লক্ষ্য অতিক্ৰম কৰিবলৈ তেওঁলোক এন ডি এৰ সহোযোগী অন্য দলৰ ওপৰতেই নিৰ্ভৰ কৰিবলগীয়া হয়।

ফলত এতিয়া মোডীৰ নেতৃত্বাধীন এন ডি এ চৰকাৰত তেলেগু দেশম পাৰ্টি আৰু জনতা দল ইউনাইটেডৰ ওপৰত বহু নিৰ্ভৰ কৰিবলগীয়া হৈছে বিজপিয়ে। এই দল দুটাৰ অসন্তুষ্টি মানেই চৰকাৰলৈ বিপদ। সেয়ে প্ৰধানমন্ত্ৰী মোডীয়ে নিজ ইচ্ছামতে গ্ৰহণ কৰা সিদ্ধান্ত অথবা বিজেপিয়ে যি ইচ্ছা তাকেই কৰাৰ যি প্ৰৱণতা গঢ়ি উঠিছিল সেই প্ৰৱণতা কিছু পৰিমাণে হলেও হ্ৰাস পোৱাৰ সম্ভাৱনাই দেখা দিছে।

ভাৰতীয় সেনাত স্থায়ী নিযুক্তি আঁতৰাই 'অগ্নিবীৰ' আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে যি অস্থায়ী নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিছিল সেই ব্যৱস্থাক লৈ ইতিমধ্যে বিহাৰৰ জনতা দল ইউনাইটেডে আপত্তি দৰ্শাইছে। এনে আপত্তিৰ মাজতে খবৰ আহিছে ভাৰতীয় সেনাৰ শীৰ্ষতম মহলে 'অগ্নিবীৰ' আঁচনিক লৈ নতুনকৈ চিন্তা চৰ্চা চলিছে। 

একেদৰে ইউনিয়ন চিভিল কোডক লৈয়ো কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ স্থিতি সলনি কৰাৰ সম্ভাৱনাই অধিক। এনে পৰিস্থিতিত শাৰদ পাৱাৰে কোৱা কথাষাৰে বিশেষ তাৎপৰ্য বহন কৰিছে।

'দেশত এজন ব্যক্তিৰ শাসন অন্ত পৰিল'- মোডীক উদ্দেশ্যি শাৰদ পাৱাৰৰ তীক্ষ্ণ ভাষণ...
ভাৰতৰ বিৰুদ্ধে গ'ল ডকাইটিত নামিল কাটাৰঃ বিশ্ব ফুটবলৰ আন এক ক'লা অধ্যায়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in