অসুস্থ উদ্ধৱ ঠাকৰেঃ পুৱাই ৰিলায়েন্স হাস্পতালত ভৰ্তি...

নিৰ্বাচনৰ প্ৰাকক্ষণত উদ্ধৱ ঠাকৰেৰ অসুস্থতা দলীয় নেতা, কৰ্মীৰ বাবে হৈ পৰিছে চিন্তাৰ বিষয়
অসুস্থ উদ্ধৱ ঠাকৰেঃ পুৱাই ৰিলায়েন্স হাস্পতালত ভৰ্তি...
অসুস্থ উদ্ধৱ ঠাকৰেঃ পুৱাই ৰিলায়েন্স হাস্পতালত ভৰ্তি...
Published on
Updated on

ডিজিটেল ডেস্কঃ অসুস্থ শিৱসেনাৰ প্ৰধান তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে। সোমবাৰে পুৱা প্ৰায় ৮ বজাত শাৰীৰিক পৰীক্ষাৰ বাবে তেওঁক মুম্বাইস্থিত ৰিলায়েন্স হাস্পতাললৈ লৈ যোৱা হয়।

তেওঁৰ হৃদযন্ত্ৰত কোনোধৰণৰ ব্লকেজ আছে নেকি সেই বিষয়ে জানিবলৈ এঞ্জিওগ্ৰাফী কৰা হয়। এই পৰীক্ষাৰ পাছতে তেওঁৰ হৃদযন্ত্ৰত ব্লকেজ ধৰা পৰিছে। সেয়ে তেওঁৰ চিকিৎসাৰ বাবে হাস্পতালত লগে লগে ভৰ্তি কৰা হয়।

উল্লেখ্য যে, দেওবাৰে দশেহৰা উৎসৱত অংশগ্ৰহণ কৰিছিল উদ্ধৱ ঠাকৰেয়ে। এই উৎসৱৰ পৰা উভতি অহাৰ পাছৰে পৰা তেওঁ অসুস্থ হৈ পৰে। নিশা তেনেদৰে অসুস্থ অৱস্থাৰে পাৰ কৰাৰ পাছত পুৱাৰে পৰা তেওঁৰ শাৰীৰিক অসুস্থা বৃদ্ধি হয়।

এনে পৰিস্থিতিত পৰিয়ালে আৰু অধিক পলম নকৰি পুৱা ৮ বজাতে তেওঁক হাস্পতাললৈ লৈ যায়। পৰিয়ালৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি ইয়াৰ পূৰ্বে ২০১২ ত উদ্ধৱ ঠাকৰেৰ এঞ্জিওপ্লাষ্টি কৰা হৈছিল।

মন কৰিবলগীয়া যে উদ্ধৱ ঠাকৰেৰ এই অসুস্থতা শিৱসেনাৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। কিয়নো সন্মুখত আছে মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচন।

এই নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে মহাৰাষ্ট্ৰৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। এন চি পি নেতা বাবা ছিদ্দিকিক লৰেন্স বিষ্ণইৰ গোটে হত্যা কৰিছে। এই হত্যাকাণ্ডক লৈ মহাৰাষ্ট্ৰৰ ৰাজনীতি গৰম হৈ পৰিছে। এনে এক সময়তে উদ্ধৱ ঠাকৰেৰ শাৰীৰিক অসুস্থতা কিমান গুৰুতৰ বা তেওঁৰ আৰোগ্যৰ বাবে কিমান সময়ৰ প্ৰয়োজন হ’ব সেয়া এতিয়া দলটোৰ বাবে চিন্তাৰ বিষয় হৈছে।

অসুস্থ উদ্ধৱ ঠাকৰেঃ পুৱাই ৰিলায়েন্স হাস্পতালত ভৰ্তি...
অসমত এতিয়া মন্ত্ৰী কেইজন?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in