''পদত্যাগ নে কাৰাগাৰৰ পৰা চৰকাৰ চলাব কেজৰিৱালে'' আপে অনুষ্ঠিত কৰিব গণভোট

''পদত্যাগ নে কাৰাগাৰৰ পৰা চৰকাৰ চলাব কেজৰিৱালে'' আপে অনুষ্ঠিত কৰিব গণভোট
Published on
Updated on

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আম আদমী পাৰ্টীৰ কাউন্সিলাৰ আৰু নেতাসকলৰ সৈতে মঙলবাৰে এক বৈঠকত মিলিত হয়। এই বৈঠকতে সিদ্ধান্ত লোৱা হয় যে এক গণভোট অনুষ্ঠিত কৰি চৰকাৰক এক বিশেষ প্ৰশ্ন কৰা যাব।

গণভোটৰ দ্বাৰা আপৰ বিধায়ক তথা নেতা সকলে জনতাক প্ৰশ্ন কৰিব যে- অৰবিন্দ কেজৰিৱালে পদত্যাগ কৰিব লাগে নে কাৰাগাৰৰ পৰাই চৰকাৰ চলাব লাগে?

এই বৈঠকৰ পাছত আপৰ এমচিডিৰ ভাৰপ্ৰাপ্ত বিষয়া দুৰ্গেশ পাঠকে কয় যে কেন্দ্ৰ চৰকাৰে এক ভুৱা গোচৰ ৰুজু কৰিছে। যাৰ অধীনত আপৰ বহু নেতাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। কেইদিনমান পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈও জাননী জাৰি কৰিছিল।

লগতে তেওঁ কয় যে, আমি পঞ্জাৱ আৰু দিল্লীত বিজেপিক পৰাজিত কৰিছো।গুজৰাট, গোৱাতো আমি জয়লাভ কৰিছো। মধ্য প্ৰদেশতো জয়লাভ কৰিম। সেইবাবে তেওঁলোকে(বিজেপি) ভাবিছে যে কাৰাগাৰলৈ যোৱাৰ পাছত কেজৰিৱালে পদত্যাগ কৰিব আৰু তেওঁলোকে আমাৰ চৰকাৰ শেষ কৰি দিব।

তেওঁ লগতে কয় যে, আপৰ প্ৰতিগৰাকী বিধায়কে কেজৰিৱালক পদত্যাগ কৰিবলৈ বাধা দিছে আৰু জেলাৰ পৰাই চৰকাৰ চলোৱাৰ বাবে আহ্বান কৰিছে।আজিৰ সভাতো এই বিষয়ে চৰ্চা হয় আৰু পাছত কেজৰিৱালে কয় যে তেওঁ পঞ্জাৱৰ বিধায়ক সকলৰ সৈতেও আলোচনাত মিলিত হ'ব।

দুৰ্গেশ পাঠকে লগতে কয়, বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি আমি সমগ্ৰ দিল্লী আৰু দেশত গণভোট কৰিম যে অৰবিন্দ কেজৰিৱালে পদত্যাগ কৰিব লাগে বা কাৰাগাৰৰ পৰা চৰকাৰ চলাব লাগে। আমি দিল্লীত ৰাজপথত সভা অনুষ্ঠিত কৰিম আৰু জনমত বিচাৰিম।

উল্লেখ্য যে, সুৰা কেলেংকাৰীৰ অভিযোগত আপৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মন্ত্ৰী সৈতেন্দ্ৰ জৈন কাৰাগাৰত আছে। তাৰপাছতে এই একেই গোচৰত ইডিয়ে জাননী জাৰি কৰিছিল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। কিন্তু প্ৰথম দিনা ইডিৰ কাৰ্যালয়লৈ যোৱা নাছিল কেজৰিৱাল। নিয়ম অনুসৰি তেওঁক ইডিয়ে কাৰ্যালায়ত উপস্থিত হবলৈ পুনৰ সময় বান্ধি দিব। যাৰ বাবে আপৰ নেতাসকলে সন্দেহ কৰিছে যে কেজৰিৱাল গ্ৰেপ্তাৰ হ'ব।

''পদত্যাগ নে কাৰাগাৰৰ পৰা চৰকাৰ চলাব কেজৰিৱালে'' আপে অনুষ্ঠিত কৰিব গণভোট
নিশাৰ অন্ধকাৰত কৰিমগঞ্জত কোনে জ্বলাই দিলে পুৰণি মন্দিৰ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in