ডিজিটেল ডেস্কঃ স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সোৱাদতে পত্নীয়ে লাভ কৰিছিল চৰকাৰী ভূমি। মুখ্যমন্ত্ৰীৰ এই বেআইনী কামকাজৰ বিষয়টো ন্যায়ালয়ৰ মজিয়াত উঠাৰ লগে লগে এতিয়া বিপদত মহাপ্ৰতাপী মুখ্যমন্ত্ৰী।
এই ঘটনা কৰ্ণাটকৰ। বহু চৰ্চিত কৰ্ণাটকৰ ভূমি কেলেংকাৰী বিষয়টো ন্যায়ালয়ৰ মজিয়াত উঠিছেগৈ। উল্লেখ্য যে, মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই তেওঁৰ বিৰুদ্ধে ৰাজ্যপালে গোচৰ চলাবলৈ দিয়া অনুমতিৰ বিৰুদ্ধে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।
কিন্তু ন্যায়ালয়ে মুখ্যমন্ত্ৰীগৰাকীৰ এই আবেদন খাৰিজ কৰিলে। ফলত এতিয়া মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াৰ বিপদ প্ৰায় নিশ্চিত হৈ পৰিছে। এইগৰাকী মহা প্ৰতাপী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ অভিযোগে দেশৰ ৰাজনীতি জোকাৰি গৈছে।
অভিযোগ অনুসৰি ছিদ্দাৰামায়াই তেওঁৰ পত্নীক নগৰ উন্নয়ন কৰ্তৃপক্ষৰ জৰিয়তে চহৰৰ মাজ মজিয়াৰ মুঠ ১৪ টাকৈ স্থানত চৰকাৰী ভূমি আৱন্তন দিছিল। ইয়াৰ বিৰুদ্ধে সমাজকৰ্মী ক্ৰমে প্ৰদীপ কুমাৰ, টিজে আব্ৰাহম আৰু স্নেহময়ী কৃষ্ণাই গোচৰ ৰুজু কৰিছিল।
এই গোচৰৰ তদন্ত চলাবলৈ যোৱা ১৭ আগষ্টত কৰ্ণাটকৰ ৰাজ্যপাল থাৱৰ চন্দ গেহলটে অনুমতি প্ৰদান কৰিছিল। কিন্তু ৰাজ্যপালৰ এই সিদ্ধান্তৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ছিদ্দাৰামায়া ন্যায়ালয়ৰ কাষ চাপে। তেওঁ ৰাজ্যপালৰ নিৰ্দেশৰ বিৰুদ্ধে ন্যায়ালয়ত আবেদন দাখিল কৰে।
সেই আবেদনৰ ভিত্তিতে ১৯ আগষ্টত ন্যায়ালয়ে এক অন্তৱৰ্তীকালীন নিৰ্দেশৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা নল’বলৈ নিৰ্দেশ দিছিল। তাৰ পাছত ৩১ আগষ্টত কৰ্ণাটক উচ্চ ন্যায়ালয়ক ৰাজ্যপালৰ কাৰ্যালয়ে অৱগত কৰে যে, মুখ্যমন্ত্ৰীৰ পত্নীয়ে কোনো আবেদন নকৰাকৈয়ে নগৰ উন্নয়ন কৰ্তৃপক্ষই তেওঁৰ নামলৈ ১৪ টা স্থানৰ ভূমি হস্তান্তৰ কৰিছে।
আজি সেই আবেদনৰ শুনানি অনুষ্ঠিত হয় আৰু ন্যায়ালয়ে পূৰ্বৰ অন্তৱৰ্তীকালীন নিৰ্দেশনা বাতিল কৰে। আজি ন্যায়ালয়ে মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াৰ আবেদন খাৰিজ কৰে। কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এম নাগাপ্ৰসন্নই গোচৰটোৰ ৰায় প্ৰদান কৰি কয়, ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ চলাবলৈ দিয়া অনুমতি চিন্তা, চৰ্চা কৰিহে দিছে।
তেওঁ পুনৰ কয়, আবেদনত যি তথ্য দিয়া হৈছে সেয়া লক্ষ্য কৰি তদন্ত জৰুৰী হৈ পৰিছে কিয়নো হিতাধিকাৰীগৰাকী কোনো বাহিৰা ব্যক্তি নহয়, আবেদনকাৰীৰ পৰিয়ালৰে এগৰাকী সদস্য।
ইফালে ন্যায়ালয়ৰ এই ৰায়ৰ লগে লগে ৰাজনৈতিক নেতাসমূহেও পুনৰ আক্ৰমণ, প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী ছোভা কাৰান্দলাজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে ষড়যন্ত্ৰ কৰি নগৰ উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা ১৪ টা স্থানত ভূমি নিজৰ নামলৈ আনিছে। এই ভূমি দলিতসকলৰ। তেওঁলোকে দলিতসকলৰ ভূমি কাঢ়ি ভুল কৰিছে।
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ চি আৰ কেশৱনে কয়, ছিদ্দাৰামায়া কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদত থকাটো এক মুহূৰ্তৰ বাবেও দায়িত্বত থকাটো অযোগ্য হৈ পৰিছে। তেওঁ চৰকাৰৰ মুৰব্বী হৈ থকাৰ নৈতিক কৰ্তৃত্ব হেৰুৱাইছে।
অৱশ্যে কৰ্ণাটকৰ মন্ত্ৰী কে এইছ মুনিয়াপ্পাই ন্যায়ালয়ৰ এই ৰায়ক সন্মান কৰি কয়, তেওঁলোকে বিষয়টোৰ সন্দৰ্ভত আইনী ভাৱে যুঁজ দিব।এই যুঁজ উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈয়ো লৈ যোৱাৰ অংগিকাৰ কৰিছে।
Also Read: প্ৰচণ্ড গৰমৰ বাবেই প্ৰাণ হেৰুৱালে গৃহৰক্ষী জোৱানে...