প্ৰবীণ বাওঁপন্থী নেতা, CPI(M)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ দেহাৱসান

দিল্লীৰ এইমছত দীৰ্ঘদিন চিকিৎসাৰ অন্তত আজি মৃত্যুক আকোৱালি ল'লে য়েচুৰীয়ে
প্ৰবীণ বাওঁপন্থী নেতা, CPI(M)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ দেহাৱসান
প্ৰবীণ বাওঁপন্থী নেতা, CPI(M)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ দেহাৱসান
Published on
Updated on

ডিজিটেল ডেস্কঃ চি পি আই (এম)ৰ বৰ্ষীয়ান নেতা তথা দলটোৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী (Sitaram Yechury) আৰু নাই। যোৱা কিছুদিন ধৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্তহৈ অসুস্থ হৈ থকা প্ৰবীণ বাওঁপন্থীনেতাগৰাকীক দিল্লীৰ এইমছ (Delhi AAIMS) ত ভৰ্তি কৰোৱা হৈছিল যদিও তাতেই ৭২ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে।

চি পি আই (এম)ৰ জ্যেষ্ঠ নেত্ৰী পুন্যৱতীয়ে সংবাদ মাধ্যমৰ আগত কয়, আজি বিয়লি সীতাৰাম য়েচুৰীৰ দিল্লীৰ এইমছত মৃত্যু হয়। ইয়াৰ পূৰ্বে যোৱা ১০ ছেপ্টেম্বৰত চি পি আই এমৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত সীতাৰাম য়েচুৰীৰ অসুস্থতাৰ কথা উল্লেখ কৰা হৈছিল। দলটোৰ ফালৰ পৰা এই বিবৃতিত জনাইছিল যে তেওঁ শ্বাসনলীৰ গুৰুতৰ সংক্ৰমণত ভূগি আছিল।

প্ৰবীণ বাওঁপন্থী নেতাগৰাকীৰ মৃত্যুত এছ এফ আই (SFI) য়ে শোক প্ৰকাশ কৰি লিখিছে, ভাৰতীয় ছাত্ৰ ফেডাৰেচনৰ প্ৰিয় আৰু এছ এফ আইৰ প্ৰাক্তন সভাপতি, চি পি আই এমপ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ সন্মানত নিজৰ বেনাৰ অৱনমন কৰিছে।

কংগ্ৰেছ সাংসদ তথা বিৰোধী দলৰ নেতা ৰাহুল গান্ধী (Rahul Gandhi) য়ে এক্সৰ জৰিয়তে সীতাৰাম য়েচুৰীৰ মৃত্যুত শোক প্ৰকাশ কৰি য়েচুৰীক বন্ধু বুলিও আখ্যা দিছে। ৰাহুল গান্ধীয়ে লিখিছে, আইডিয়া অফ ইণ্ডিয়াৰ ধাৰণাৰ সংৰক্ষক যাৰ দেশৰ বিষয়ে গভীৰ জ্ঞান আছিল। আমি কৰা দীঘলীয়া আলোচনাবোৰক মই মনত পেলাম।দুখৰ এই সময়ত তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু সমৰ্থকসকলৰ প্ৰতি মোৰ সমবেদনা।

উল্লেখ্য যে, যোৱা ১৯ আগষ্টতে সীতাৰাম য়েচুৰীক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল। জানিব পৰা মতে প্ৰথমে তেওঁক এইমছৰ জৰুৰীকালীন বাৰ্ডত ভৰ্তি কৰোৱা হৈছিল যদিও পাছত ইণ্টেন্সিভ কেয়াৰ ইউনিট (আই চি ইউ)লৈ স্থানান্তৰ কৰা হৈছিল।  

স্মৰ্তব্য এইগৰাকী ৰাজনীতিবিদ বৰ্তমান সময়ৰ দেশৰ শীৰ্ষ বাওঁপন্থীনেতাসকলৰ ভিতৰত আছিল অন্যতম। তেওঁ ৩২ বছৰ ধৰি চি পি এমৰ পলিটব্যুৰো সদস্য আছিল। ২০১৫ চনৰ পৰাই তেওঁ দলটোৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্বত আছিল। ২০০৫ চনৰ পৰা ২০১৭ লৈ তেওঁ আছিল ৰাজ্যসভাৰো সাংসদ।

প্ৰবীণ বাওঁপন্থী নেতা, CPI(M)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ দেহাৱসান
চুমিহঁতক এৰক, নিযুক্তি পৰীক্ষাৰ খবৰ লওঁক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in