আকৌ দেশজুৰি বলিছে নিৰ্বাচনী বতাহ...

আকৌ দেশজুৰি বলিছে নিৰ্বাচনী বতাহ...
আকৌ দেশজুৰি বলিছে নিৰ্বাচনী বতাহ...
Published on
Updated on

নিৰ্বাচন আয়োগে ইতিমধ্যে ঘোষণা কৰিলে ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ বিধানসভাৰ লগতে ১৪ খন ৰাজ্যৰ ৪৮ টা বিধানসভা আৰু ২ টা লোকসভা সমষ্টিৰ বিধানসভা নিৰ্বাচন। কোন কোন ৰাজ্যৰ কোনো কোন সমষ্টিত অনুষ্ঠিত হ'ব এই নিৰ্বাচন আৰু ক'ত, কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সেই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

আকৌ এবাৰ হ'ব অগ্নিপৰীক্ষা। দুই ৰাজ্য ক্ৰমে ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ লগতে ১৪ খন ৰাজ্যৰ ৪৮ টা বিধানসভা সমষ্টিত আৰু দুটা লোকসভা সমষ্টিত হ'ব উপ নিৰ্বাচন। পূৰ্বৰ দৰে বিৰোধীৰ সপক্ষে বতাহ নবলিলেও এই অগ্নি পৰীক্ষা সহজ নহ'ব শাসকীয় বিজেপিৰ বাবে।

হাৰিয়ানা বিধানসভা নিৰ্বাচনত অপ্ৰত্যাশিত ফলাফলৰ পাছত বিৰোধীয়ে এক শিক্ষা লৈ নতুন ৰণনীতিৰে এই উপ-নিৰ্বাচনৰ প্ৰস্তুতি চলাইছে। সেইদৰেই হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছত অতি আত্মবিশ্বাসী হৈ আছে বিজেপি। অৱশ্যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ ফলাফলৈ লক্ষ্য কৰিলে বিজেপিৰ বাবে যে, এই ৰাজ্যসমূহৰ উপ -নিৰ্বাচন বৰ এটা সহজ নহ'ব সেয়া নিশ্চিত।

নিৰ্বাচন আয়োগে ইতিমধ্যে ঘোষণা কৰা অনুসৰি মুঠ দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব এই ১৪ ৰাজ্যৰ ৪৮ টা বিধানসভা সমষ্টিৰ লগতে দুটা লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। সেই অনুসৰি ১৩ আৰু ২০ নৱেম্বৰত অনুষ্ঠিত হ'ব এই সমষ্টি সমূহৰ ভোটগ্ৰহণ। অসমৰ ৫ টা লোকসভা সমষ্টি ক্ৰমে ধলাই, ছিদলী, বঙাইগাওঁ, চামগুৰি আৰু বিহালী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব ১৩ তাৰিখে।

মাত্ৰ কেইটামান মাহৰ পূৰ্বে অনুষ্ঠিত হৈছিল দেশৰ ৫ ৰাজ্য ক্ৰমে মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তিশগড়, কৰ্ণাটক আৰু নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন। এই নিৰ্বাচনত কংগ্ৰেছে তেওঁলোকৰ হাতত থকা ৰাজস্থান বিজেপিৰ হাতত হেৰুৱাই। ৰাজ্যখনৰ সাতটা বিধানসভা সমষ্টিত এতিয়া উপ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ আগবাঢ়িছে।

এই আটাইকেইটা সমষ্টিতে বিজেপিয়ে জয়ী হোৱাৰ কুচকাবাজ চলাইছে। কিন্তু ৰাজ্যখনত কংগ্ৰেছেই হ'ব বিজেপিৰ বিৰুদ্ধে শক্তিশালী প্ৰতিদ্বন্দি।ৰাজস্থানত উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টি কেইটা হল ১৬১ নং চোৰাচি, ১১০ নং খিন্বছৰ, ৮৮ নং ডৌচা, ২৭ নং ঝুনঝুনু, ৮৭ নং দেউলি উনিয়াৰা, ১৫৬ নং ছেলুমবাৰ আৰু ৬৭ নং ৰামগড়। এই উপ নিৰ্বাচনৰ ভোট গ্ৰহণ ১৩ নৱেম্বৰত আৰম্ভ হ'ব।

সেইদৰেই নাটকীয় ৰাজনৈতিক পট পৰিবৰ্তনৰ অন্যতম কেন্দ্ৰবিন্দু বিহাৰত ৪টা সমষ্টি ক্ৰমে ২০৩ নম্বৰ ৰামগড়, ১৯৬ নং তাৰাৰি, ২২৭ নং ইমামগঞ্জ আৰু ২৩২ নং বেলাগঞ্জতো অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। গুজৰাটত ৭ নং ভাভ সমষ্টি আৰু কৰ্ণাটকত তিনিটা ক্ৰমে ৮৩ নং শ্বিগগাঁও, ৯৫ নং ছন্দুৰ আৰু ১৮৫ নং চান্নাপাটনা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

কেৰালাত দুটাকৈ বিধানসভা সমষ্টিৰ উপৰিও ৱায়নাড লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে ৱায়নাড লোকসভা সমষ্টিৰ উপৰিও ৰাইবেৰলী সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। পৰৱৰ্তী সময়ত তেওঁ ৱায়নাড এৰি দিয়াত এতিয়া এই সমষ্টিৰ উপ নিৰ্বাচনত তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধী প্ৰতিদ্বন্দিতাৰ বাবে সাজু হৈছে।

ৰাজ্যখনত উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া বিধানসভা সমষ্টি কেইটা ক্ৰমে ৫৬ নং পালাক্কাড় আৰু ৬১ নং চেলাক্কাৰা। বিজেপিৰ দখলত থকা মধ্যপ্ৰদেশতো হ'ব দুটা বিধানসভা সমষ্টি উপ নিৰ্বাচনৰ ভোটগ্ৰহণ। এই দুই সমষ্টি ক্ৰমে ১৫৬ নং বুধনি আৰু ০২ নং বিজয়পুৰ। এই দুই আসনৰ উপ নিৰ্বাচনত বিজেপি যদিও শক্তিশালী স্থিতিত আছে তথাপিও অৱশ্যে কংগ্ৰেছেই হ'ব মূল প্ৰত্যাহ্বান।

উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ ৫ বিধানসভা সমষ্টিৰ উপৰিও মেঘালয়ৰ এটা আৰু ছিকিমৰ দুটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। মেঘালয়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া সমষ্টিটো হৈছে ৫৬ নং গামবেগ্ৰে আৰু ছিকিমৰ সমষ্টি দুটা হৈছে ০৭ নং চোৰেং-চাকুং আৰু ১১ নং নামচি চিংঘিটাং সমষ্টি।

পঞ্জাবতো অনুষ্ঠি হ'ব মুঠ চাৰিটা বিধানসভা সমষ্টিত উপ নিৰ্বাচন। এই সমষ্টি কেইটা ক্ৰমে ৮৪ নং গিড্ডাৰবাহা, ১০ নং ডেৰা বাবা নানক, ১০৩ নং বাৰনালা আৰু ৪৪ নং চাব্বেৱাল।

সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিজেপিৰ এইবাৰ অপ্ৰত্যাক্ষিত ফলাফল আছিল উত্তৰ প্ৰদেশত। ৰাম মন্দিৰ নিৰ্মাণকে ধৰি ৰাজ্যখনত বহুবোৰ প্ৰকল্প হাতত লৈয়ো বিজেপিয়ে আশাকৰা ধৰণে ফলাফল লাভ কৰা দূৰৰে কথা পূৰ্বতৰৈ বহু আসন হেৰুৱালেহে ৰাজ্যখনত।

এইবাৰ ৰাজ্যখনত ৯ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। এই সমষ্টি কেইটাতো যে বিজেপি চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সেয়া প্ৰায় নিশ্চিত। সমাজবাদী পাৰ্টিৰো যথেষ্ট প্ৰভাৱ থকা এই সমষ্টি কেইটা ক্ৰমে ১৬ নং মীৰাপুৰ, ২৯ নং কুণ্ডাৰ্কি, ৫৬ নং গাজিয়াবাদ, ৭১ নং খৈৰ, ১১০ নং কাৰহাল, ২৫৬ নং ফুলপুৰ, ২৭৭ নং কাটিহাৰি, ৩৯৭ নং মাঝৱান আৰু ২১৩ নং ছিচামাউ।

তৃণমূল কংগ্ৰেছৰ দখলত থকা পশ্চিমবংগ বিধানসভাৰো ৬ টাকৈ বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিয়ে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূলৰ চৰকাৰক যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

ৰাজ্যখনত দীঘলীয়া সময় ধৰি চিকিৎসকসকলে আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ঘটনাৰ উচিত বিচাৰ আৰু তদন্তৰ দাবী প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ঘটনাক কেন্দ্ৰ কৰি চৰকাৰৰ প্ৰতি তীব্ৰ ক্ষোভ সৃষ্টি হৈছে সাধাৰণ ৰাইজৰ মনত।

সেয়ে এই উপ-নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। হয়তো চৰকাৰ বিৰোধী ক্ষোভ এই সমষ্টি কেইটাৰ উপ নিৰ্বাচনত দেখিবলৈ পোৱা যাব। উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টি কেইটা ক্ৰমে ২৫১ নং তালডাংগ্ৰা, ০৬ নং সিতাই (এছ চি), ১০৪ নং নয়হাতি, ১২১ নং হাৰোৱা, ২৩৬ নং মেদিনীপুৰ আৰু ১৪ নং মদাৰিহাট। ইয়াৰোপৰি উত্তৰাখণ্ডৰ ০৭ নং কেদাৰনাথ সমষ্টিতো একেটা দিনতেই অনুষ্ঠিত হ'ব উপ নিৰ্বাচন।

উল্লেখ্য যে, ১৩ আৰু ২০ নৱেম্বৰতেই ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ বিধানসভাৰো নিৰ্বাচন অনুষ্ঠিত হ'ব। ৮২ খন আসনৰ ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচন দুটা পৰ্যায়ত আৰু ২৮৮ খন আসনৰ মহাৰাষ্ট্ৰ বিধানসভাৰ ২০ নৱেম্বৰত এটা পৰ্যায়তে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। এই সকলো নিৰ্বাচনৰে ফলাফল ঘোষণা হ'ব ২৩ নৱেম্বৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in