ডিজিটেল ডেস্কঃ সামুদ্ৰিক পথেৰে ড্ৰাগছ সৰবৰাহ নিয়ন্ত্ৰণ কৰাৰ বাবে তৎপৰ শ্ৰীলংকা নৌসেনা। ভাৰতীয় নৌসেনাৰ সৈতে শ্ৰীলংকা নৌসেনাই নিষিদ্ধ ড্ৰাগছৰ চোৰাং সৰবৰাহ ৰোধৰ বাবে বিভিন্ন কাম কৰি থকাৰ কথা উল্লেখ কৰে শ্ৰীলংকাৰ নৌসেনাৰ কমাণ্ডাৰ ভাইচ এডমিৰেল প্ৰিয়ন্ত পেৰেৰাই।
শনিবাৰে এজিমালাৰ ইণ্ডিয়ান নেভেল একাডেমীত অনুষ্ঠিত পাছিং আউট পেৰেডৰ সময়ত এই কথা সংবাদ মাধ্যমৰ সন্মুখত পেৰেৰাই উল্লেখ কৰে। লগতে উল্লেখ কৰে যে সাগৰৰে নিষিদ্ধ ড্ৰাগছকে ধৰি আন আন নিষিদ্ধ পদাৰ্থৰ চোৰাং সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে দুয়োখন দেশৰ উপকূলৰক্ষী বাহিনী আৰু নৌসেনাই ব্যৱস্থা গ্ৰহণ কৰিব।
উল্লেখ্য যে, পাছিং আউট পেৰেডৰ সময়ত পেৰেৰা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শ্ৰীলংকা, বাংলাদেশ, ভিয়েটনাম, মাদাগাস্কাৰ, মৰিচাছ আৰু মালদ্বীপৰ ৮জন কেডেটসহ ২০৭ জন প্ৰশিক্ষাৰ্থী উপস্থিত থাকে।
Also Read: শীৰ্ষস্থানৰ পৰা অৱনমিত ভাৰত : গ্ৰেট ব্ৰিটেইনৰ হাতত পৰাস্ত