ডিজিটেল ডেস্কঃ ৰাজ্যত এতিয়া চৌদিশে কেৱল চাকৰিৰ খবৰ। কোনোবাই অসম চৰকাৰৰ তৃতীয় বৰ্গৰ আৰু কোনোবাই চতুৰ্থবৰ্গৰ চাকৰি লাভ কৰিছে। টেলিভেশ্যন, সামাজিক মাধ্যম সকলোতে এই চাকৰিৰ চৰ্চা।
কোনোবাই যদি চাকৰি পোৱাসকলক শুভেচ্ছা জনাইছে আন কোনাবাই আকৌ চৰকাৰক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। চাকৰি নোপোৱাসকলৰ মাজত দেখা দিছে হতাশাই। তাৰ মাজতেই আকৌ চৰ্চা হৈছে, একাংশ স্নাতক, স্নাতকোত্তৰ উত্তীৰ্ণই শিক্ষাগত অৰ্হতা লুকুৱাই ল’লে চতুৰ্থবৰ্গৰ চাকৰি।
ইয়াৰ পৰাই প্ৰমাণ হৈছে ৰাজ্যত নিৱনুৱাৰ কি ভয়াৱহ অৱস্থাৰ সৃষ্টি হৈছে। যোগ্যতা থকাৰ পাছতো উপযুক্ত সংস্থাপনৰ অভাৱত এতিয়া অষ্টম শ্ৰেণী উত্তীৰ্ণৰ বাবে নিৰ্ধাৰিত চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবেও স্নাতকোত্তৰ উত্তীৰ্ণ নিবনুৱাই যোগ্যতা লুকুৱাই সংস্থাপনৰ বাট মুকলি কৰিছে।
এই সকলোবোৰৰ মাজতে শেহতীয়াকৈ চৰ্চালৈ আহিছে এজন বিশেষ উদ্যোগী। এই উদ্যোগীগৰাকী হৈ পৰিব পাৰে বহুতৰ বাবে আদৰ্শস্বৰূপ। যিসকলে চাকৰি নাপালে, এতিয়াও চাকৰিৰ অপেক্ষাত দিন পাৰ কৰিছে অথবা হতাশাই ঘেৰি ধৰিছে তেওঁলোকক এই ব্যক্তিজনৰ জীৱন পৰিক্ৰমাই দিব প্ৰেৰণা।
এইগৰাকী বিশেষ ব্যক্তিয়ে আই আই টিৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰি চাকৰি সূত্ৰে গৈছিল বহুতৰ কাৰণে সপোনৰ ঠাই আমেৰিকালৈ। আমেৰিকাতেই তেওঁ হৈছিল সু-প্ৰতিষ্ঠিত।
কিন্তু বিদেশৰ মাটিত চাকৰি কৰি তেওঁ মানসিক শান্তি লাভ কৰা নাছিল। তেওঁৰ ইচ্ছা আছিল ঘৰতেই থাকি কিবা এটা কৰাৰ। সেয়ে চাকৰি এৰি ঘৰৰ ল’ৰা ঘূৰি আহিল ঘৰলৈ। তাৰ মাজতে কিছুদিন তেওঁ ভ্ৰমণ কৰিলে কেইবাখনো দেশ। এই দেখ কেইখন ভ্ৰমণ কৰাৰ সময়তেই শেষ হ'ল সাঁচতীয়া প্ৰায়খিনি ধন।
স্বদেশলৈ ঘূৰি আহি তেওঁ অৱশ্যে কোনো চৰকাৰী অথবা বেচৰকাৰী চাকৰিত যোগদান নকৰিলে। উপাৰ্জনৰ মাধ্যম হিচাপে তেওঁ বাচি ল’লে গো-পালন। হয়, আই আই টিৰ স্নাতক হৈয়ো, বিদেশৰ আগশাৰীৰ কোম্পানীৰ চাকৰি এৰি তেওঁ আহি আৰম্ভ কৰিলে গাখীৰৰ ব্যৱসায়।
সেই গাখীৰৰ ব্যৱসায় কৰিয়েই তেওঁ এতিয়া এজন কোটিপতি গাখীৰ বেপাৰী। তেওঁৰ ফাৰ্মত উৎপাদিত গাখীৰ হৈ পৰিছে এটা ব্ৰেণ্ড। এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা এই কোটি পতি গাখীৰ বেপাৰীজনৰ কাহিনী চিনেমাৰ দৰেই।
ছাত্ৰ অৱস্থাত তেওঁ আছিল অতি মেধাৱী। কেমেষ্ট্ৰি বিষয়ত তেওঁ অৰ্জন কৰিছে আই আই টিৰ পৰা স্নাতক ডিগ্ৰী। গাখীৰৰ ব্যৱসায়ৰে কোটি পতি হোৱা এই উচ্চ শিক্ষিত ব্যক্তিজনে আমেৰিকাৰ পৰা ঘূৰি আহি প্ৰথমে ক্ৰয় কৰিলে কেইজনীমান গৰু।
এই গৰু কেইজনীৰ গাখীৰ বিক্ৰী কৰিয়েই তেওঁ প্ৰথমে নিজৰ আৰু গৰু কেইজনীৰ বাবে দানা আদিৰ খৰছ যোগাৰ কৰাৰ বাট মুকলি কৰি ল'লে। গৰু লালন-পালন, পৰিস্কাৰ আদি সকলো কাম নিজেই কৰিলে।
গাখীৰৰ মানদণ্ডৰ ক্ষেত্ৰত তেওঁ কোনো কৃপনালী নকৰিলে। তেওঁ বিক্ৰী কৰা গাখীৰৰ মানদণ্ড আনে বিক্ৰী কৰা গাখীৰতকৈ বহু উন্নত। লাহে লাহে তেওঁৰ ওচৰলৈ গাখীৰ বিচাৰি অহা গ্ৰাহকৰ সংখ্যা বাঢ়ি আহিল।
সমান্তৰালকৈ বাঢ়ি আহিল গৰুৰ সংখ্যাও। ফলত তেওঁ নিজৰ ফাৰ্মত উৎপাদিত গাখীৰৰ এটা ব্ৰেণ্ড তৈয়াৰ কৰিলে। নাম দিলে Sid's Farm। বৰ্তমান গাখীৰ বিক্ৰী কৰি তেওঁ প্ৰতি দিনে লাভ কৰে ১৭ লাখ টকা।
বাৰ্ষিক আয় ৬৫ কোটিৰো অধিক। তেওঁৰ লগত আছে ১০০ জনী গৰু। আছে ১২০ জন কৰ্মী। এই কোটি পতি গাখীৰ বেপাৰীজনৰ নাম কিশোৰ ইন্দুকৰী। হায়দৰাবদত তেওঁৰ ঘৰ।
এতিয়া সমগ্ৰ হায়দৰাবাদত তেওঁ এটি চিনাকী নাম। তেওঁৰ পৰা প্ৰেৰণা লৈ বহুকেইজন যুৱকে আৰম্ভ কৰিছে নিজাকৈ গাখীৰৰ ব্যৱসায়। আজিৰ সময়ত ইন্দুকৰী নিশ্চয়কৈ অসমৰ যুৱকৰো আদৰ্শ হৈ উঠিব পাৰে।
স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী লুকুৱাই মূৰ তল কৰি চতুৰ্থবৰ্গৰ পদত চাকৰি কৰাতকৈ এইদৰে ব্যৱসায় কৰিও স্বাৱলম্বী হৈ পৰিব পাৰে। দৈনিক ১৭ লাখ টকাৰ গাখীৰ বিক্ৰী কৰিব নোৱাৰিলেও অন্তত ১৭০০ টকাৰ গাখীৰ বিক্ৰী কৰিব পাৰিলেও স্বাধীন ভাৱে মূৰ থিয় কৰি চলিব পাৰিব গোটেই জীৱন।