DRDO ৰ হাইপাৰছনিক মিছাইলৰ সফল উৰণ পৰীক্ষণ সম্পন্ন...

ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভলপমেণ্ট অৰ্গেনাইজেছন চমুকৈ ডি আৰ ডি অ’ই যোৱা শনিবাৰে ওড়িষ্যাৰ উপকূলৱৰ্তী ড০ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা এক দীৰ্ঘ পৰিসৰৰ হাইপাৰছনিক মিছাইলৰ সফল উৰণ পৰীক্ষা কৰে

author-image
Asomiya Pratidin
New Update
ডি আৰ ডি অ

ডিজিটেল ডেস্কঃ ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভলপমেণ্ট অৰ্গেনাইজেছন চমুকৈ ডি আৰ ডি অই যোৱা শনিবাৰে ওড়িষ্যাৰ উপকূলৱৰ্তী ড০ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা এক দীৰ্ঘ পৰিসৰৰ হাইপাৰছনিক মিছাইলৰ সফল উৰণ পৰীক্ষা কৰে।

এই হাইপাৰছনিক মিছাইলে ভাৰতীয় সেনা বাহিনী, নৌ সেনা আৰু বায়ু সেনা বাহিনীৰ বাবে ১৫০০ কিলোমিটাৰৰো অধিক দূৰত্বৰ বিভিন্ন ধৰণৰ পে-লোড বহন কৰিবলৈ সক্ষম হব। এই মিছাইলটো ড০ এ পি জে আব্দুল কালাম মিছাইল কম্প্লেক্স, হায়দৰাবাদ আৰু অন্যান্য ডি আৰ ডি অ গৱেষণাগাৰ আৰু সংস্থাৰ সহযোগিতাত তৈয়াৰ কৰা হৈছে।

এই মিছাইলৰ সফল পৰীক্ষন ডি আৰ ডি অ আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ উচ্চপদস্থ বিজ্ঞানী আৰু বিষয়াসকলৰ উপস্থিতিত সম্পন্ন কৰা হয়। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সফল পৰীক্ষণৰ বাবে ডি আৰ ডি অক অভিনন্দন জ্ঞাপন কৰি কয়, এয়া দেশৰ বাবে এক বৃহৎ মাইলৰ খুঁটি।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক্সত লিখিছে, ভাৰতে এতিয়া কিছু নিৰ্বাচিত দেশৰ মাজত থিয় দিছে যিয়ে এনেধৰণৰ উন্নত আৰু গুৰুত্বপূৰ্ণ সামৰিক প্ৰযুক্তিৰ ক্ষমতা অৰ্জন কৰিছে। মই ডি আৰ ডি অ, আমাৰ সশস্ত্ৰ বাহিনী আৰু সহযোগী সংস্থাসমূহক এই অসাধাৰণ সাফল্যৰ বাবে অভিনন্দন জনাইছো।  

উল্লেখ্য যে, হাইপাৰছনিক এই মিছাইলৰ শব্দতকৈ পাঁচগুণ অধিক বেগৰে অৰ্থাৎ ঘণ্টাত প্ৰায় ৬,২০০ কিলোমিটাৰ গতিৰে উৰিণ সক্ষম। অৱশ্য ই আন্তঃমহাদেশীয় বেলেষ্টিক মিছাইলতকৈ কিছু মন্থৰ। কিন্তু আঁকাৰ আৰু গঠন প্ৰণালীয়ে মিছাইলটোক লক্ষ্যস্থানত সহজতে উপনীত কৰাত সক্ষম।

 

 

ৰাজনাথ সিং DRDO প্ৰতিৰক্ষা বিভাগ