অশোক গেহলট আৰু ডিজিপি উমেশ মিশ্ৰৰ গুৰুত্বহীনতাৰ বাবেই মৃত্য়ু হ'ল গোগামেড়ীৰ : পত্নীৰ অভিযোগ

অশোক গেহলট আৰু ডিজিপি উমেশ মিশ্ৰৰ গুৰুত্বহীনতাৰ বাবেই মৃত্য়ু হ'ল গোগামেড়ীৰ : পত্নীৰ অভিযোগ
Published on
Updated on

ডিজিটেল ডেস্কঃ যোৱা বুধাবাৰে জয়পুৰত ৰাষ্ট্ৰীয় ৰাজপুত কৰণী সেনাৰ ৰাষ্ট্ৰীয় সভাপতি সুখদেৱ সিং গোগামেড়ীক নিজবাস গৃহতে দুবৃত্তই গুলীয়াই হত্যা কৰাৰ পাছতে গোগামড়ীৰ সমৰ্থকসকলে সমগ্ৰ ৰাজস্থানতে প্ৰতিবাদ কৰাৰ লগতে বুধবাৰে জয়পুৰ বন্ধৰ আহ্বান জনাইছিল। গোগামেড়ীৰ হত্যাৰ কিছুসময় পাছতে সামাজিক মাধ্যমযোগে এটা অপৰাধী চক্ৰৰ লগত জড়িত ৰোহিত গোদাৰা নামৰ এজন যুৱকে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছিল।

সুখদেৱ সিং গোগামেড়ীৰ হত্যাকাণ্ডৰ পিছত দাখিল কৰা প্ৰথম তথ্য প্ৰতিবেদন তেওঁৰ পত্নী শিলা শ্বেখাৱাতে কৰণী সেনাৰ মুৰব্বীগৰাকীৰ নিৰাপত্তাৰ ক্ষেত্ৰত ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু ৰাজস্থানৰ আৰক্ষী সঞ্চালক প্ৰধান উমেশ মিশ্ৰৰ গুৰুত্বহীনতাৰ বাবেই গোগামেড়ীৰ হত্যা হোৱা বুলি অভিযোগ উত্থাপন কৰিছে।

গোগামেড়ীৰ পত্নীয়ে জনোৱা মতে, পঞ্জাৱ আৰক্ষীয়ে যোৱা ফেব্ৰুৱাৰী মাহতে ৰাজস্থানৰ আৰক্ষী সঞ্চালক প্ৰধান উমেশ মিশ্ৰক কৰ্ণী সেনাৰ মুৰব্বী গোগামেড়ীক হত্যাৰ ষড়যন্ত্ৰ চলি থকা বুলি অৱগত কৰি এখন পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াৰ লগতে জয়পুৰ এণ্টি টেৰ’ৰ স্কোয়াডেও তেওঁক একেধৰণৰ ইনপুট দিছিল।

কিন্তু তাৰ পাছতো ৰাজস্থানৰ ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট আৰু আৰক্ষী সঞ্চালক প্ৰধান উমেশ মিশ্ৰৰ কৰণী সেনাৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক নিৰাপত্তা প্ৰদান নকৰা বুলি প্ৰয়াত গোগামোড়ীৰ পত্নীয়ে অভিযুগ উত্থাপন কৰিছে।

উল্লেখ্য যে, পূৰ্বে কেইবাটাও অপৰাধমূলক গোচৰতো গোগামেড়ীৰ নাম উল্লেখ আছিল বাবে গোগামেড়ীৰ হত্যা আন্তঃগেং প্ৰতিদ্বন্দ্বিতাৰ ফল হ'ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে আৰু বিষয়ে আৰক্ষীৰ তদন্ত অব্যাহত আছে।

আনহাতে, গোগামেড়ীৰ হত্যাকাৰীক বিচাৰি ৰাজস্থান আৰক্ষীয়ে একাধিক দল গঠন কৰি অভিযুক্তৰ সন্ধানত নামি পৰিছে। তদুপৰি ৰাজস্থানৰ আৰক্ষী সঞ্চালক প্ৰধানেও গঠন কৰিছে বিশেষ তদন্তকাৰী দল। উল্লেখ্য যে গোগামেড়ীৰ হত্যাত অভিযুক্ত লোকৰ যিকোনো তথ্যৰ বাবে ৫ লাখ টকা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে ৰাজস্থান আৰক্ষীয়ে।

অশোক গেহলট আৰু ডিজিপি উমেশ মিশ্ৰৰ গুৰুত্বহীনতাৰ বাবেই মৃত্য়ু হ'ল গোগামেড়ীৰ : পত্নীৰ অভিযোগ
গুৱাহাটীত ৩ ব্যৱসায়ীৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in