আজি কলকাতাত সুনীল ছেত্ৰীৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল...

আজি কলকাতাত সুনীল ছেত্ৰীৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল...

Published on

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ভাৰতীয় ফুটবল তাৰকা সুনীল ছেত্ৰীৰ অন্তিমখন খেল। কলকাতাত কোৱেইটৰ বিৰুদ্ধে অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল খেলিব খেলুৱৈগৰাকীয়ে। সুদীৰ্ঘ দুটা দশকজোৰা পৰিক্ৰমাৰ অন্ত পেলাই বৃহস্পতিবাৰে আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰগ্ৰহণ ল'ব সুনীল ছেত্ৰীয়ে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ৩৯বছৰীয়া তাৰকা ফুটবলাৰগৰাকীয়ে ২০০৫চনৰ ১২জুনত আন্তৰ্জাতিক ফুটবলত অভিষেক ঘটিছিল। পাকিস্তানৰ বিৰুদ্ধে অভিষেক ঘটা সুনীল ছেত্ৰীয়ে উক্ত মেচতে প্ৰথমটো গল কৰিবলৈ সক্ষম হৈছিল।

সুনীল ছেত্ৰীয়ে দেশৰ উপৰি বিভিন্ন ক্লাৱৰ হৈও খেলিছিল ফুটবল। মোহন বাগান, আই এছ এল আদি বিভিন্ন পেচাদাৰী প্ৰতিযোগিত তেঁও প্ৰতিভাৰ চানেকি দাঙি ধৰিবলৈ সক্ষম হৈছিল। তেঁওৰ নেতৃত্বতে ভাৰতীয় ফুটবলে সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছিল।আন্তৰ্জাতিক পৰ্যায়ত তেঁও খেলিছে ১৫০খন মেচ আৰু তেঁওৰ নামত আছে ৯৪টা গল।

বিশ্বৰ সৰ্বাধিক গল দাতাৰ তালিকাত সম্প্ৰতি তেঁওৰ স্থান চতুৰ্থ। ১২৮টা গলৰে শীৰ্ষত আছে ক্ৰিষ্টিয়ানা ৰোণাল্ড’। ভাৰতীয় ফুটবলৰ ক্ষেত্ৰত সুনীল চেত্ৰীৰ অৱদান অপৰিসীম। তেঁওৰ এই অৱদানৰ বাবে ক্ৰীড়াপ্ৰেমীয়ে সদায়ে তেঁওক মনত ৰাখিব।

আজি কলকাতাত সুনীল ছেত্ৰীৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল...
কঠীয়াতলী খণ্ড প্ৰাথমিক চিকিৎসালয়ত উত্তেজনাঃ চিকিৎসক-নাৰ্চৰ হেমাহিৰ বাবে প্ৰাণ গ'ল নৱজাতকৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in