খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ ক্ষমতা ৰাজ্যৰঃ সাংবিধানিক বিচাৰপীঠৰ ঐতিহাসিক ৰায়...

৯ জনীয়া বিচাৰপীঠৰ ৮ জনৰেই ৰাজ্যৰ সপক্ষে ৰায়
খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ ক্ষমতা ৰাজ্যৰঃ সাংবিধানিক বিচাৰপীঠৰ ঐতিহাসিক ৰায়...
খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ ক্ষমতা ৰাজ্যৰঃ সাংবিধানিক বিচাৰপীঠৰ ঐতিহাসিক ৰায়...
Published on
Updated on

ডিজিটেল ডেস্কঃ খনিজাত সম্পদৰ ওপৰত কৰ আৰোপ কৰা আৰু ৰাজহ সংগ্ৰহৰ অধিকাৰ কাৰ? ৰাজ্য চৰকাৰৰ নে কেন্দ্ৰীয় চৰকাৰৰ? এই বিষয়ত বুধবাৰে উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে এক ঐতিহাসিক ৰায় প্ৰদান কৰিলে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ সৈতে মুঠ ৯ গৰাকী ন্যায়াধীশৰ এই সাংবিধানিক বিচাৰপীঠে ন্যায়ালয়ত বিষয়টোৰ সন্দৰ্ভত দাখিল হোৱা ৮০ খনৰো অধিক আবেদন একত্ৰিতভাৱে লৈ এই গোচৰৰ ৰায় প্ৰদান কৰি কয় যে, খনিজাত পদাৰ্থৰ ওপৰত টেক্স বা কৰ আৰোপ কৰাৰ অধিকাৰ কেৱল ৰাজ্য চৰকাৰৰ ওপৰতহে থাকিব।

এই ঐতিহাসিক ৰায় প্ৰদান কৰাৰ ক্ষেত্ৰত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়কে ধৰি ৮ জন ন্যায়াধীশে ৰাজ্য চৰকাৰৰ সপক্ষে আৰু মাত্ৰ এজন ন্যায়াধীশে কেন্দ্ৰীয় চৰকাৰৰ সপক্ষে অৱস্থান গ্ৰহণ কৰে। ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে ৰায় প্ৰদান কৰি কয়- ৰাজ্যসমূহে খনিজ পদাৰ্থ আৰু খনিজ ভূমিত কৰ আৰোপ কৰিব পাৰিব। কিন্তু এই সন্দৰ্ভত ১ এপ্ৰিল ২০০৫ ৰ পূৰ্বৰ যিসমূহ খনিজাত সামগ্ৰীৰ লেনদেন বা ব্যৱসায় হৈছিল সেইসমূহৰ ওপৰত কৰ আৰোপ কৰিব নোৱাৰিব।

অৰ্থাৎ ৰাজ্যসমূহে খনিজ সম্পদৰ ক্ষেত্ৰত ১ এপ্ৰিল ২০০৫ ৰ পৰৱৰ্তী সময়ৰ পৰা খনিজ সম্পদ বা খনিজ ভূমিৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ আৰু কোম্পানীসমূহৰ লেনদেনৰ ওপৰত ৰয়েলিটি বা কৰ আৰোপ কৰিব পাৰিব। ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়ে এতিয়া ৰাজ্যসমূহক অৰ্থনৈতিকভাৱে শক্তিশালী হোৱাৰ ক্ষেত্ৰত এখোজ আগবঢ়াত সহায় কৰিলে।

এই ৰায়ে কেন্দ্ৰ আৰু মাইনিং কোম্পানীসমূহক পৰৱৰ্তী ১২ বছৰৰ ভিতৰত ৰাজ্যসমূহৰ বকেয়া আদায় দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। অৱশ্যে এই বকেয়াৰ ওপৰত ৰাজ্যসমূহে সূত আদায় কৰিব নোৱাৰিব। এই ৰায়ে খনিজ সম্পদেৰে সমৃদ্ধ ৰাজ্য যেন ওড়িষ্যা, ঝাৰখণ্ড, অসম, পশ্চিমবংগ, ছত্তিশগড়, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আদিক পোনপটিয়াকৈ যথেষ্ট সহায় কৰিব।

এই গোচৰত ৰাজ্যসমূহৰ দাবী আছিল কেন্দ্ৰীয় চৰকাৰে ১৯৮৯ চনৰ পৰা খনিজ পদাৰ্থৰ ওপৰত আৰোপ কৰা ৰয়েলিটি ৰাজ্যসমূহক ঘূৰাই দিয়া। এই দাবীক ন্যায়ালয়ে নস্যাৎ কৰিছে। ন্যায়ালয়ে কয় এনে সিদ্ধান্তই নাগৰিকৰ ওপৰত প্ৰভাৱ পেলাব আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ আনুমানিক ৭০ হাজাৰ কোটি টকা লোকচান কৰিব।

এই গোচৰত ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ লগতে মাইনিং কোম্পানীসমূহে ৰাজ্যসমূহক কৰ আৰোপ কৰাৰ ক্ষমতা অৰ্পণৰ বিৰোধিতা কৰিছিল। তেওঁলোকৰ মতে এই ক্ষমতা কেৱল কেন্দ্ৰৰ খনিজ মন্ত্ৰণালয়ৰ ওপৰতহে থাকিব লাগে।

ৰাজ্য চৰকাৰসমূহে ইয়াৰ বিৰোধিতা কৰি যুক্তি দিয়ে যে, যিহেতু ভূমি ৰাজ্যৰ, গতিকে টেক্স বা কৰো ৰাজ্যৰেই হ’ব লাগে। খনিজাত সম্পদ আৰু খনিজাত সম্পদৰ ভূমিৰ ওপৰত কেন্দ্ৰই কৰ আৰোপ কৰি অহাৰ বাবে ৰাজ্যসমূহৰ যথেষ্ট লোকচান হৈছে।

ন্যায়ালয়ত এই গোচৰত ঝাৰখণ্ড আৰু ওড়িষ্যা চৰকাৰৰ হৈ যুক্তি দিছিল জ্যেষ্ঠ অধিবক্তা ৰাকেশ দ্বিবেদীয়ে। তেওঁ পূৰ্বৰ শুনানিত ন্যায়ালয়ত যুক্তি দি কৈছিল ৰাজ্য চৰকাৰৰ ওচৰত সকলো ধৰণৰ ভূমিৰ ওপৰত কৰ আৰোপ কৰাৰ ক্ষমতা আছে যেতিয়া খনিজাত সম্পদৰ ভূমিৰ ওপৰত কৰ আৰোপ কৰাৰ ক্ষমতা কিয় নাই?

উল্লেখ্য যে, কেন্দ্ৰ আৰু ৰাজ্যৰ ক্ষমতাৰ ওপৰত আধাৰিত এই গুৰুত্বপূৰ্ণ বিষয়টোৰ শুনানিৰ বাবে গঠন কৰা ৯ জনীয়া সাংবিধানিক বিচাৰপীঠত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰে অধ্যক্ষতা কৰাৰ উপৰিও ন্যায়াধীশ হৃষীকেশ ৰয়, অভয় এছ ওকা, বিভি নাগাৰাথনা, জে বি পাৰ্ডিৱালা, মনোজ মিশ্ৰা, উজ্জল ভূঞা, সতীশ চন্দ্ৰ শৰ্মা আৰু আগষ্টিন জৰ্জ মাছিহ সদস্য হিচাপে আছিল।  

যিহেতু এই গোচৰৰ ৰায়ত বিচাৰপীঠৰ সদস্য ন্যায়াধীশ বিভি নাগাৰাথনাই ৰাজ্যসমূহৰ বিৰুদ্ধে অৱস্থান কৰিছিল গতিকে তেওঁ এই ৰায়ত স্বাক্ষৰৰ পৰা বিৰত থাকে। খনিজ সম্পদ আৰু খনিজ ভূমিৰ ওপৰত কৰ আৰোপ কৰাৰ ক্ষমতা ৰাজ্যসমূহক প্ৰদান কৰি দিয়া সাংবিধানিক বিচাৰপীঠৰ এই ৰায়ত মুখ্য ন্যায়াধীশকে ধৰি মুঠ ৮ জন সদস্যই স্বাক্ষৰ কৰে। উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ এই সিদ্ধান্তই ১৯৮৯ চনত ন্যায়ালয়ে কেন্দ্ৰক খনিজ সম্পদৰ ওপৰত কৰ বা ৰয়েলিটি আৰোপ কৰাত দিয়া একচেটিয়া ক্ষমতা কৰ্তন কৰিলে।  

 

খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ ক্ষমতা ৰাজ্যৰঃ সাংবিধানিক বিচাৰপীঠৰ ঐতিহাসিক ৰায়...
'অসমীয়া যুৱক নাথাকিলে কাকলৈ আমি অসমক উন্নত কৰিম, স্বাধীন কৰিম'- পৰেশ বৰুৱাক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in