ডিজিটেল ডেস্কঃ বহুত হ'ল বুলডোজাৰৰ ৰাজনীতি। এতিয়াৰে পৰা মন গ'লেই কোনো চৰকাৰ, প্ৰশাসনে য'তে ত'তে চলাব নোৱাৰিব বুলডোজাৰ। ৰাজনৈতিক মুনাফা আদায়ৰ বাবেই অভিযুক্তৰ ঘৰ ভাঙিব নোৱোৰিব। আজি উচ্চতম ন্যায়ালয়ে (Supreme Court of India) বুলডোজাৰৰ ৰাজনীতিৰ ওপৰত গ্ৰহণ কৰিলে কঠোৰ স্থিতি।
উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা বুলডোজাৰৰ জৰিয়তে অভিযুক্তৰ ঘৰ ভঙা কাৰ্য সংক্ৰান্তিয় এক গোচৰৰ শুনানিত আজি ন্যায়ালয়ে এনে কাৰ্যক তীব্ৰ সমালোচনা কৰাৰ লগতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈয়ো নিৰ্দেশ দিছে। এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব অহা ১ অক্টোবৰত। তেতিয়ালৈকে কোনো ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলতে কোনো অভিযুক্তৰ ঘৰ বুলডোজাৰেৰে ভাঙিব নোৱাৰিব।
উচ্চতম ন্যায়ালয়ে আজি এক নিৰ্দেশনাত কয়, ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনে বেআইনী নিৰ্মাণ ভঙাৰ যুক্তিত বুলডোজাৰ (Bulldozer) চলাব নোৱাৰিব অপৰাধী বা অভিযুক্তৰ গৃহত। ন্যায়ালয়ে কয়, বুলডোজাৰৰ নীতি ভাৰতীয় সংবিধানৰ মূল চেতনাৰ পৰিপন্থী।
উল্লেখ্য যে, যোগী আদিত্য নাথ(Yogi Aditya Nath)ৰ শাসনত উত্তৰ প্ৰদেশত আত্মপ্ৰকাশ কৰিছিল এই বুলডোজাৰৰ ৰাজনীতি। উত্তৰ প্ৰদেশ (Uttar Pradesh)ৰ পৰাই এই নীতি অসমকে ধৰি একাধিক বিজেপি শাসিত ৰাজ্যলৈ সম্প্ৰসাৰিত হৈছে। অসমত ইতিমধ্যে একাধিক তেনে ঘটনা সংঘটিত হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয় (Gauhati High Court)ত এই সংক্ৰান্তিয় গোচৰত অসম চৰকাৰে মুখ থেকেচা খাইছে। ক্ষতিপূৰণ দিবলগীয়া হৈছে ভুক্তভোগীৰ পৰিয়ালক।
এনে প্ৰৱণতাৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু হৈছিল উচ্চতম ন্যায়ালয়ত। যোৱা ২ ছেপ্টেম্বৰত এই গোচৰৰ শুনানিত বুলডোজাৰৰ নীতিক লৈ প্ৰশ্ন তুলিছিল উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ বি আৰ গভাই, ন্যায়াধীশ কে ভি বিশ্বনাথৰ যুটীয়া বিচাৰপীঠে এই সন্দৰ্ভত কয়, কোনো অভিযুক্ত বা দোষী হ'লেই তেওঁৰ ঘৰ ভাঙি দিব নোৱাৰি। এনে কোনো আইন নাই। ঘৰ ভঙাৰ ক্ষেত্ৰত সুনিৰ্দিষ্ট আইন থকা উচিত। ভাঙিলে তেনে আইনৰ ভিত্তিতে ভাঙিব লাগিব।
উচ্চতম ন্যায়ালয়ে এক অন্তৱৰ্তীকালীন নিৰ্দেশনাত এই বিষয়ত কয়, এটাও বেআইনী নিৰ্মাণো যদি বুলডোজাৰেৰে ভাঙি দিয়া হয় তেন্তে সেয়া হ'ব আমাৰ সংবিধানৰ চেতনা বা মূল ভাৱনাৰ পৰিপন্থী। ইয়াৰোপৰি কোৱা হৈছে অহা ১ অক্টোবৰৰ পৰৱৰ্তী শুনানি নোহোৱা পৰ্যন্ত কোনো ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলতে বুলডোজাৰেৰে ঘৰ ভাঙিব নোৱাৰিব।
অৱশ্যে চৰকাৰী ভূমি দখল কৰি বা কোনোবাই পথ, ৰে'ল লাইন, ফুটপাথ আদি দখল কৰি বে আইনী নিৰ্মাণ কৰিলে সেই সমূহ ভঙাৰ ক্ষেত্ৰত বুলডোজাৰ ব্যৱহাৰ কৰাত কোনো বাধা নাই।
Also Read: Haryana Election: হাৰিয়ানাত ক্ষমতা হেৰুৱাব বিজেপিয়ে ! কংগ্ৰেছক ৰুধিবলৈ সাজু আপ !