'ধৰ্মনিৰপেক্ষতা ভাৰতীয় সংবিধানৰ মূল পৰিকাঠামোৰ অংশ'- উচ্চতম ন্যায়ালয়

'ধৰ্মনিৰপেক্ষতা ভাৰতীয় সংবিধানৰ মূল পৰিকাঠামোৰ অংশ'- উচ্চতম ন্যায়ালয়

author-image
Asomiya Pratidin
New Update
'ধৰ্মনিৰপেক্ষতা ভাৰতীয় সংবিধানৰ মূল পৰিকাঠামোৰ অংশ'- উচ্চতম ন্যায়ালয়

'ধৰ্মনিৰপেক্ষতা ভাৰতীয় সংবিধানৰ মূল পৰিকাঠামোৰ অংশ'- উচ্চতম ন্যায়ালয়

ডিজিটেল ডেস্কঃ 'ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ আৰু সমাজতান্ত্ৰিক শব্দ দুটা যদিও পৰৱৰ্তী সময়ত সংবিধান সংশোধনৰ জৰিয়তে প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হৈছে তথাপিও এই দুয়োটা শব্দ সংবিধানৰ মূল পৰিকাঠামোৰ অন্তৰ্ভুক্ত।'-এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ।

১৯৭৬ চনৰ ৪২ তম সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ আৰু সমাজতান্ত্ৰিক শব্দ দুটা ব্যৱহাৰক লৈ আপত্তি দৰ্শাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল অধিবক্তা তথা বিজেপি নেতা সুব্ৰমণিয়ম স্বামী, অশ্বিনী উপাধ্যায় আৰু বলৰাম সিং।

এই গোচৰৰ প্ৰথম শুনানি সোমবাৰে গ্ৰহণ কৰে ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰৰ যুটীয়া বিচাৰপীঠে। এই শুনানিৰ সময়ত ন্যায়ালয়ে আবেদনকাৰীক পোনপটিয়াকৈ প্ৰশ্ন কৰে- আপোনালোকে কি নিবিচাৰে নেকি ভাৰত ধৰ্মনিৰপেক্ষ হৈ থাকক?

ইয়াৰ উত্তৰত আবেদনকাৰী অধিবক্তাই কয়, আমি কোৱা নাই ভাৰত ধৰ্মিনিৰপেক্ষ নহয়। আমি কেৱল সংবিধান সংশোধনীৰ বিৰোধিতা কৰিছো। ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ে কয়, একাধিক ৰায়ত এই কথা পূৰ্বেই স্পষ্ট কৰা হৈছে যে, ভাৰতৰ ধৰ্মনিৰপেক্ষতা সংবিধানৰ মূল পৰিকাঠামোৰ অন্তৰ্ভুক্ত।

কোনোবাই যদি সাম্য আৰু ভাতৃত্ব শব্দ দুটা চাই আৰু সংবিধানৰ তৃতীয় অধ্যায়ত থকা অধিকাৰসমূহ চাই তেতিয়া সকলো পৰিস্কাৰ হৈ পৰে। ধৰ্মনিৰপেক্ষতাক সংবিধানৰ মূল বৈশিষ্ট্য হিচাপেই দেখোৱা হৈছে।

অধিবক্তা সুব্ৰমণিয়ম স্বামীয়ে দাবী কৰি কয়, সংবিধানৰ প্ৰস্তাৱনা গৃহীত হৈছিল ২৬ নৱেম্বৰ ১৯৪৯ চনত। তাৰ পাছত সংবিধানৰ প্ৰস্তাৱনাত শব্দ সংযোগ কৰাতো স্বেচ্ছাচাৰী। এনে লাগে যেন ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ধৰ্মনিৰপেক্ষ আৰু সমাজতান্ত্ৰিক ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

ইয়াৰ উত্তৰত ন্যায়াধীশ খান্নাই কয়, এই শব্দ বান্ধনীত আছে, সেয়ে যিকোনো লোকেই বুজি পাব সেয়া পৰৱৰ্তী সংযোজন। তাৰোপৰি তেওঁ কয় সংবিধানৰ ৰাষ্ট্ৰৰ একতা, সংহতি আদি শব্দবোৰো পৰৱৰ্তী সংযোজন। এই গোচৰৰ পৰৱৰ্তী শুনানি হ'ব পৰবৰ্তি সপ্তাহত।

Also Read: কংগ্ৰেছ,CPI(ML)ক ভোট দিলে সেই ভোট ডাষ্টবিন অথবা নদীত পেলাই দিয়া হবঃ বিধায়ক দিগন্ত কলিতা

উচ্চতম ন্যায়ালয় ভাৰতীয় সংবিধান ধৰ্মনিৰপেক্ষতা