ডিজিটেল ডেস্কঃ “আইন-শৃংখলা বৰ্তাই ৰখাটো উচ্চতম নায়্যালয়ৰ কাম নহয়, সেয়া নিৰ্বাচিত চৰকাৰৰহে কাম” সোমবাৰে মনিপুৰৰ পৰিস্থিতি সন্দৰ্ভত একাধিক আৱেদনৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি. ৱাই. চন্দ্ৰচুড়ে ।
ন্যায়াধীশ পি. এচ. নৰসিংহৰ সৈতে গঠিত দুজনীয়া বিচাৰপীঠে আজি জেষ্ঠ অধিবক্তা কলিন গনছালভেছৰ দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।কুকি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা জেষ্ঠ অধিবক্তাগৰাকীয়ে উত্তৰ-পূৰ্ৱাঞ্চলৰ ৰাজ্যসমূহৰ পৰিস্থিতি নিয়ন্ত্ৰনলৈ অনাৰ বাবে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ দাবী জনাইছিল।
উল্লেখ্য যে, মে' মাহৰ আৰম্ভণিতে মনিপুৰৰ কুকি আৰু মেইটি সম্প্ৰদায়ৰ লোকসকলৰ মাজত সৃষ্টি হোৱা জাতিগত সংঘৰ্ষৰ ফলত বৰ্তমানলৈ প্ৰায় ১৫০ লোক নিহত হোৱাৰ লগতে বহু লোক আহত হয়।
মনিপুৰৰ অশান্তি “ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত হোৱা হিংসা” বুলি জেষ্ঠ অধিবক্তা গনছেলভেছে কৰা অভিযোগৰ উত্তৰত মুখ্য ন্যায়াধীশ গৰাকীয়ে কয় যে, “আমি নিবিছাৰো যে এই মঞ্চ ৰাজ্যখনত হিংসাত্মক পৰিস্থিতৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা হওঁক”।
জেষ্ঠ অধিবক্তা গনছালভেছে অভিযোগ কৰে যে, মনিপুৰত সৃষ্টি হোৱা সংঘৰ্ষত শাসনাধীন বিজেপি চৰকাৰে ইন্ধন যোগাইছে। ইয়াৰোপৰি ৰাজ্য চৰকাৰে হিংসাত্মক ঘটনাৰ লগত জড়িত সশস্ত্ৰ সংগঠনক সমৰ্থন কৰা বুলিও অভিযোগ উত্থাপন কৰে।
ইয়াৰ প্ৰত্যুত্তৰত মুখ্য ন্যায়াধীশ গৰাকীয়ে কয় যে, “উচ্চতম ন্যায়ালয় এই কাম কৰা মঞ্চ নহয়, উচ্চতম ন্যায়ালয়ৰ দায়িত্বৰ প্ৰতি আমি সচেতন হোৱা উচিত।আমি আইন-শৃংখলা পৰিচালনা কৰিব নোৱাৰো, এইটো নিৰ্বাচিত চৰকাৰৰ কাম।“
তেওঁ লগতে কয় যে, এইটো এটা মানৱীয় সংকত আৰু উচ্চতম ন্যায়ালয়ৰ হাতত যথেষ্ট শক্তি আছে যদিও ই ইয়াৰ কৰ্ম মৰ্যাদাৰ প্ৰতি সচেতন। ইয়াৰ লগতে তেওঁ আৱেদনকাৰীসকলক গঠনমূলক পৰামৰ্শ আগবঢ়াবলৈ অনুৰোধ জনায়।
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত মুখ্য সচিবে দাখিল কৰা প্ৰতিবেদন আদালতে গ্ৰহণ কৰে।যোৱা সপ্তাহত আদালতে ৰাজ্য চৰকাৰক হিংসা বন্ধ কৰাৰ বাবে আৰু ক্ষতিগ্ৰস্থৰ পুনৰ্বাসনৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে। অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ বাবে ১০ কিলোমিটাৰ দৈৰ্ঘৰ ঘাইপথ এটা মুকলি কৰাৰ বাবে মনিপুৰ হাইকৰ্ট বাৰ এচচিয়েছনৰ অনুৰোধৰ ওপৰতো বিবেচনা কৰিবলৈও ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায়।