উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় : এতিয়াৰে পৰা চৰকাৰে অধিগ্ৰহণ কৰিব নোৱাৰিব ব্যক্তিগত সা-সম্পত্তি...

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় : এতিয়াৰে পৰা চৰকাৰে অধিগ্ৰহণ কৰিব নোৱাৰিব ব্যক্তিগত সা-সম্পত্তি...

author-image
Asomiya Pratidin
New Update
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় : এতিয়াৰে পৰা চৰকাৰে অধিগ্ৰহণ কৰিব নোৱাৰিব ব্যক্তিগত সা-সম্পত্তি...

ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। সম্পত্তি সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ বিষয়ত দেশৰ মুখ্য ন্যায়াধীশকে ধৰি ৯গৰাকী ন্যায়াধীশ থকা এখন উচ্চ স্তৰীয় বিচাৰপীঠে এই ৰায়দান কৰিছে।

যোৱা ৫নৱেম্বৰ ২০২৪ত ৯জনীয়া এই বিচাৰপীঠে ৰায় প্ৰদান কৰে যে,এতিয়াৰে পৰা চৰকাৰে বিচাৰিলেই কোনো ব্যক্তিগত সা-সম্পত্তি অধিগ্ৰহণ কৰিব নোৱাৰিব। কেৱল অধিগ্ৰহণেই নহয়, চৰকাৰী অধিগ্ৰহণকৃত সা-সম্পত্তি ভাগ-বতৰোৱাও কৰিব নোৱাৰিব চৰকাৰে।

উচ্চতম ন্যায়ালয়ে এই ৰায় অনুচ্ছেদ-৩১(বি)ৰ ওপৰত গ্ৰহণ কৰা এক শুনানিৰ সময়তে প্ৰদান কৰে। পূৰ্বৰ অনুচ্ছেদ ৩১-চি সংশোধনীৰ পিছত এই ৰায় এক ঐতিহাসিক ৰায় হিচাপে বিবেচিত হব বুলি আইনবিদ সকলে মত পোষণ কৰিছে।

৯জনীয়া এই বিচাৰপীঠত আছিল খোদ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়. ন্যায়াধীশ হৃষীকেশ ৰায়, ন্যায়াধীশ ৰিবী নাগৰত্না, ন্যায়াধীশ সুধাংশু ধুলিয়া, ন্যায়াধীশ জেবি পাদৰীৱালা, ন্যায়াধীশ মনোজ মিশ্ৰা, ন্যায়াধীশ ৰাজেশ বিন্দল, ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু ন্যায়াধীশ আগষ্টীন জৰ্জ মসীছ।

৯জনীয়া বিচাৰপীঠে এই ৰায়ৰ সপক্ষে ৭গৰাকী আৰু বিপক্ষে ২গৰাকী ন্যায়াধীশে মত ব্যক্ত কৰে। উল্লেখ কৰা প্ৰয়োজন যে, অনুচ্ছেদ ৩১-চি ১৯৬৯চনত সংবিধানত অন্তভূক্ত কৰা হৈছিল। সেই সময়ত ইন্দিৰা গান্ধীৰ শাসনকাল আছিল। তেনে সময়তে বেংকৰ ৰাষ্ট্ৰীয়কৰণৰ সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা এক সিদ্ধান্ত আদালতে স্থগিতাদেশ জাৰি কৰাৰ পাছতে ইন্দিৰা গান্ধীয়ে এই অনুচ্ছেদ অন্তভূক্ত কৰিছিল।

সংবিধানৰ এই অনুচ্ছেদৰ মতে,যদিহে কোনো ব্যক্তিগত সম্পত্তি দহৰ বা সমাজৰ ভালৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰে, তেন্তে তাত কোনেও বাধা প্ৰদান কৰিব নোৱাৰিব। ১৯৭৬চনত ইন্দিৰা গান্ধী চৰকাৰে এই অনুচ্ছেদৰ পৰিসৰ আৰু অধিক বহল কৰিব বিচাৰিছিল যদিও উচ্চতম ন্যায়ালয়ে এই বিষয়টো অগ্ৰাহ্য কৰিছিল।

Also Read: বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰক আটছাৰ মুকলি সমৰ্থন

supreme court Property