সুস্মিতাৰ প্ৰতি মৰম কমিল মমতাৰঃ পুনৰ নিদিলে 'উপহাৰ'...

সুস্মিতাৰ প্ৰতি মৰম কমিল মমতাৰঃ পুনৰ নিদিলে 'উপহাৰ'...

author-image
Asomiya Pratidin
New Update
সুস্মিতাৰ প্ৰতি মৰম কমিল মমতাৰঃ পুনৰ নিদিলে 'উপহাৰ'...

সুস্মিতাৰ প্ৰতি মৰম কমিল মমতাৰঃ পুনৰ নিদিলে 'উপহাৰ'...

ডিজিটেল ডেস্কঃ কংগ্ৰেছ ত্যাগ কৰি  ২০২১ ত তৃণমূল কংগ্ৰেছত যোগদান কৰা সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী সুস্মিতা দেৱৰ প্ৰতি মৰম কমিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰা সুস্মিতা দেৱক মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ পৰা ৰাজ্যসভালৈ প্ৰেৰণ কৰিছিল।

সুস্মিতা দেৱৰ প্ৰতি মমতা বেনাৰ্জীৰ এনে মৰম দেখি সেই সময়ত সুস্মিতা দেৱে কৈছিল, অসমৰ জীয়ৰী হোৱাৰ পাছতো তেওঁক বংগৰ পৰা ৰাজ্যসভালৈ প্ৰেৰণ কৰাত অভিভূত হৈ পৰিছে। পিছে টি এম চিৰ মুৰব্বী মমতা বেনাৰ্জীৰ সেই মৰম বৰ বেছি দিন নাথাকিল।

২০২১ত পশ্চিমবংগৰ ৰাজ্যসভাৰ এখন আসনৰ বাবে অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত বিনা প্ৰতিদ্বন্দিতাৰে তৃণমূল কংগ্ৰেছৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা সুস্মিতা দেৱৰ কাৰ্যকাল অহা ১৮ আগষ্টত শেষ হ'ব।

সুস্মিতা দেৱৰ সৈতে পশ্চিমবংগৰ মুঠ ৬ খন আসন খালী হ'ব ১৮ আগষ্টত। এই ৬ খন আসনৰ বাবে ইতিমধ্যে টি এম চিয়ে ঘোষণা কৰিছে তেওঁলোকৰ প্ৰাৰ্থীৰ নাম। পিছে এই ঘোষিত প্ৰাৰ্থীৰ তালিকাত এইবাৰ নাম নাই বৰাক উপত্যকাৰ এসময়ৰ শক্তিশালী নেত্ৰী সুস্মিতা দেৱৰ।

উল্লেখ্য যে, সুস্মিতা দেৱে টি এম চিত যোগদান কৰাৰ পাছতে তেওঁক ৰাজ্যসভাৰ সাংসদ হিচাপে জয়ী কৰাই ত্ৰিপুৰাত দলটো শক্তিশালী কৰাৰ দায়িত্ব প্ৰদান কৰিছিল। সেই অনুসৰিয়েই অসম এৰি সুস্মিতা দেৱে ত্ৰিপুৰাৰ যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত বাহাৰ পাতিছিলগৈ।

কিন্তু ভৱাৰ ধৰণে টি এম চিয়ে ৰাজ্যখনৰ নিৰ্বাচনত ফলাফল দেখুৱাবলৈ সক্ষম নহ’ল। মুঠ ২৮ খন আসনত দলটোৱে প্ৰাৰ্থীত্ব প্ৰদান কৰি আটাইকেখন আসন মিলাই সৰ্বমুঠ ভোট লাভ কৰিলে মাত্ৰ ২২ হাজাৰ ৩১৬ টা।

এয়া আছিল ৰাজ্যখনৰ মুঠ ভোটাৰৰ ০.৮৮ শতাংশ। অৰ্থাৎ দলটোৱে ৰাজ্যখনত ১ শতাংশ ভোটো লাভ কৰিবলৈ সক্ষম নহ'ল। উল্লেখ্য যে, পশ্চিমবংগৰ এই ৬ খন আসনৰ বাবে টি এম চিয়ে ঘোষণা কৰা ৬ জন প্ৰাৰ্থী ক্ৰমে, ডেৰেক অ'ব্ৰাইন, দোলা সেন, সুখেন্দু শেখৰ ৰয়, সমীৰুল ইছলাম, সাকেত গোখলে আৰু প্ৰকাশ চিক বাৰাইক।

সুস্মিতা দেৱৰ স্থানত এইবাৰ টি এম চিয়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বিতৰ্কিত আৰ টি আই কৰ্মী সাকেত গোখলেক। আৰ টি আই কৰ্মী সাকেত গোখলে আছিল এগৰাকী সাংবাদিক।

হিন্দুস্তান টাইমছ আৰু ফাইনেন্সিয়েল টাইমছত বিদেশী সংবাদ দাতা হিচাপে কাম কৰাৰ পিছত ২০২১ চনত তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। ইয়াৰ পিছত ২০২২ চনৰ ডিচেম্বৰত গুজৰাটত মৰ্বি দলং খহি পৰা ঘটনাৰ সময়ত এক বিতৰ্কিত টুইটৰ জৰিয়তে গোখলে চৰ্চালৈ আহিছিল।

স্মৰ্তব্য ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে অহা আগষ্টত পশ্চিমবংগৰ লগতে গুজৰাট আৰু গোৱাৰ মুঠ ১০ খন আসনৰ বাবে ২৪ জুলাইত নিৰ্বাচন অনুষ্ঠিত হ'ব। খালী হোৱা ৰাজ্যসভা আসনৰ নিৰ্বাচন ২৪ জুলাইত অনুষ্ঠিত হ'ব ৷

Also Read: বিপদসীমা অতিক্ৰমৰ উপক্ৰম যমুনা নদীৰঃ ৰাজধানী চহৰলৈ ভাবুকি...

মমতা বেনাৰ্জী সুস্মিতা দেৱ ৰাজ্যসভা নিৰ্বাচন