অযোধ্যাৰ ৰাজপথত অসমীয়া সংস্কৃতিৰ বৰ্ণিল শোভাযাত্ৰাঃ সূত্ৰধাৰ-২০২৪ ৰ সামৰণি

শ্ৰীমন্ত শংকৰদেৱৰ ভাওনা, নাম কীৰ্তন, বিয়ানাম, বৰঢোল, ওজাপালিৰে মুখৰিত ৰামচন্দ্ৰৰ জন্মভূমি
অযোধ্যাৰ ৰাজপথত অসমীয়া সংস্কৃতিৰ বৰ্ণিল শোভাযাত্ৰাঃ সূত্ৰধাৰ-২০২৪ ৰ সামৰণি
অযোধ্যাৰ ৰাজপথত অসমীয়া সংস্কৃতিৰ বৰ্ণিল শোভাযাত্ৰাঃ সূত্ৰধাৰ-২০২৪ ৰ সামৰণি
Published on
Updated on

ডিজিটেল সংবাদ বটদ্ৰৱাঃ শ্ৰীৰামচন্দ্ৰৰ জন্মভূমিত চলি থকা 'সূত্ৰধাৰ-২০২৪' শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলনৰ মাজতে আজি অযোধ্যাৰ ৰাজপথত দেখিবলৈ পোৱা গ'ল অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰা বিশাল সাংস্কৃতিক শোভাযাত্ৰা।

শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ চিন্তা-দৰ্শন আৰু অসম তথা অসমীয়াৰ জাতীয় জীৱনৰ স্বকীয় বৈশিষ্ট্যপূৰ্ণ অনন্য সমলসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰ কৰা সংকল্পৰে অযোধ্যাত কুটুম্ব সুৰক্ষা পৰিষদৰ উদ্যোগত চলি আছে 'সূত্ৰধাৰ ২০২৪" শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন।

২০ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হোৱা এই সন্মিলনৰ আজি তৃতীয় তথা অন্তিম দিন। এই অন্তিম দিনটোত পৰিষদে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰদানৰো এক কাৰ্যসূচী ৰূপায়ণ কৰে।

আজি অযোধ্যাৰ ৰাজপথত উলিওৱা বিশাল সাংস্কৃতিক শোভাযাত্ৰাত দেখিবলৈ পোৱা গ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাওনা, নাম কীৰ্তন, বিয়ানাম, বৰঢোল, ওজাপালি আদি বিভিন্ন অসমীয়া সংস্কৃতি প্ৰতিফলণ। এই শোভাযাত্ৰা কুটুম্ব সুৰক্ষা পৰিষদৰ 'সূত্ৰধাৰ-২০২৪' অনুষ্ঠানস্থলী বাসুদেৱ ঘাটৰ ধৰ্ম মণ্ডপৰ পৰা ৰাম মন্দিৰলৈ উলিওৱা হয়। যুৱক-যুৱতী, আই-মাতৃ তথা বহু জ্যেষ্ঠই পদব্ৰজে শোভাযাত্ৰাত অংশগ্ৰহণ কৰি ইয়াক সফল কৰি তোলে।

অযোধ্যাৰ ৰাজপথত অসমীয়া সংস্কৃতিৰ বৰ্ণিল শোভাযাত্ৰাঃ সূত্ৰধাৰ-২০২৪ ৰ সামৰণি
বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৪ অধ্যাপকৰ নাম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in