প্ৰৱল বৃষ্টিপাতঃ ৪ জিলাত বন্ধ ঘোষণা

প্ৰৱল বৃষ্টিপাতঃ ৪ জিলাত বন্ধ ঘোষণা

author-image
Asomiya Pratidin
New Update
প্ৰৱল বৃষ্টিপাতঃ ৪ জিলাত বন্ধ ঘোষণা

ডিজিটেল ডেস্কঃ তামিলনাডুৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হয়। যাৰ ফলত চৰকাৰে সোমবাৰে তিৰুনেলভেলি, থুথুকুডি, কন্যাকুমাৰী আৰু টেংকাচী জিলাৰ সকলো বিদ্যালয়, মহাবিদ্যালয়, ব্যক্তিগত প্ৰতিষ্ঠান, বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ বাবে বন্ধ ঘোষণা কৰে। কোভিলপট্টি অঞ্চলত ৪০টা হ্ৰদ বিপদ সীমা অতিক্ৰম কৰিছে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজি ৰাজ্যখনৰ বিভিন্ন জিলাত পুনৰ বৰষুণ হোৱাৰ সম্ভাৱণা আছে। ১৯ ডিচেম্বৰতো ৰাজ্যখনৰ বিভিন্ন জিলাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱণা আছে।

তামিলনাডু চৰকাৰে মানুহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। তামিলনাডুৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেকেএছএছআৰ ৰামচন্দ্ৰনে কয় যে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। সুৰক্ষা নিশ্চি কৰিবলৈ কেইবাজনো বিষয়াকো নিযুক্তি দিয়া হৈছে।

Also Read: সঁচাকৈয়ে কৰাচীৰ চিকিৎসালয়ত ভৰ্তি আছে নেকি দাউদ ইব্ৰাহিম? কোনে কৰিলে হত্যাৰ চেষ্টা...

tamilnadu