তামিলনাডুৰ ৰাজভৱন আক্ৰমণঃ কাঠগড়াত শাসকীয় চৰকাৰ....

তামিলনাডুৰ ৰাজভৱন আক্ৰমণঃ কাঠগড়াত শাসকীয় চৰকাৰ....
তামিলনাডুৰ ৰাজভৱন আক্ৰমণঃ কাঠগড়াত শাসকীয় চৰকাৰ....
Published on
Updated on

ডিজিটেল ডেস্কঃ তামিলনাডুৰ ৰাজভৱন পেট্ৰ’ল বোমাৰে আক্ৰমণ কৰা ঘটনাই ৰাজ্যখনত ব্যাপক চাঞ্চল্য সৃষ্টি কৰাৰ লগতে সমগ্ৰ ঘটনাক লৈ ৰাজনীতি আৰম্ভ হৈছে। ইফালে এই ঘটনাৰ নিৰপেক্ষ তদন্ত আৰম্ভ নহওঁতেই তদন্ত প্ৰক্ৰিয়া শেষ হোৱাৰো অভিযোগ উত্থাপন হৈছে।

তাৰ মাজতে অৱশ্যে বুধবাৰে সংঘটিত হোৱা এই ঘটনাত জড়িত ৪২ বৰ্ষীয় এজন লোকক গ্ৰেপ্তাৰ কৰি জে’ললৈ নিক্ষেপ কৰা হৈছে। কিন্তু ৰাজভৱন আক্ৰমণৰ এই ঘটনাৰ সন্দৰ্ভত তামিলনাডু আৰক্ষীয়ে এতিয়ালৈকে কোনো গোচৰেই ৰুজু নকৰিলে বুলি অভিযোগ উত্থাপন কৰিছে খোদ ৰাজভৱনৰ ফালৰ পৰা।

তামিলনাডুৰ ৰাজভৱনৰ ফালৰ পৰা এই সন্দৰ্ভত এক বিজ্ঞপ্তিত কৈছে যে, মূল গেটত পেট্ৰ’ল বোমা নিক্ষেপ কৰা ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰা হোৱা নাই। ৰাজভৱনে আৰক্ষীৰ ওপৰত অভিযোগ কৰি কয়, ঘটনাৰ নিৰপেক্ষ তদন্ত আৰম্ভ হোৱাৰ পূৰ্বেই ইয়াক সমাপ্ত কৰি দিয়া হ'ল।

আৰক্ষীয়ে এই আক্ৰমণক সাধাৰণ কাৰ্য আখ্যাৰে গোচৰটো দুৰ্বল কৰিছে আৰু বিস্তাৰিতভাৱে তদন্ত কৰা নাই। যিগৰাকী ব্যক্তিয়ে এই আক্ৰমণত জড়িত আছিল তেওঁক কৰায়ত্ব কৰি মাজ নিশা মেজিষ্ট্ৰেটক শোৱাৰ পাটিৰ পৰা জগাই আক্ৰমণকাৰীক জে’ললৈ নিক্ষেপ কৰিলে। ফলত এই আক্ৰমণৰ সন্দৰ্ভত বিস্তাৰিতভাৱে সোধ-পোছ নহ'ল। যাৰ বাবে এই আক্ৰমণৰ আঁৰত কোন আছিল সেই বিষয়ে জানিব পৰা নগ’ল।

ৰাজভৱনৰ আক্ৰমণৰ এই ঘটনাক লৈ ইফালে বিৰোধী দল বিজেপিয়ে ৰাজ্যখনৰ ন্যায় ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। তাৰোপৰি শাসকীয় চৰকাৰখনক বিভিন্ন প্ৰশ্নৰে কাঠগড়াত তুলিছে।

ঘটনা সন্দৰ্ভত ডি এম কেৰ সাংসদ কানিমোঝিয়ে এই আক্ৰমণক নিন্দনীয় আখ্যা দিছে। তেওঁ এনে আক্ৰমণ গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি কয়, মুখ্যমন্ত্ৰীয়ে এই বিষয়ত উপযুক্ত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। পেট্ৰ'ল বোমা নিক্ষেপ কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে এই অপৰাধ পৃষ্ঠভূমিৰ বিষয়ে সোধা-পোছা কৰিবলৈ কৈছে। নিশ্চিতভাৱে, তদন্ত কৰা হ'ব আৰু অপৰাধীসকলক শাস্তি দিয়া হ'ব।

ঘটনা ঘটনা সন্দৰ্ভত ৰাজভৱনৰ ফালৰ পৰা প্ৰকাশ কৰা বিজ্ঞপ্তি
ঘটনা ঘটনা সন্দৰ্ভত ৰাজভৱনৰ ফালৰ পৰা প্ৰকাশ কৰা বিজ্ঞপ্তি
তামিলনাডুৰ ৰাজভৱন আক্ৰমণঃ কাঠগড়াত শাসকীয় চৰকাৰ....
ED ৰ নাম সলনি কৰাৰ আহ্বান শিৱসেনাৰ সাংসদৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in