ডিজিটেল ডেস্কঃ শনিবাৰে তামিলনাডুৰ নীলগিৰিৰ পাহাৰীয়া জিলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন পৰ্যটক বাছ খাৱৈত পৰাৰ ফলত ৯ জন লোক নিহত হোৱাৰ লগতে আহত হয় কেইবাজনো। মৃতসকলৰ ভিতৰত মহিলা আৰু এটা শিশুও আছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে এই ঘটনাক লৈ শোক প্ৰকাশ কৰে। মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে। লগতে আহত সকললৈ ৫০,০০০ টকৰ আৰ্থিক সাহায্য ঘোষণা কৰে।
ইয়াৰোপৰি শনিবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনে দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি আৰ্থিক সাহায্য ঘোষণা কৰিছিল।মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰাৰ লগতে আহত সকললৈ ৫০,০০০ টকৰ আৰ্থিক সাহায্য ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।
দুৰ্ঘটনাটোৰ সময়ত বাছখনত ৫৫ জন যাত্ৰী আছিল। চালকজনে নিয়ন্ত্ৰণ হেৰুওৱাৰ বাবে বাছখন নিয়ন্ত্ৰণহীন হৈ খাৱৈত পৰিছিল। উদ্ধাৰকাৰী দলটোৱে যাত্ৰীসকলৰ ওচৰলৈ যাবলৈ ৰছী ব্যৱহাৰ কৰিব লগা হৈছিল। আৰক্ষীৰ প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি চালকজনে নিয়ন্ত্ৰণ হেৰুৱাইছিল, যাৰ ফলত বাছখন বাগৰি পৰিছিল।
Also Read: বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বাবে অন্তৰংগ মূহুৰ্তৰ ফটো-ভিডিঅ' ভাইৰেল কৰিলে প্ৰেমিকে