ডিজিটেল ডেস্কঃ দুৰ্গোৎসৱৰ আনন্দৰ মাজতে শুকুৰবাৰে নিশা তামিলনাডুত সংঘটিত হয় ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। তামিলনাডুৰ তিৰুভাল্লুৰৰ কাভাৰাইপ্পেট্টাই ৰে'ল ষ্টেচনত এখন মালবাহী ৰে'লত খুন্দা মাৰে মহীশূৰ-দৰভাঙ্গা বাগমতী এক্সপ্ৰেছ ৰে'লখনে (ৰেল নং ১২৫৭৮)। সৌভাগ্যক্ৰমে দুৰ্ঘটনাটোত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও ঘটনাত আহত হয় ১৯ গৰাকী যাত্ৰী।
দক্ষিণ ৰে'লৱেৰ মহা প্ৰবন্ধক আৰ এন সিঙে জনোৱা মতে, মহীশূৰ-দৰভাঙ্গা বাগমতী এক্সপ্ৰেছ ৰে'লখনে ভুলবশতঃ মালবাহী ৰে'লখন ৰখা লুপ লাইনত প্ৰৱেশ কৰিছিল। ফলত দুয়োখন ৰে'লৰে সংঘৰ্ষ হয়। ঘটনাত ৰে'লখনে মালবাহী ৰে'লখনক পিছফালৰ পৰা খুন্দা মাৰে। যাৰ ফলত ১২টা ডবাসহ ইঞ্জিনটো লাইনচ্যুত হয়।সৌভাগ্যক্ৰমে, লোকো পাইলট আৰু সহকাৰী লোকো পাইলট দুয়োগৰাকী এই ঘটনাত ৰক্ষা পৰে।
ইফালে দুৰ্ঘটনা সংঘটিত হোৱা লগে লগে ৰে'লৱে, অগ্নি নিৰ্বাপক বিভাগ, ৰে'ল আৰক্ষী আৰু ৰাজ্যিক আৰক্ষীৰ উদ্ধাৰকাৰী দলক ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়। একেদৰে এম্বুলেন্স আৰু ৰে'ল চিকিৎসকৰ লগতে জ্যেষ্ঠ বিষয়াসকলো তাত উপস্থিত হয় । ঘটনাটো পোনেৰী আৰু কাভাৰাইপ্পাই ৰে'ল ষ্টেচনৰ মাজৰ চেন্নাই-গুডুৰ শাখাত নিশা প্ৰায় ৮:৩০ বজাত সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। জিলা প্ৰশাসনক এই ক্ষেত্ৰত তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলাবলৈ নিৰ্দেশ দিয়ে । আহতসকলক হাস্পতাললৈ লৈ যোৱা আৰু বাকী যাত্ৰীসকলৰ বাবে খাদ্য আৰু গন্তব্য স্থানলৈ যোৱাৰ সুবিধা কৰিবলৈ পৃথক দলে কাম কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিব দিয়ে।
Also Read: জাতীয় জীৱনৰ মহান খনিকৰ তেওঁ...