তেজস্বী ৰংগা ৰাও : ছুখয়-৩০ যুজাৰু বিমানৰ প্ৰথম মহিলা ৱিজো

author-image
Asomiya Pratidin
New Update
তেজস্বী ৰংগা ৰাও : ছুখয়-৩০ যুজাৰু বিমানৰ প্ৰথম মহিলা ৱিজো

ডিজিটেল ডেস্ক : আজি গুৱাহাটী মহানগৰীৰ লাচিত ঘাটত অনুষ্ঠিত হ'ব ভাৰতীয় বায়ু সেনাৰ সূৰ্য কিৰণ স্কোৱাড্ৰেনৰ বিশেষ প্ৰদৰ্শনী । কালিৰে পৰাই ৰাজ্যখনৰ আকাশ মাৰ্গত দেখা গৈছিল যুজাৰু বিমানৰ অনুশীলন । ৰাতিপুৱা ১০ বজাৰে পৰা অনুষ্ঠিত হ'ব লগীয়া এই প্ৰদৰ্শনীমূলক অনুষ্ঠানত ব্যৱহাৰ কৰা হ'ব হ'ক এম কে-১৩২ বিমান । ৱিং কামাণ্ডাৰ ৰুপম গগৈ নেতৃত্বত যোৱা কালি সূৰ্য কিৰণ স্কোৱাড্ৰেনে বাহৰ পাতিছিল তেজপুৰ চহৰত ।

এই সকলোৰে মাজতে চৰ্চালৈ অহা ভাৰতীয় বায়ু সেনাৰ এগৰাকী বিষয়া হৈছে তেজস্বী ৰংগা ৰাও । সোমবাৰে সূৰ্য কিৰণ স্কোৱাড্ৰেনৰ সৈতে তেজপুৰত দেখা গ'ল এই গৰাকী বায়ু সেনা বিষয়াক । তেজস্বী হৈছে ছুখয়-৩০ যুজাৰু বিমানৰ প্ৰথম মহিলা অস্ত্ৰ ব্যৱস্থা বিষয়া । যি ছুখয়-৩০ ক গণ্য কৰা হয় ভাৰতীয় বায়ু সেনাৰ ৰাজহাড় বুলি । তেনে এখন বিমানৰ অস্ত্ৰ ব্যৱস্থাৰ গুৰু দ্বায়িত্ব আছে তেজস্বীৰ কান্ধত । সাধাৰণতে এই পদবীটোক কোৱা হয় 'ৱিজো' বুলি । ৱিজো অৰ্থাৎ আশ্বৰ্যকৰ অথবা চমৎকাৰ । তেজস্বী ৰাও ভাৰতীয় বায়ু সেনাৰ ৱিজো হোৱাৰ লগে লগে ভাৰতে ৱিজোৰ দৌৰত যোগ দিলে আমেৰিকা আৰু সংযুক্ত যুক্তৰাষ্ট্ৰক ।

ভাৰতীয় বায়ু সেনাত আছে ১৩.৯ শতাংশ মহিলা বিষয়া, যি দেশৰ স্থল আৰু জল সেনাতকৈ অতি বেছি । এই সন্দৰ্ভত তেজস্বীৰ মন্তব্য অনুসৰি, নগন্য সংখ্যক মহিলা বিষয়া হে থকাৰ বাবে এতিয়াও সকলো কিশোৰী-যুৱতীৰ বাবেই অপেক্ষাত আছে বহু সুযোগ আকাশ খনক স্পৰ্শ কৰাৰ ।

উল্লেখ্য যে, ২০২০ চনৰ ২৬ জুনত ৱিজো ৰূপে বায়ু সেনাত যোগদান কৰিছিল তেজস্বীয়ে আৰু ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিৰ পদকেৰে সমাপ্ত কৰিছিল প্ৰশিক্ষণ । প্ৰথম মহিলা ৱিজোৰ দৰেই ৰাষ্ট্ৰপতিৰ পদক লাভ কৰাও প্ৰথম গৰাকী মহিলা আছিল তেজস্বী ৰাও । ৰাষ্ট্ৰীয় কেডেট কৰ্পছত যোগদান কৰি বায়ু সেনাৰ প্ৰতি থকা আকৰ্ষণ প্ৰথমবাৰ অনুভৱ কৰিবলৈ সক্ষম হৈছিল তেজস্বীয়ে । তাৰ মাজতেই জৈৱ-প্ৰযুক্তি বিজ্ঞানত স্নাতক শিক্ষা সাং কৰি বায়ু সেনাৰ নেভিগেচন বিভাগলৈ আগ্ৰহ প্ৰকাশ কৰিছিল বিষয়া গৰাকীয়ে । তাৰ পাছতেই যেন কোনোদিনেই থমকি ৰ'ব লগীয়া হোৱা নাই তেজস্বী ।

india indian air force