ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ তেলেংগনা বিধানসভা নিৰ্বাচন। ১১৯ টা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।
এইবাৰ তেলেংগনা নিৰ্বাচনী যুঁজত ২২৯০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।প্ৰতিদ্বন্দ্বিসকলৰ ভিতৰত ২২১ গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিংগৰ লোক আছে।
অহা ৩ ডিচেম্বৰত অন্য ৪খন ৰাজ্যৰ লগতে তেলেংগনা বিধাসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব। ৰাজ্যখনত প্ৰায় ৩.১৭ কোটি ভোটাৰ আছে।
ভোটগ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলো ভোটাৰক বহুমূলীয়া ভোটদান কৰিবলৈ আহ্বান জনাইছে। ছ'চিয়েল মিডিয়াত মোডীয়ে লিখে যে- মই তেলেংগানাৰ ভগ্নী আৰু ভাতৃসকলক অভিলেখ সংখ্যাত ভোট দি গণতন্ত্ৰ শক্তিশালী কৰিবলৈ আহ্বান জনাইছো। বিশেষকৈ যুৱ প্ৰজন্ম আৰু প্ৰথমবাৰৰ বাবে ভোটাৰসকলক তেওঁলোকৰ ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ অনুৰোধ জনাইছো।
Also Read: সাংবাদিক অনিল বৰুৱাৰ বিয়োগত ভিন-ভিন দল-সংগঠনৰ শোক প্ৰকাশ