লক্ষ্য ২০২৪ঃ বিজেপিৰ শক্তি হিতাধিকাৰী, বিৰোধীৰ জনসাধাৰণে ভোগ কৰা সমস্যা...

লক্ষ্য ২০২৪ঃ বিজেপিৰ শক্তি হিতাধিকাৰী, বিৰোধীৰ জনসাধাৰণে ভোগ কৰা সমস্যা...
লক্ষ্য ২০২৪ঃ বিজেপিৰ শক্তি হিতাধিকাৰী, বিৰোধীৰ জনসাধাৰণে ভোগ কৰা সমস্যা...
Published on
Updated on

ডিজিটেল ডেস্কঃ দুটা ৰাজনৈতিক দলৰ দুই নেত্ৰীৰ ব্যক্তিগত আক্ৰমণ আৰু দলীয় এজেণ্ডাৰে উত্তপ্ত হৈ পৰিল 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ দ্বিতীয় দিনৰ তৃতীয়খন আলোচনা সত্ৰ। 'সংযুক্ত বিৰোধী বনাম এন ডি এ' শীৰ্ষক আলোচনা সত্ৰখন আৰম্ভণিৰে পৰা উত্তপ্ত হৈ পৰে।

জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে সঞ্চালনা কৰা আলোচনা সত্ৰখনত ২০২৪ ৰ সাধাৰণ নিৰ্বাচনৰ কথাৰে আৰম্ভ হয় আৰু মহিলা সংৰক্ষণ বিলৰ প্ৰসংগত এক হুলস্থুলীয়া পৰিৱেশৰ সূচনা হয়। সঞ্চালক মৃণাল তালুকদাৰে প্ৰথমে আলোচনা সত্ৰত অংশগ্ৰহণ কৰা কংগ্ৰেছ, বিজেপি আৰু আম আদমী পাৰ্টীৰ তিনিগৰাকী মুখাপাত্ৰ ক্ৰমে সুপ্ৰীয়া শ্ৰীনেট, ছাজিয়া ইলমি আৰু প্ৰিয়ংকা কক্কৰক ২০২৪ ৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ উপৰিও ৩০০ ৰো অধিক আসন লাভ কৰিব বুলি অধিক আত্মবিশ্বাসৰ কাৰণ কি বুলি প্ৰশ্ন কৰে।

এই প্ৰশ্নৰ উত্তৰত প্ৰথমে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে কয়, ২০১১ ৰ ২১ এপ্ৰিলত ৱাংখেড়ে ষ্টেডিয়ামত মহেন্দ্ৰ সিং ধোনিয়ে কোবাৱা সেই ছিক্সাৰটোত বাউণ্ডেৰী পাৰ নোহোৱালৈকে দৃষ্টি নিবদ্ধ আছিল। সেয়া আছিল আত্মবিশ্বাস। সেইদিনা সমগ্ৰ দেশতে আনন্দৰ বিস্ফোৰণ হৈছিল।

ভাৰতীয় সেনা, সুৰক্ষা কৰ্মী, আৰক্ষীৰ পৰা ভাৰতে আত্মবিশ্বাস লাভ কৰে। ভাৰত সদায় জয়ী হয়। আমি জনসাধাৰণক প্ৰতিনিধিত্ব কৰো। বিভিন্ন কাৰণক, বিভিন্ন ইছ্যুক প্ৰতিনিধিত্ব কৰো। সাধাৰণ জনতা মূল মূল সমস্যাক লৈ অসন্তুষ্ট হৈ আছে। মূল সমস্যাবোৰ হৈছে মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, সামাজিক অসমতা, মণিপুৰ সমস্যা, আদানিৰ কেলেংকাৰী, আদানিৰ একনায়কত্ববাদ আদিয়ে আমাক বিশ্বাসী কৰি তুলিছে।

ইয়াৰ পিছতে বিজেপিৰ মুখপাত্ৰ ছাজিয়া ইলমিয়ে কয়, এয়া আমাৰ অত্যাধিক আত্মবিশ্বাস নহয়। এয়াৰ সেৱাৰ মনোভাৱ। এই সেৱাৰ মনোভাৱ সুশাসনৰ জৰিয়তে আহিছে।

তেওঁ কয়, আমাৰ বৃহৎ ভোট বেংক আছে। সেই ভোট বেংক হৈছে হিতাধিকাৰীসকল। সেই হিতাধিকাৰীসকল সকলো ধৰ্মৰ, সকলো জাতি, জনগোষ্ঠীৰ। প্ৰথমবাৰৰ বাবে ৫০ কোটি লোকে ধন জন যোজনাৰ জৰিয়তে ধন লাভ কৰিছে। মহিলাৰ বাবে ১২ কোটি টয়লেট নিৰ্মাণ কৰা হৈছে। ৯ কোটি এল পি জি সংযোগ কৰা হৈছে। আৱাস যোজনাৰ দৰে আঁচনি আছে।

তেওঁৰ মতে দলিত, অ' বি চি, মহিলা, মধ্যবিত্ত, নিম্ন মধ্যবিত্ত সকলোৱে বিজেপিক ভোট দিব। এই বিশ্বাস সাধাৰণ জনতাই দিছে। এই মৰম, বিশ্বাসযোগ্যতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আছে।

ইফালে আপৰ মুখপাত্ৰ প্ৰিয়া কক্কৰে কয়, বিজেপিৰ মুখপাত্ৰ ছাজিয়া ইলমিয়ে হিতাধিকাৰী আঁচনিৰ কথা কৈছে। কিন্তু আয়ুষ্মান ভাৰতত CAG য়ে দুৰ্নীতি সংঘটিত হোৱাৰ কথা কৈছে। সেই বিষয়ে আলোচনা হোৱা নাই। এই আঁচনিত হাস্পতালত এডমিট হ'লহে সুবিধা লাভ কৰে। সকলো চিকিৎসাৰ বাবে এই আঁচনিৰ সুযোগ নাপায়।

ইয়াৰ পিছতে আলোচনাত মহিলা সুৰক্ষা বিলৰ প্ৰসংগই স্থান লাভ কৰে। এই সন্দৰ্ভত সুপ্ৰিয়া শ্ৰীনেটে কয়, মহিলা সংৰক্ষণ বিল কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে। কিন্তু সত্যটো হ'ল মহিলা সংৰক্ষণ বিল ২০৩৯ ৰ পূৰ্বে কাৰ্যকৰী নহয়।

যদি মহিলা সংৰক্ষণ বিলক লৈ চৰকাৰ ইমান আগ্ৰহী তেনে আজিয়েই কাৰ্যকৰী কৰক। তেওঁলোকে কাশ্মীৰৰ পৰা এদিনতে ৩৭০ প্ৰত্যাহাৰ কৰিব পাৰে, এঘণ্টাত বিমুদ্ৰাকৰণ কৰিব পাৰে, লক ডাউন ঘোষণা কৰিব পাৰে তেন্তে মহিলা সুৰক্ষা বিল আজিয়েই কাৰ্যকৰী কৰাক লৈ অসুবিধা ক'ত?

সুপ্ৰিয়া শ্ৰীনেটৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত বিজেপি মুখপাত্ৰ ছাজিয়া ইলমিয়ে কয়, যদি মহিলা সংৰক্ষণ বিল ঝুমলা তেন্তে কংগ্ৰেছৰ ৪৯ গৰাকী সাংসদে কিয় এই বিলৰ সপক্ষে ভোটদান কৰিলে? ১৯৯৬, ১৯৯৮, ২০০০, ২০০২, ২০০৮ আৰু ২০১০ ত ছোনিয়া গান্ধীয়ে এই বিলক লৈ কিয় পদক্ষেপ গ্ৰহণ নকৰিলে। কিন্তু এই সময়ত তেওঁ নিউক্লিয়াৰ চুক্তি স্বাক্ষৰ কৰিলে। ২০১০ ত ছোনিয়া গান্ধীয়ে নিজেই এই বিল পাছ হোৱাত বাধা প্ৰদান কৰিলে।

মহিলা সংৰক্ষণ বিলক লৈ এইদৰেই দুয়োৰে মাজৰ বিতৰ্কই উত্তপ্ত ৰূপ ধাৰণ কৰে আৰু প্ৰায় অনিয়ন্ত্ৰিত হৈ পৰে। তাৰ মাজতে সুপ্ৰিয়া শ্ৰীনেটে কয়- ১৯৮৯ চনত ৰাজীৱ গান্ধীয়ে প্ৰথমে স্থানীয় শাসন ব্যৱস্থাত মহিলাৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছিল। যাৰ বাবে আজি স্থানীয় পৰ্যায়ত ১৫ লাখ মহিলাই শাসন কৰি আছে। এই বিল সেই সময়ত ৰাজ্যসভাত তেতিয়াৰ ৪ গৰাকী সাংসদে বিৰোধিতা কৰিছিল। অটল বিহাৰী বাজপেয়ী, লাল কৃষ্ণ আদৱানী, যশৱন্ত সিনহা আৰু ৰাম জেঠমালিনী।

ইয়াৰ পিছতে সংসদত বিজেপি সাংসদ ৰমেশ বিদুৰীৰ অসংসদীয় আচৰণ আৰু সতীৰ্থ সংসদক উদ্দেশ্যি কৰা আশালীন মন্তব্যৰ বিষয়ে সুপ্ৰিয়া শ্ৰীনেটে উত্থাপন কৰাৰ লগে লগে এক হুলস্থুলীয়া পৰিৱেশৰ সূচনা হয়। তেওঁ কয়, ছাজিয়া ইলমিয়ে কোৱাৰ দৰে যোৱা ৫০ বছৰত নঘটা ঘটনাৰ সাক্ষী আমি এতিয়া হৈছে। যোৱা ৭৬ বছৰত আমি কেতিয়াও শুনা নাছিলো সংসদত থিয় হৈ সাংসদে আন এজন সাংসদক অশালীন শব্দৰে দুৰ্ব্যৱহাৰ কৰা।

তেনে দুৰ্ব্যৱহাৰ কৰা সাংসদৰ বিৰুদ্ধে দলে ব্যৱস্থা গ্ৰহণ কৰা নাই। লোকসভাৰ অধ্যক্ষয়ো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি কেনেধৰণৰ সংসদীয় গণতন্ত্ৰ ব্যৱস্থাত আছো? ধৰ্ম ভিত্তিত এজন সাংসদে আন এজন সাংসদক দুৰ্ব্যৱহাৰ কৰিছে ।

আপোনালোকে মাত্ৰ এজন সাংসদক আক্ৰমণ কৰা নাই। আপোনালোকে সকলো নিৰ্বাচিত প্ৰতিনিধি, জনসাধাৰণ আৰু সেই সাংসদজনে প্ৰতিনিধিত্ব কৰা গোষ্ঠীটোক অপমান কৰিছে। অৱশ্যে ছাজিয়া ইলমিয়ে সেই সাংসদগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে।

তেওঁ কয় দলে তেওঁক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। অৱশ্যে আপৰ নেত্ৰীগৰাকীয়ে ইয়াক ব্যৱস্থা গ্ৰহণ কৰা বুলি মানি নলয়। তেওঁৰ মতে বিৰোধীয়ে প্ৰশ্ন কৰিলে জে'ললৈ নিক্ষেপ কৰা হয়, সদনৰ পৰা নিলম্বন কৰা হয়। আৰু তেওঁলোকৰ সাংসদক মাত্ৰ কাৰণ দৰ্শোৱাক জাননী জাৰি কৰা হয়।

ইয়াৰ মাজতে কোন দলে, কোন সাংসদে কেতিয়া কাক অশালীন গালি-গালাজ কৰিছিল, অপমান কৰিছিল ছোনিয়া গান্ধীক কোনে কিমানবাৰ, নৰেন্দ্ৰ মোডীক কোনে কিমানবাৰ অশালীন ব্যৱহাৰ কৰিছিল তাৰ হিচাপেৰে পৰিস্থিতি উত্তপ্ত হৈ পৰে। তাৰ মাজতে সঞ্চালক মৃণাল তালুকদাৰে প্ৰশ্ন কৰে যি সময়ত আমি চন্দ্ৰত অভিযান চলাইছো সেই সময়ত হেট স্পীছ বা অপমানজনক কথাৰ আলোচনাৰে দেশক বহু পিছুৱাই নিয়া নাইনে?

এই প্ৰশ্নৰ উত্তৰত আপৰ নেত্ৰীগৰাকীয়ে কয় আমি এই সকলোবোৰ দেখিছো। মণিপুৰৰ মহিলাক নগ্ন কৰি পেৰেড কৰা, ইণ্টাৰনেট কৰ্তন কৰা, হত্যাকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ঘটনা সংঘটিত হৈছে। দেশত এতিয়া প্ৰশ্ন কৰিলে সংসদৰ পৰা নিলম্বন কৰা হয়। মণিপুৰ প্ৰসংগত প্ৰশ্ন কৰা বাবে আমাৰ সাংসদ সঞ্জয় সিঙক নিলম্বন কৰা হৈছে। ৰাঘৱ চাড্ডাক নিলম্বন কৰা হৈছে।

মণিপুৰত মহিলা নিৰ্যাতিত হোৱাৰ বিষয় উত্থাপিত হোৱাৰ লগে লগে বিজেপিৰ নেত্ৰীগৰাকীয়ে ৰাজস্থান আৰু পশ্চিমবংগত মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ প্ৰসংগ টানি আনে। তেওঁ কয় যেতিয়া মহিলাৰ ওপৰত নিৰ্যাতন হয় তেতিয়া ৰাজ্যখনত কাৰ শাসন চলি আছে সইটো চোৱা হয়। বিজেপি শাসিত ৰাজ্যত নিৰ্যাতন হ'লে তেওঁলোতে মাত মাতে। অবিজেপি শাসিত ৰাজ্যত নিৰ্যাতন হ'লে মৌন হৈ থাকে।

মণিপুৰ ঘটনাক আন ৰাজ্যৰ নিৰ্যাতনৰ ঘটনাৰ সৈতে একাকাৰ কৰা কাৰ্যত বিজেপি নেত্ৰীগৰাকীক কংগ্ৰেছ নেত্ৰীগৰাকীয়ে উভতি ধৰি কয়, মণিপুৰৰ দৰে ঘটনা দেশৰ আন কোনো ৰাজ্যত সংঘটিত হোৱা নাই। ৫ লাখ গুলী মণিপুৰ সাধাৰণ মানুহৰ হাতত আছে। ৬ হাজাৰৰো অধিক অস্ত্ৰ আছে।

মুখ্যমন্ত্ৰীয়ে মহিলাক উলংগ কৰি পেৰেড কৰোৱা ঘটনাৰ ৭৮ দিনলৈকে মৌন হৈ আছে। মণিপুৰৰ পৰিৱেশ ভাৰতৰ আন ৰাজ্যৰ সৈতে তুলনা নহয়। ডাৱল ইঞ্জিন চৰকাৰ ৰাজ্যখনত সম্পূৰ্ণ ব্যৰ্থ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মণিপুৰ দেশৰ অংশ হিচাপে নাভাবে। এইদৰেই উত্তপ্ত পৰিস্থিতিৰ মাজেৰে আলোচনা সত্ৰখনৰ সমাপ্তি ঘটে।

লক্ষ্য ২০২৪ঃ বিজেপিৰ শক্তি হিতাধিকাৰী, বিৰোধীৰ জনসাধাৰণে ভোগ কৰা সমস্যা...
এসময়ত অলিম্পিকত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিভাৰ আধিপত্য চলিব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in