ডিজিটেল ডেস্কঃ ৰাজস্থানৰ এখন ব্যতিক্ৰমি বিয়া। সাধাৰণতে কইনা নিবলৈ দৰা আহে বিলাসী বাহন নাইবা দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা কোনো বাহনত। অৱশ্যে হাতী অথবা ঘোঁৰাত উঠিয়ো কইনাৰ ঘৰলৈ দৰা আহে।
কিন্তু ৰাজস্থানৰ এখন বিয়াত দৰাৰ উপৰিও বৰযাত্ৰীসকল আহিল ট্ৰেক্টৰত উঠি। এই বিশেষ বিয়াখনত দৰাসহ যাত্ৰীসকলে ৫১খন ট্ৰেক্টৰেৰে কইনা ঘৰত উপস্থিত হয়। আমোদজনক কথা যে, দৰাৰ ঘৰৰ পৰা কইনাৰ ঘৰলৈ ৫১ কিলোমিটাৰ।
দৰাৰ পিতৃয়ে জনোৱা অনুসৰি তেওঁৱো তেওঁৰ পত্নীক আনিবলৈ দৰা সাজি যাওঁতে ট্ৰেক্টৰত উঠি গৈছিল। সেয়ে পুত্ৰৰ বিবাহতো একেই পদ্ধতি অৱলম্বন কৰে।
তাৰোপৰি দৰা-কইনাৰ ঘৰৰ মাজৰ দুৰত্ব ৫১ কি.মি. হোৱা হেতু ৫১খন ট্ৰেক্টৰ বৰযাত্ৰীৰ লগত লৈ যোৱা বুলি মন্তব্য কৰে। আনহাতে দৰাৰ পৰিয়াল যিহেতু কৃষি কাৰ্যৰ লগত জৰিত সেয়ে ইয়ো অন্যতম কাৰণ বুলি পিতৃয়ে উল্লেখ কৰে।
৫১ খন ট্ৰেক্টৰৰে কইনা আনিবলৈ যোৱা শোভাযাত্ৰা সদৃশ দৃশ্যৰ বহুসংখ্যক লোকে উপভোগ কৰে আৰু দৰাক আশীৰ্বাদ দিয়ে।