ডিজিটেল ডেস্ক : ভাৰতীয় সভ্যতা-সংস্কৃতিত কুকুৰক প্ৰভুভক্ত জ্ঞান কৰা হয়। পূৰ্বৰ পৰাই কুকুৰ আৰু মানুহৰ সম্পৰ্ক অতি ঘনিষ্ঠ। সেয়া লাগিলে আভিজাত্যৰ প্ৰতীক হিচাপেই হওক নাইবা আন কিবা কাৰণতে হওক।
মুঠতে কুকুৰে সদায় মানুহৰ লগত বন্ধুত্বসুলভ সম্পৰ্ক ৰক্ষা কৰি আহিছে। কুকুৰে সদায়ে মানুহৰ মনত বিশ্বাসৰ ভাব জগাই আহিছে।
শেহতীয়াকৈ এটা কুকুৰে যি কাণ্ড কৰিছে সেই কাণ্ডই আপোনাকো আচৰিত কৰি তুলিব। লগতে কুকুৰৰ প্ৰতি জগাব ভালপোৱা আৰু অগাধ বিশ্বাস ! কুকুৰ যে অতি বিশ্বস্ত তাৰেই প্ৰমাণ পোৱা গ’ল কৰ্ণাটকৰ বেলাগাভী জিলাৰ নিপানি তালুকৰ য়ামাগাৰ্নি গাঁৱত।
জিলাখনৰ অন্তৰ্গত য়ামাগাৰ্নি গাঁৱৰ এঘৰ লোকৰ মহাৰাজা নামৰ কুকুৰটো জুনৰ শেষভাগত সন্ধানহীন হৈছিল। কুকুৰটোৰ গৰাকী কমলেশ কুম্ভাৰ আৰু কেইগৰাকীমান গঞাই মহাৰাষ্ট্ৰৰ পান্ধাপুৰলৈ বাৰ্ষিক ৱাৰি পদযাত্ৰালৈ যাওঁতে কুকুৰটোও লগত লৈ গৈছিল। তাতেই হেৰাইছিল মহাৰাজা নামৰ কুকুৰটো।
কুকুৰটো হেৰোৱাত গৰাকীয়ে সন্ধান অভিযান চলাইছিল যদিও সফল নোহোৱাত বিফল মনে ঘৰলৈ উভতি আহিছিল। কিন্তু আচৰিত ধৰণে দুদিন পূৰ্বে কুকুৰটোৱে প্ৰায় ২৫০ কিলোমিটাৰ ভ্ৰমণ কৰি ঘৰলৈ ঘূৰি আহে।
মৰমৰ মহাৰাজা ঘূৰি অহাৰ আনন্দতে গৃহস্থ কমলেশ কুম্ভাৰ আৰু তেঁওৰ লগত পদযাত্ৰাত যোৱা গঞাই ভোজভাতৰ আয়োজন কৰে। সম্প্ৰতি এই ঘটনাই প্ৰত্যক্ষদৰ্শী সকলোকে আচৰিত কৰি তুলিছে।