NEET, শ্বেয়াৰ বজাৰ কেলেংকাৰী, ৰে'ল দুৰ্ঘটনাক লৈ উত্তাল হ'ব সংসদৰ অধিৱেশন

২১ জুনত কংগ্ৰেছে কৰিব দেশজুৰি প্ৰতিবাদ, ২৪ জুনত সংসদ ভৱন ঘেৰাও কৰিব এন এছ ইউ আইয়ে
NEET, শ্বেয়াৰ বজাৰ কেলেংকাৰী, ৰে'ল দুৰ্ঘটনাক লৈ উত্তাল হ'ব সংসদৰ অধিৱেশন
NEET, শ্বেয়াৰ বজাৰ কেলেংকাৰী, ৰে'ল দুৰ্ঘটনাক লৈ উত্তাল হ'ব সংসদৰ অধিৱেশন
Published on
Updated on

ডিজিটেল ডেস্কঃ সমাগত লোকসভা অধিৱেশন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ এই প্ৰথম অধিৱেশনতে বিৰোধীয়ে চৰকাৰক চাপত ৰাখিবলৈ প্ৰস্তুত কৰিছে ৰণনীতি।

নীট কেলেংকাৰী, এটাৰ পিছত এটাকৈ ৰে’ল দুৰ্ঘটনা, শ্বেয়াৰ বজাৰ কেলেংকাৰী আদি বিষয়সমূহ সংসদত সৱল উত্থাপনেৰে অধিৱেশনৰ প্ৰথমটো দিনৰ পৰাই চৰকাৰক চাপত ৰখাৰ চেষ্টা চলাব বিৰোধীয়ে। লোকসভাৰ ফলাফল ঘোষণা কৰাৰ সময়তে প্ৰকাশ পোৱা নীটৰ ফলাফলক লৈ দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া।

বহু বিসংগতি আৰু কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে এই বাৰৰ নীট পৰীক্ষাত। উচ্চতম ন্যায়ালয়ৰ মজিয়াত বিচাৰাধীন হৈ থকা এই পৰীক্ষা কেলেংকাৰীৰ সৈতে দুই বিজেপি নেতাৰো নাম জড়িত হৈ পৰিছে।

এনে পৰিস্থিতিত কংগ্ৰেছে ২১ জুনত দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছে। কংগ্ৰেছৰ প্ৰশ্ন ২৪ লাখ শিক্ষাৰ্থীয়ে ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন কৰাৰ সময়তো কিয় নীৰৱ হৈ আছে প্ৰধানমন্ত্ৰী?

কংগ্ৰেছে নীট পৰীক্ষাত হোৱা বিসংগতিৰ প্ৰতি লক্ষ্য ৰাখি তৃতীয় মোডী চৰকাৰৰ প্ৰথম কেলেংকাৰী হিচাপে এই নীট কেলেংকাৰী বুলি উল্লেখ কৰিছে। নীটৰ বিসংগতিৰ সঠিক তদন্তৰ দাবীৰে অহা ২৪ জুনত এন এছ ইউ আইয়ে সংসদ ভৱন ঘেৰাও কাৰ্যসূচীও ঘোষণা কৰিছে।

মন কৰিবলগীয়া যে, যোৱা সময়ছোৱাত বিজেপিয়ে পশ্চিমবংগৰ নিয়োগ কেলেংকাৰীক লৈ সমালোচনা কৰি আহিছিল। এইবাৰ তৃণমূল কংগ্ৰেছে নীট কেলেংকাৰীৰ বিষয়টোক সামৰি বিজেপিক সংসদত উভতি ধৰাৰ পৰিকল্পনা কৰিছে। তৃণমূল কংগ্ৰেছে জনাইছে যে, সংসদত নীট কেলেংকাৰী, নিৰ্বাচনৰ সমীক্ষাক কেন্দ্ৰ কৰি হোৱা শ্বেয়াৰ বজাৰৰ কেলেংকাৰীৰ বিষয়টো উত্থাপন কৰিব।

উল্লেখ্য যে, এইবাৰ নীট পৰীক্ষাক কেন্দ্ৰ কৰি প্ৰায় হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ অভিযোগ উঠিছে। প্ৰথমে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নীট পৰীক্ষাৰ ফলাফলক লৈ সৃষ্টি হোৱা বিষয়টোক লঘু কৰাৰ চেষ্টা কৰিছিল যদিও বিষয়টোৱে বৰ্তমান জটিল ৰূপ ধাৰণ কৰাই নহয় সময় বাগৰাৰ লগে লগে বহু নতুন নতুন তথ্য পোহৰলৈ আহিছে।

তাৰ মাজতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে সকলো প্ৰদেশ কংগ্ৰেছৰ সভাপতি, পৰিষদীয় নেতাক ২১ জুনত নীট-কেলেংকাৰীৰ প্ৰতিবাদত চামিল হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছে। এই প্ৰতিবাদত শীৰ্ষ নেতাসকলকো চামিল হ’বলৈ কোৱা হৈছে।

কংগ্ৰেছে প্ৰশ্ন কৰিছে, প্ৰধানমন্ত্ৰী মোডী মণিপুৰৰ সন্ত্ৰাস, ৰে’ল দুৰ্ঘটনাৰ পৰা আৰম্ভ কৰি নীট কেলেংকাৰীক লৈ নীৰৱ হৈ আছে কিয়? কে চি বেণুগোপালে প্ৰদেশ কংগ্ৰেছলৈ প্ৰেৰণ কৰা নিৰ্দেশনাত লিখিছে, নীট কেলেংকাৰীত বিহাৰ, গুজৰাট, হাৰিয়ানাত হোৱা গ্ৰেপ্তাৰৰ পৰা স্পষ্ট হৈছে যে, বিজেপি শাসিত ৰাজ্যসমূহ নীটৰ প্ৰশ্ন ফাদিলৰ কেন্দ্ৰ।

এন এছ ইউ আইৰ সভাপতি বৰুণ চৌধুৰীয়ে নেচনেল টেষ্টিং এজেঞ্চিক নিষিদ্ধ কৰাৰো দাবী উত্থাপন কৰিছে। নীট পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্বত থকা এন টি এক যিদৰে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে তাত সন্দেহ হয় তেওঁ নিজেও এই কেলেংকাৰীৰ সৈতে জড়িত।   

NEET, শ্বেয়াৰ বজাৰ কেলেংকাৰী, ৰে'ল দুৰ্ঘটনাক লৈ উত্তাল হ'ব সংসদৰ অধিৱেশন
বিষ্ণু ৰাভাৰ আদৰ্শ গ্ৰহণ অবিহনে খাটিখোৱা জনতাৰ মুক্তি অসম্ভৱ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in