হ্ৰাস পাব সোণ-ৰূপৰ দাম ! বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে জনালে এই কথা...

হ্ৰাস পাব সোণ-ৰূপৰ দাম ! বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে জনালে এই কথা...
Published on
Updated on

ডিজিটেল ডেস্ক : সোণ কিনিব নে ৰূপ ? এতিয়া দুয়োবিধ অলংকাৰে সহজে কিনিব পাৰিব গ্ৰাহকে। কিয়নো চলিত বৰ্ষৰ বাজেট অধিৱেশনত লোৱা কেইবাটাও সিদ্ধান্তৰ মাজত চৰ্চিত হৈছে সোণ-ৰূপৰ মূল্য হ্ৰাস কৰাৰ প্ৰস্তাৱ।

কেন্দ্ৰীয় চৰকাৰৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট অধিৱেশনত বিত্ত মন্ত্ৰী সীতাৰণে সোণ, ৰূপ তথা আন ধাতৱ সামগ্ৰীৰ শুল্ক হ্ৰাস কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে মঙলবাৰে সোণ আৰু ৰূপৰ শুল্ক ৬ শতাংশ আৰু প্লেটিনামৰ ওপৰত ৬.৪ শতাংশ শুল্ক হ্ৰাস কৰাৰ প্ৰস্তাৱ দিয়ে।

একেদৰে তাম আৰু তীখাৰ ওপৰতো শুল্ক হ্ৰাস কৰাৰ বাবে প্ৰস্তাৱ দিয়ে বিত্ত মন্ত্ৰীগৰাকীয়ে। ইয়াৰোপৰি বাজেট অধিৱেশনত ম'বাইলৰ সামগ্ৰী, ছ'লাৰ পেনেল, চামৰাৰ পৰা তৈয়াৰী সামগ্ৰীত শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সমূহ দ্ৰব্য যাতে ক্ৰেতাই সহজে উপভোগ কৰিব পাৰে সেয়ে ইয়াৰ দাম হ্ৰাস কৰা হৈছে।

হ্ৰাস পাব সোণ-ৰূপৰ দাম ! বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে জনালে এই কথা...
নির্মল হালৈ মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র-ছাত্রী সমাৰোহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in