চেৰ পেলাইছে আম্বানি, আদানি, ৰতন টাটাক : ভি আই পি নম্বৰপ্লেট ক্ৰয় কৰি চৰ্চাত এইকেইগৰাকী ব্যক্তি…

চেৰ পেলাইছে আম্বানি, আদানি, ৰতন টাটাক : ভি আই পি নম্বৰপ্লেট ক্ৰয় কৰি চৰ্চাত এইকেইগৰাকী ব্যক্তি…
Published on
Updated on

ডিজিটেল ডেস্ক : বহু লোকৰ নিজৰ বিলাসী বাহনখনৰ বাবে ভি আই পি পঞ্জীয়ন নম্বৰ ক্ৰয় কৰাতো এক প্ৰকাৰ চখ। ভাৰতৰ বহু ধনাঢ্য ব্যক্তি, চেলিব্ৰেটী, ক্ৰীড়াবিদ, ৰাজনীতিক আদি ভিন্ন ক্ষেত্ৰৰে জড়িত লোকসকলে অধিক দামত ভি আই পি নম্বৰ ক্ৰয় কৰি নিজৰ চখ পূৰণ কৰে।

অৱশ্যে এইক্ষেত্ৰত আদানি, আম্বানি অথবা ৰতন টাটাৰ দৰে ধনাঢ্য ব্যক্তি কিছু পৃথক। এওলোকৰ তেনে উল্লেখযোগ্য ভি আই পি নম্বৰখোদিত বাহন আছে যদিও দামৰ ক্ষেত্ৰত চৰ্চালৈ অহা নাই। পিছে এই দেশতে এনেকেইগৰাকী ব্যক্তি আছে যিয়ে লক্ষ লক্ষ টকাৰে ক্ৰয় কৰিছে ভি আই পি নম্বৰ। আৰু পূৰণ কৰিছে নিজৰ চখ।

এই তালিকাত শীৰ্ষত আছে- আশিক পেটেল। আশিক পেটেলে তেঁওৰ টয়োটা ফৰ্চুনাৰ বাহনখনৰ বাবে ক্ৰয় কৰা নম্বৰটো হৈছে – ০০৭। জেমছ বণ্ড চলচ্চিত্ৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ আশিক পেটেলে ক্ৰয় কৰা এই নম্বৰ প্লেটখনৰ মূল্য হৈছে ৩৪ লাখ টকা।

ইয়াৰোপৰি কে এছ বালগোপালৰ পোৰ্চে ৭১৮ বক্সষ্টাৰ বাহনখনৰ নম্বৰ হৈছে – কে এল-০১-চি কে-১। কে এছ বালগোপাল তালিকাৰ দ্বিতীয় স্থানত আছে। তেঁও ক্ৰয় কৰা ভি আই পি নম্বৰপ্লেটৰ মূল্য হৈছে ৩১ লাখ টকা।

তালিকাৰ তৃতীয় স্থানত আছে জগজিৎ সিং। জগজিৎ সিঙৰ টয়োটা লেণ্ড ক্ৰুজাৰ এলচি ২০০ বাহনৰ বাবে ১৭ লাখ টকাৰে ক্ৰয় কৰিছে ভি আই পি নম্বৰপ্লেট। তেঁও ক্ৰয় কৰা বাহনখনৰ পঞ্জীয়ন নম্বৰ হৈছে – চি এইছ ০১ এ এন ০০০১।

আনহাতে তালিকাৰ চতুৰ্থ স্থানত আছে ৰাহুল তানেজা। তানেজাৰ জাগুয়াৰ এক্স জে এল বাহনখনৰ বাবে ক্ৰয় কৰিছে আৰ জে ৪৫ চি জি ০০০১ শীৰ্ষক নম্বৰপ্লেট। এই নম্বৰ ক্ৰয় কৰাৰ বাবে তেঁও আদায় দিব লগা হৈছে ১৬ লাখ টকা।

চেৰ পেলাইছে আম্বানি, আদানি, ৰতন টাটাক : ভি আই পি নম্বৰপ্লেট ক্ৰয় কৰি চৰ্চাত এইকেইগৰাকী ব্যক্তি…
মঙলদৈত কৰ্তব্যৰত মহিলা চিকিৎসকক অশালীন ব্যৱহাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in