ডিজিটেল ডেস্কঃ তামিলনাডুৰ আৰক্ষী সঞ্চালক প্ৰধান শংকৰ জীৱালে শুকুৰবাৰে চেন্নাইস্থিত ৰাজভৱনত হোৱা পে'ট্ৰল বোমা নিক্ষেপৰ ঘটনাৰ তদন্ত অব্যাহত থকাৰ কথা ঘোষণা কৰিছে। এক সংবাদ মেলৰ জৰিয়তে তামিলনাডু আৰক্ষীয়ে এই আক্ৰমণৰ এক চি চি টিভি ফুটেজো ৰাজহুৱা কৰিছে।
চেন্নাইৰ আৰক্ষী আয়ুক্ত সনদীপ ৰায় ৰাথৌড়ে সংবাদ মেলত কয় যে, অপৰাধৰ কাৰণ তদন্তৰ বিষয়। আক্ৰমণৰ প্ৰথম সাক্ষী সেই স্থানৰ আৰক্ষী, যিয়ে এফ আই আৰ দাখিল কৰিছে। আমি অভিযুক্তক ন্যায়িক জিম্মাত বিচাৰিছো।
ইফালে ডিজিপি শংকৰ জীৱালে কয় যে, তেওঁলোকে ৰাজভৱনৰ সুৰক্ষা নিয়োজিত আৰক্ষীৰ সংখ্যা বৃদ্ধি কৰিছে। তেওঁ কয়, ৰাজ্যখনৰ সাধাৰণ জনতাৰ পৰা আটাইতকৈ ডাঙৰ কাৰ্যালয়লৈকে তামিলনাডু চৰকাৰ আৰু আৰক্ষীয়ে সকলোৰে বাবে সমান সুৰক্ষা নিশ্চিত কৰিছে। আমাৰ ওপৰত কোনো সন্দেহ নাই। আইন শৃংখলা বজাই ৰখাটো আমাৰ সদায়ৰ দৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ।
উল্লেখ্য যে, তামিলনাডুৰ ৰাজভৱন পেট্ৰ’ল বোমাৰে আক্ৰমণ কৰা ঘটনাই ৰাজ্যখনত ব্যাপক চাঞ্চল্য সৃষ্টি কৰাৰ লগতে সমগ্ৰ ঘটনাক লৈ ৰাজনীতি আৰম্ভ হৈছে। এই ঘটনাৰ নিৰপেক্ষ তদন্ত আৰম্ভ নহওঁতেই তদন্ত প্ৰক্ৰিয়া শেষ হোৱাৰো অভিযোগ উত্থাপন হৈছে।
তাৰ মাজতে বুধবাৰে সংঘটিত হোৱা এই ঘটনাত জড়িত ৪২ বৰ্ষীয় এজন লোকক গ্ৰেপ্তাৰ কৰি জে’ললৈ নিক্ষেপ কৰা হৈছে। কিন্তু ৰাজভৱন আক্ৰমণৰ এই ঘটনাৰ সন্দৰ্ভত তামিলনাডু আৰক্ষীয়ে বৃহস্পতিবাৰৰ দিনটোলৈকে কোনো গোচৰেই ৰুজু নকৰিলে বুলি অভিযোগ উত্থাপন কৰিছিল খোদ ৰাজভৱন কৰ্তৃপক্ষই।
তামিলনাডুৰ ৰাজভৱনৰ ফালৰ পৰা এই সন্দৰ্ভত এক বিজ্ঞপ্তিত কৈছিল যে, মূল গেটত পেট্ৰ’ল বোমা নিক্ষেপ কৰা ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰা হোৱা নাই। ৰাজভৱনে আৰক্ষীৰ ওপৰত অভিযোগ কৰি কয়, ঘটনাৰ নিৰপেক্ষ তদন্ত আৰম্ভ হোৱাৰ পূৰ্বেই ইয়াক সমাপ্ত কৰি দিয়া হ'ল।
আৰক্ষীয়ে এই আক্ৰমণক সাধাৰণ কাৰ্য আখ্যাৰে গোচৰটো দুৰ্বল কৰাৰ লগতে বিস্তাৰিতভাৱে তদন্ত নকৰাৰো অভিযোগ উঠিছিল। যিগৰাকী ব্যক্তিয়ে এই আক্ৰমণত জড়িত আছিল তেওঁক কৰায়ত্ব কৰি মাজ নিশা মেজিষ্ট্ৰেটক শোৱাৰ পাটিৰ পৰা জগাই আক্ৰমণকাৰীক জে’ললৈ নিক্ষেপ কৰিলে। ফলত এই আক্ৰমণৰ সন্দৰ্ভত বিস্তাৰিতভাৱে সোধ-পোছ নহ'ল। যাৰ বাবে এই আক্ৰমণৰ আঁৰত কোন আছিল সেই বিষয়ে জানিব পৰা নগ’ল বুলিও ৰাজভৱনৰ ফালৰ পৰা বিবৃতিত প্ৰকাশ।
ৰাজভৱনৰ আক্ৰমণৰ এই ঘটনাক লৈ ইফালে বিৰোধী দল বিজেপিয়ে ৰাজ্যখনৰ ন্যায় ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। তাৰোপৰি শাসকীয় চৰকাৰখনক বিভিন্ন প্ৰশ্নৰে কাঠগড়াত তুলিছে।
Also Read: তামিলনাডুৰ ৰাজভৱন আক্ৰমণঃ কাঠগড়াত শাসকীয় চৰকাৰ....