আজি পশ্চিম বংগ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা

আজি পশ্চিম বংগ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা
Published on
Updated on

ডিজিটেল ডেস্ক : বহু বাধা-বিঘিনি নেওচাৰ অন্তত আজি পশ্চিম বংগ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা পৰ্ব। মঙলবাৰে পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হৈছে ভোট গণনা প্ৰক্ৰিয়া। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হৈছে ভোট গণনা পৰ্ব।

যোৱা ৮ জুলাইত ৰাজ্যখনত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন। পশ্চিম বংগ পঞ্চায়ত নিৰ্বাচনত ৭৩,৮৮৭ খন আসনত অৱৰ্তীৰ্ণ হৈছিল প্ৰায় ২ লক্ষাধিক প্ৰাৰ্থীয়ে। ৬১,০০০ তকৈও অধিক ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল নিৰ্বাচন। ৰাজ্যখনৰ প্ৰায় ৮০.৭১ শতাংশতকৈ অধিক লোকে ভোটদান কৰিছিল।

উল্লেখ্য যে, ভোট গ্ৰহণৰ পূৰ্বৰে পৰা ৰাজ্যখন সৃষ্টি হৈছিল হিংসাত্মক পৰিস্থিতিৰ। ফলত ৰাজ্যখনৰ ১৯ খন জিলাৰ ৬৯৬ টা কেন্দ্ৰত দেওবাৰে পুনৰ ভোটগ্ৰহণ কৰিবলগীয়া হৈছিল। কোচবিহাৰ, মালদহ আদি ঠাইত সৃষ্টি হৈছিল নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক পৰিবেশৰ। যাৰ ফলত নিহত হৈছিল কেইবাগৰাকী লোকৰ।

আজি পশ্চিম বংগ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা
কাজিৰঙাৰ বিল-জলাশয় জলমগ্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in