বিলাহীৰ মূল্যবৃদ্ধি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ দৰ পৰীক্ষাৰ পদক্ষেপ, দাম কম হোৱাৰ সম্ভাৱণা

বিলাহীৰ মূল্যবৃদ্ধি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ দৰ পৰীক্ষাৰ পদক্ষেপ, দাম কম হোৱাৰ সম্ভাৱণা
Published on
Updated on

ডিজিটেল ডেক্সঃ দেশত বিলাহীৰ আকাশলংঘী মূল্যই চিন্তিত কৰিছে জনতাক। দেশৰ বহু স্থানত এতিয়া বিলাহীৰ মূল্য ২০০ টকাৰ হোৱাৰ বিপৰীতে বাকী অঞ্চলসমূহতো যোৱা কেইবাসপ্তাহো বিলাহীৰ মূল্য ১০০ টকা বা তাতকৈ বেছি হোৱা দেখা যায়। এই পৰিপ্ৰেক্ষিততে বুধবাৰে কেন্দ্ৰীয় চৰকাৰে পাকঘৰৰ মূল খাদ্য সামগ্ৰীসমূহৰ দাম পৰীক্ষা কৰাৰ পদক্ষেপৰ কথা ঘোষণা কৰে।

গ্ৰাহক পৰিক্ৰমা বিভাগে ৰাষ্ট্ৰীয় কৃষি সমবায় বিপনন ফেডাৰেচন আৰু ৰাষ্ট্ৰীয় সমবায় গ্ৰাহক ফেডাৰেচনক অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ পৰা বিলাহী ক্ৰয় কৰি ইয়াৰ দাম সৰ্বাধিক হৈ থকা অঞ্চলসমূহত বিতৰণ কৰিবলৈ নিৰ্দেশ দিয়ে।

চৰকাৰী বিবৃতি অনুসৰি, অহা শুক্ৰবাৰৰ পৰা দিল্লী- এনচিআৰত গ্ৰাহকসকলৰ বাবে ৰেহাই মূল্যত উপলব্ধ হ'ব সতেজ বিলাহী।বিগত এমাহত খুচুৰা মূল্যৰ উপযুক্ত দৰ বৃদ্ধিৰ ভিত্তিত এই সতেজ ভৰাঁল মুকলি কেন্দ্ৰসমূহ চিনাক্ত কৰা হৈছে বুলি চৰকাৰে জানিবলৈ দিয়ে।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে বিলাহীৰ উৎপাদন হৈ যদিও দেশৰ দক্ষিণ আৰু পশ্চিম অঞ্চলতেই ইয়াৰ মুঠ উৎপাদনৰ ৬০ শতাংশ উৎপাদিত হয়। অঞ্চলভেদে উৎপাদনৰ বতৰো বেলেগ বেলেগ হয়। ডিচেম্বৰৰ পৰা ফ্ৰেব্ৰুৱাৰীৰ সময়চোৱাত বিলাহীৰ উৎপাদনৰ হাৰ সৰ্বাধিক হয় আৰু জুলাই-আগষ্ট আৰু অক্টোবৰ-নৱেম্বৰৰ সময়চোৱাত উৎপাদনৰ হাৰ কমি আহে বুলিও বিবৃতখনত প্ৰকাশ কৰা হয়।

বৰ্তমান সময়ত হোৱা অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিষয়ে বাখ্যা কৰি বিবৃতিটোত কোৱা হৈছে যে, জুলাই মাহত বাৰিষা বতৰ হোৱাৰ বাবে বিতৰণৰ লগত জড়িত সমস্যাবোৰ বৃদ্ধি পাই যাৰ ফলত স্বাভাৱিকতেই এই সময়ছোৱাত সামগ্ৰীৰ দৰ বৃদ্ধি হয়।দেশৰ অঞ্চলসমূহৰ মাজত থকা বতৰৰ তাৰতম্যৰ বাবেই শস্য ৰোপন আৰু চপোৱাৰ সময়ৰ মাজত পৃথকতাৱাৰ বাবে বিলাহীৰ ঋতুভিত্তিক মূল্যবৃদ্ধি হয়।তাৰোপৰি বিৰূপ বতৰৰ বাবে সাময়িৰভাৱে যোগান শৃংখলাত জন্মা ব্যাঘাত আৰু শস্য আদিৰ ক্ষতিৰ বাবেও প্ৰায়ে হঠাতে মূল্যবৃদ্ধি হোৱা দেখা যায়।

চৰকাৰে কয় যে, বৰ্তমাণ গুজৰাট, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰৰ আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা বিলাহীৰ যোগান আহিছে। দিল্লী আৰু নিকটৱৰ্তী চহৰ সমূহে হিমাচল প্ৰদেশ আৰু কৰ্ণাটকৰ পৰা মজুত লাভ কৰিছে। মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ পৰা আৰু নতুন শস্যৰ আগমণৰ সম্ভাৱনা আছে। গতিকে অতিশীঘ্ৰেই বিলাহীৰ মূল্য হ্ৰাস পাব বুলি আশ্বাস প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে।

বিলাহীৰ মূল্যবৃদ্ধি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ দৰ পৰীক্ষাৰ পদক্ষেপ, দাম কম হোৱাৰ সম্ভাৱণা
চৰকাৰী চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰাৰ পাছতেই দৃষ্টিশক্তি হেৰুৱালে ১৮ জনে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in