খ্ৰীষ্টমাছৰ বতৰত তুষাৰ শুভ্ৰ হিমাচলত পৰ্যটকৰ ভিৰ

খ্ৰীষ্টমাছৰ বতৰত তুষাৰ শুভ্ৰ হিমাচলত পৰ্যটকৰ ভিৰ
Published on
Updated on

ডিজিটেল ডেস্ক : প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ আকৰ হিমাচল প্ৰদেশ। তুষাৰ শুভ্ৰ হিমাচলৰ কোলাত আশ্ৰয় ল'বলৈ ভিৰ কৰিছে দেশী-বিদেশী পৰ্যটকে। খ্ৰীষ্টমাছৰ বতৰৰ লগতে নৱবৰ্ষৰ প্ৰাক্-ক্ষণত সহস্ৰাধিক পৰ্যটকে হিমাচলৰ নয়নাভিৰাম দৃশ্য উপভোগ কৰিবলৈ উপস্থিত হৈছে।

উল্লেখ্য যে বিগত সময়ছোৱাত ৰাজ্যখনত বিধ্বংসী বানপানীয়ে কালৰূপ ধাৰণ কৰিছিল। অৱশ্যে পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছতে ৰাজ্যখনত পুনৰ পৰ্যটকৰ সোঁত ব'বলৈ আৰম্ভ কৰিছে। চৰকাৰী হিচাপ অনুসৰি খ্ৰীষ্টমাছৰ দিনটোত তথা নৱবৰ্ষৰ প্ৰাক-মুহূৰ্ত্তত অটল টানেলত প্ৰায় ৬৫,০০০ পৰ্যটকৰ নাম পঞ্জীয়ণ কৰা হৈছে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- "আমি ৰাজ্যখনলৈ অহা ইমান সংখ্যক পৰ্যটকসকলক আদৰণি জনাইছো। লাখতকৈও অধিক অতিক্ৰম কৰি দেওবাৰে ৰোহটাঙৰ অটল টানেলত প্ৰায় ৬৫,০০০ পৰ্যটকৰ নাম ৰেকৰ্ড কৰা হৈছে।"

ইয়াৰোপৰি তেওঁ কয় আৰক্ষী-প্ৰশাসনৰ লোকসকলকৰ দায়িত্বৰ কথা স্বীকাৰ কৰি তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। স্থানীয় প্ৰশাসন আৰু আৰক্ষী বাহিনীয়ে -১২ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাত যান-বাহন পৰিচালনা কৰাৰ উপৰি পৰ্যটকৰ সুৰক্ষাৰ ক্ষেত্ৰত নিজ দায়িত্ব পালন কৰি আহিছে।

খ্ৰীষ্টমাছৰ বতৰত তুষাৰ শুভ্ৰ হিমাচলত পৰ্যটকৰ ভিৰ
চতিয়াত পিতৃৰ প্ৰহাৰত পুত্ৰৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in