সন্ত্ৰাসবাদী সংগঠনৰে জড়িত ২জনক গ্ৰেপ্তাৰ

সন্ত্ৰাসবাদী সংগঠনৰে জড়িত ২জনক গ্ৰেপ্তাৰ
Published on
Updated on

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী সংগঠনৰে জড়িত ২ জন সদস্য। মঙলবাৰে ৰাজ্যখনৰ চাক টাপৰ ক্ৰী অঞ্চলত চলা আৰক্ষীৰ এক অভিযানত নিষিদ্ধ ঘোষিত সংগঠন লস্কৰ-ই-তৈবাৰে জড়িত ২ ধৃতক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে উক্ত অঞ্চলটোৰ এখন গাঁৱৰ মাজৰে আহি থকা অৱস্থাত উক্ত সদস্যৰ আচৰণবিধি সন্দৰ্ভত আৰক্ষীৰ সন্দেহ ওপজে। সেয়ে আৰক্ষীয়ে লোক দুজনৰ পৰিচয় সন্দৰ্ভত জানিবৰ বাবে চেষ্টা কৰে।

কিন্তু অভিযানকাৰী আৰক্ষীৰ দলটোক দেখা মাত্ৰেই ধৃত লোক দুজন পলাই যাবলৈ চেষ্টা কৰে যদিও আৰক্ষীৰ দলটোৱে তেওঁলোকক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোক দুজনক আৰক্ষীয়ে তদন্ত কৰা পিচত বিভিন্ন তথ্য পোহৰলৈ আহে।

ধৃত লোক দুজনৰ পৰা আৰক্ষীয়ে পিষ্টল,সজীৱ গুলী,পৰিচয় পত্ৰ, আধাৰ কাৰ্ড আদি উদ্ধাৰ কৰে। আৰক্ষীৰ প্ৰাথমিক তদন্তৰ অন্তত দুয়োগৰাকীয়ে নিষিদ্ধ ঘোষিত সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে থকা সম্পৰ্কৰ কথা স্বীকাৰ কৰে।

সন্ত্ৰাসবাদী সংগঠনৰে জড়িত ২জনক গ্ৰেপ্তাৰ
গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in