চুৰিৰ সন্দেহঃ দুই কিশোৰক পান কৰোৱালে প্ৰস্ৰাৱ, গুপ্তাংগত সানি দিলে জলকীয়া

দেশত বৃদ্ধি হোৱা অপৰাধজনিত ঘটনাৰ সমান্তৰালৈ বৃদ্ধি পাইছে মৰেল পুলিচিঙৰ ঘটনাও। একাংশ উদণ্ড লোকে বিভিন্ন সময় হকে বিহকে আইন হাতত তুলি লোৱা দেখা যায়।

author-image
Asomiya Pratidin
New Update
চুৰিৰ সন্দেহঃ দুই কিশোৰক পান কৰোৱালে প্ৰস্ৰাৱ, গুপ্তাংগত সানি দিলে জলকীয়া

ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি হোৱা অপৰাধজনিত ঘটনাৰ সমান্তৰালৈ বৃদ্ধি পাইছে মৰেল পুলিচিঙৰ ঘটনাও। একাংশ উদণ্ড লোকে বিভিন্ন সময় হকে বিহকে আইন হাতত তুলি লোৱা দেখা যায়। গণ প্ৰহাৰৰ ফলত বহু নিৰ্দোষীলোকৰ প্ৰাণাহানি হোৱাৰ উদাহৰণো আছে।

পুনৰ এক মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰ জিলাত। য'ত দুই কিশোৰক চুৰিৰ সন্দেহত প্ৰস্ৰাৱ পি খাবলৈ দিয়ে লগতে গুপ্তাংগত জলকীয়া সানি দিয়ে। কেৱল ইমানতেই ক্ষান্ত নাথাকি বলপূৰ্বকভাৱে বেজী দিয়ে। অৱশ্যে কিহৰ বেজী দিয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই।

কিশোৰ দুটিৰ বয়স ১০ আৰু ১৫ বছৰ বুলি জানিব পৰা গৈছে। এই সমগ্ৰ ঘটনা এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ভিডিঅ'টোত দেখিবলৈ পোৱা অনুসৰি একাংশ যুৱকে তেওঁলোকক এই কাম কৰিব দিয়ে। লগতে প্ৰস্ৰাৱ পি নাখালে প্ৰহাৰ কৰাৰ ভাবুকি দিয়ে।

ভিডিঅ'টোত দেখিবলৈ পোৱা যায় যে কিশোৰ দুটা মাটিত পৰি আছে। তেওঁলোকৰ হাত বন্ধা। পেন্টটো খুলা আছে আৰু গুপ্তাংগত একাংশই জলকীয়া লগাই দি আছে। যন্ত্ৰনাত কিশোৰ দুটাই চিঞৰা দেখা গৈছে ভিডিঅ'টোত।

এই ভিডিঅ'টো ৪ আগষ্টৰ বুলি জানিব পৰা গৈছে। ভিডিঅ' আৰক্ষীয়ে লাভ কৰাৰ পাছতেই তদন্ত আৰম্ভ কৰে। বৰ্তনমানলৈকে ৬ জনলোকক আটক কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Also Read: মুখ্যমন্ত্ৰী অহাৰ পূৰ্বে ৰাজপথ মেৰামতি কৰাত ব্যস্ত লোক নিৰ্মান বিভাগৰ কৰ্মচাৰী

crime