ডিজিটেল ডেস্কঃ ৰাজনীতি ক্ষেত্ৰখনত ক'ত, কেতিয়া, কেনেকৈ পৰিস্থিতি সলনি হয় ক'বই নোৱাৰি। এন চি পি নেতা অজিত পাৱাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই ৰাজ্যখনৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন দেখা গৈছে। এইবাৰেই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও দুবাৰকৈ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল অজিত পাৱাৰে।
অজিত পাৱাৰৰ এই পদক্ষেপ বিৰোধীৰ বাবে এক ডাঙৰ পৰাজয় বুলি ক'ব পাৰি। যিসময়ত বিৰোধী একলগ হোৱাৰ চেষ্টা কৰি আছে তেনেসময়তে বিৰোধীৰ এনে ভাঙোনে যথেষ্ঠ নেতিবাচক প্ৰভাৱ পেলাব আগন্তুক নিৰ্বাচনত।
ইয়াৰ মাজতে উদ্ধৱ থাকৰেৰ নেতৃত্বাধীন শিৱসেনা(ইউবিটি)য়ে কয় যে, অতি সোনকালে অজিত পাৱাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ ঠাই ল'ব। শিৱসেনাৰ মুখপত্ৰ 'সামনা'ৰ সম্পাদকীয়ত দাবী কৰা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে কেৱল মহাৰাষ্ট্ৰই নহয়, দেশৰ ৰাজনীতিকো "বিশৃংখল" কৰি তুলিছে।
লগতে কয় যে, অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ অভিলেখ গঢ়িছে। তেওঁ ইয়াৰ বাবে তালৈ যোৱা নাই। কিছুদিন পাছত একনাথ সিন্দে আৰু বাকী বিধায়কক অযোগ্য ঘোষণা কৰি অজিত পাৱাৰত মুখ্যমন্ত্ৰীৰ মুকুট পিন্ধোৱা হব। ৰাজ্যৰ ৰাজনীতিত এনেধৰণৰ পৰম্পৰা নাই, গতিকে ইয়াক কোনোৱে সমৰ্থন নকৰিব।
উল্লেখ্য যে, দেওবাৰে মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে অজিত পাৱাৰে। ইয়াৰ লগতে প্ৰায় ৮গৰাকী বিধায়কে মন্ত্ৰীৰ পদ লয়। অজিত পাৱাৰৰ লগত এন চি পিৰ প্ৰায় ৪০ গৰাকী বিধায়কৰ সমৰ্থন আছে। মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ এই পৰিৱৰ্তনে এতিয়া কিছু পৰিমাণে শংকিত কৰিছে বিৰোধীক।
Also Read: হিংসা শেষ কৰাৰ আহ্বানেৰে আটক কৰি ৰখা ৫ মেইটেই যুৱকক মুকলি কৰি দিলে কুকিসকলে