উত্তৰাখণ্ড ৰাষ্ট্রীয় ঘাইপথত খহি পৰিল নিৰ্মীয়মাণ সুৰংগ পথৰ একাংশ : আৱদ্ধ ৩৬গৰাকী শ্রমিক

উত্তৰাখণ্ড ৰাষ্ট্রীয় ঘাইপথত খহি পৰিল নিৰ্মীয়মাণ সুৰংগ পথৰ একাংশ : আৱদ্ধ ৩৬গৰাকী শ্রমিক

author-image
Asomiya Pratidin
New Update
উত্তৰাখণ্ড ৰাষ্ট্রীয় ঘাইপথত খহি পৰিল নিৰ্মীয়মাণ সুৰংগ পথৰ একাংশ : আৱদ্ধ ৩৬গৰাকী শ্রমিক

ডিজিটেল ডেস্কঃ দেৱালীৰ দিনাই উত্তৰাখণ্ডত সংঘটিত হ'ল এক ভয়ংকৰ দুৰ্ঘটনা। উত্তৰাখণ্ডৰ উত্তৰকাশীত সংঘটিত হৈছে এই দুৰ্ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি ৰাষ্ট্রীয় ঘাইপথত নিৰ্মীয়মাণ সুৰংগ পথৰ একাংশ খহি পৰাৰ ফলত সুৰংগ পথৰ ভিতৰত আৱদ্ধ হৈ পৰিছে ৩৬গৰাকীকৈ শ্রমিক।

জানিব পৰা মতে, উত্তৰকাশীৰ ছিল্কয়াৰ পোল গাঁও বৰকোটত নতুনকৈ নিৰ্মাণ কৰা সুৰংগটোত সংঘটিত হয় এই দুৰ্ঘটনা।দেওবাৰে পুৱা ৫:৩০ বজাত শ্ৰমিক সকলে ভিতৰত কাম কৰি থকা অৱস্থাতে সুৰংগটোৰ মাটি খহি সুৰংগ পথটো বন্ধ হৈ যায়। আৰু ৩৬ জনকৈ শ্ৰমিক ভিতৰত আৱদ্ধ হৈ যায়।

প্ৰাপ্ত তথ্য অনুসৰি ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে উদ্ধাৰকাৰী দল সেই স্থানত উপস্থিত হৈ সুৰংগটো মুকলি কৰাৰ প্ৰয়াস কৰে। বৰ্তমান এনডিআৰএফ আৰু এছডিআৰএফৰ দল উপস্থিত হৈ সুৰংগটো মুকলি কৰাৰ চেষ্টা চলাই আছে। উল্লেখ্য যে, দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে উত্তৰকাশীৰ আৰক্ষী অধীক্ষকক ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয়। বৰ্তমানলৈ উপলব্ধ তথ্য অনুসৰি সকলো শ্ৰমিক নিৰাপদ বুলি জানিব পৰা গৈছে।

শনিবাৰে নিশাৰ প্ৰৱেশ অনুসৰি সুৰংগটোৰ ভিতৰত কাম কৰা শ্ৰমিকৰ সংখ্যা প্ৰায় ১৭৪ জন বুলি কোৱা হৈছে যদিও এই সংখ্যা ইয়াতকৈ বেছি হ’ব পাৰে। পুৱা ৫:৩০ বজাত সংঘটিত এই ঘটনাৰ পাছত বৰ্তমানলৈকে সুৰংগটোত ৩৬ জন শ্ৰমিক আৱদ্ধ হৈ আছে।

uttrakhand